অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

BIHAR ELECTION RESULT: বিহাৰৰ নিৰ্বাচনী ফলাফলে অসমৰ বিজেপি কার্যকর্তাক উৎসাহিত কৰিব আৰু ২০২৬ত বিজেপিয়ে প্রচণ্ড বিজয় সাব্যস্ত কৰিবঃ প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া

Spread the love

বিহাৰৰ নিৰ্বাচনী ফলাফলে অসমৰ বিজেপি কার্যকর্তাক উৎসাহিত কৰিব আৰু ২০২৬ত বিজেপিয়ে প্রচণ্ড বিজয় সাব্যস্ত কৰিবঃ প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া


DD TIMES গুৱাহাটী, ১৫ নৱেম্বৰ, ২০২৫ঃ বিহাৰ নিৰ্বাচনৰ ফলাফলে বিজেপি-জে ডি ইউ মিত্ৰজোঁটৰ ঐতিহাসিক বিজয়ে ভাৰতীয় জনতা পার্টী, অসম প্ৰদেশৰ কাৰ্যকৰ্তা সকলোকো দুগুন উৎসাহিত কৰি তুলিব আৰু ২০২৬ৰ অসমৰ বিধানসভা নির্বাচনত বিজেপি আৰু মিত্রজোঁটে প্রচণ্ড বিজয় সাব্যস্ত কৰিব বুলি ৰাজ্যিক বিজেপিৰ কার্যালয় বাজপেয়ী ভৱনত সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মন্তব্য কৰে।

সভাপতিগৰাকীয়ে কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে ২০১৪ চনৰ পৰা বিকশিত ভাৰতৰ লক্ষ্যৰে ভাৰতবৰ্ষৰ সকলো অঞ্চল সামৰি সমউন্নয়ন আৰু সমবিকাশৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কাজ কৰিছে বুলি উল্লেখ কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰৰ উন্নয়নমূলক আঁচনি তথা বিহাৰৰ বিজেপি-জে ডি ইউ মিত্ৰজোঁটৰ চৰকাৰখনৰ এক বিহাৰ শ্ৰেষ্ঠ বিহাৰ নিৰ্মাণৰ বাবে নিৰলস প্রচেষ্টাৰ ফলশ্রুতিত বিগত সময়ছোৱাত বিহাৰৰ সৰ্বস্তৰৰ উন্নয়ন সম্ভৱ হৈছে।

যাৰ ফলত বিহাৰৰ জনসাধাৰণে এইবাৰ বিধানসভা নির্বাচনত বিজেপি-জে ডি ইউ মিত্রজোঁটক হিলদল ভাঙি ইভিএমৰ জৰিয়তে আর্শীবাদ প্রদান কৰিছে। উল্লেখ্য যে, আজি বিহাৰৰ নিৰ্বাচনী ফলাফলত নিতিশ কুমাৰৰ নেতৃত্বাধীন জে ডি ইউ আৰু ভাৰতীয় জনতা পার্টী তথা মিত্রজোঁটৰ বৃহৎ বিজয়ে পুনৰবাৰ বিহাৰত ৰাষ্ট্ৰীয়তাবাদক প্রতিষ্ঠা কৰিলে বুলি মত প্রকাশ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে বিহাৰৰ জনগণক ভাৰতীয় জনতা পার্টি-জে ডি ইউ মিত্রজোঁটক আর্শীবাদ প্রদান কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে, জনসংঘৰ প্ৰতিষ্ঠাপক পণ্ডিত দিনদয়াল উপাধ্যায়ৰ সৃষ্টি একাত্ম মানৱতাবাদৰ দৰ্শনক শিৰোগত কৰি নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু নিতিশ কুমাৰৰ নেতৃত্বাধীন জে ডি ইউ আৰু ভাৰতীয় জনতা পার্টি তথা মিত্ৰজোঁটৰ বিগত চৰকাৰখনে বিহাৰত সকলোৰে বাবে খোৱা পানী, বিজুলীবাতি, পকাঘৰ, স্বনিৰ্ভৰশীলতাৰ বিভিন্ন আঁচনিৰ জৰিয়তে মহিলা সৱলীকৰণ, যুৱক সকলৰ বাবে নিবনুৱা ভাট্টা আদি আঁচনিয়ে দৰিদ্ৰজনৰ সকাহ দিয়াৰ লক্ষ্যৰে কাম কাজ কৰিছিল।

যাৰ ফলশ্ৰুতিত বিহাৰৰ জনসাধাৰণে এককভাৱে ভাৰতীয় জনতা পার্টি আৰু জে ডি ইউ মিত্রজোঁটক ভোটদান কৰি বিৰোধীক ধূলিস্যাৎ কৰিলে।

এই নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছৰ সংখ্যালঘু তুষ্টিকৰণ আৰু বিহাৰক জাতি ভিত্তিক বিভাজনৰ ৰাজনীতিক জনসাধাৰণে নস্যাৎ কৰিলে বুলি সভাপতি গৰাকীয়ে মন্তব্য কৰে।

আনহাতে, বিহাৰৰ নিৰ্বাচনী ফলাফলে অসমৰ আগন্তুক বিধানসভা নির্বাচনত প্রভাৱ পেলাব বুলি মন্তব্য কৰি নেতাজনে কয় যে, কংগ্ৰেছ দল বর্তমান এক দূৰন্ত সূৰ্য্য আৰু বিহাৰত এই কথা প্রমাণিত হ’ল।

কংগ্ৰেছৰ লগত লালু যাদৱৰ আৰ জে ডি দলৰ দৰে শক্তিশালী ৰাজনৈতিক দলটোৱে মিত্রতা স্থাপন কৰি এইবাৰ নিৰ্বাচনত মুখ থেকেচা খাব লগা হ’ল।

অনুৰূপ ধৰণেৰে অসম কংগ্ৰেছৰ লগত অসমৰ কেইটামান আঞ্চলিক ৰাজনৈতিক দলে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে মিত্ৰতা স্থাপনৰ যি কুচকাৱাজ কৰিছে তাৰ ফলাফল নিৰ্বাচনত সাৰ শূণ্য হ’ব বুলি মন্তব্য কৰি সভাপতি গৰাকীয়ে কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ অৱস্থা আগন্তুক বিধানসভা নির্বাচনত বিহাৰতকৈও বেয়া হ’ব বুলি ভবিষ্যৎ বাণী কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!