অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

AGP ASSAM: কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক অসম গণ পৰিষদৰ পূৰ্ণ সমৰ্থন

Spread the love

কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক অসম গণ পৰিষদৰ পূৰ্ণ সমৰ্থন

অসম দ্বিখণ্ডিত হোৱাটো নিবিচাৰোঃ সাংসদ ফণীভূষণ চৌধুৰী

পূৰ্বৰ তুলনাত শক্তিশালী হৈছে অগপ, সেয়ে আগন্তুক বিধান সভা নিৰ্বাচনত বৃদ্ধি পাব আসনো

DD TIMES বঙাইগাঁও, ১২ নৱেম্বৰঃ কোচ ৰাজবংশীকে ধৰি অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি অসম গণ পৰিষদ দলৰ পূৰ্ণ সমৰ্থন আছে ৷ এই মন্তব্য জ্যেষ্ঠ অগপ নেতা তথা বৰপেটা লোক সভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ ৷

মঙলবাৰে বঙাইগাঁৱত আক্ৰাছুৰ নেতৃত্বৰে আলোচনাত মিলিত হোৱাৰ পিচত সংবাদ মাধ্যমৰ আগত সাংসদ চৌধুৰীয়ে এই কথা প্ৰকাশ কৰে ৷ উল্লেখ্য যে আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ আগমুহূৰ্তত ৰাজ্যখনত পুনৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলন তীব্ৰতৰ হোৱাৰ সময়তে অগপ দলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত দলৰ স্থিতি স্পষ্ট কৰিছে ৷

এই ক্ষেত্ৰত বিষষটো সন্দৰ্ভত দলৰ স্থিতি অৱগত কৰাৰ বাবে মঙলবাৰে বঙাইগাঁৱত আক্ৰাছুৰ সভাপতি মনোজ ৰায়, সাধাৰণ সম্পাদক বলোৰাম বৰ্মনকে ধৰি সংগঠনটোৰ এটা প্ৰতিনিধিৰে সাংসদ চৌধুৰী আলোচনাত মিলিত হয় ৷

আলোচনাকালত অগপ নেতা গৰাকীয়ে আক্ৰাছুৰ নেতৃত্বক কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত দলৰ সমৰ্থনৰ কথা উল্লেখ কৰে ৷ লগতে এই সন্দৰ্ভত আনুষ্ঠানিকভাবে আলোচনাত বহিব বুলিও কয় ৷ ইপিনে আলোচনাৰ পিচত সংবাদ মাধ্যমৰ আগত অগপ নেতা চৌধুৰীয়ে কয় যে আজিৰ পৰা কিছুদিন পূৰ্বে অসম গণ পৰিষদ দলৰ এখন দিকনিৰ্ণয় সভা অনুষ্ঠিত হৈছিল ৷

সভাত দলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যি দাবী সেই দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইয়াৰ পিচতে ছয় জনগোষ্ঠীৰ যিসকল নেতৃত্ব আছে তেওঁলোকক লগ কৰাৰ বাবে সিদ্ধান্ত হৈছে ৷

তাৰ অংশ হিচাপে তেঁও আক্ৰাছুৰ নেতৃত্বৰ সৈতে বঙাইগাঁও জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত আলোচনাত মিলিত হয় ৷ ইয়াৰ পিচতে সাংসদগৰাকী ডিব্ৰুগড় আৰু তিনিচুকীয়ালৈ ৰাওনা হ’ব বুলি কৈ তাত গৈ দুদিন মৰাণ, মটক, চুতীয়া, আহোম আৰু চাহ জনগোষ্ঠীৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হ’ব আৰু এক সিদ্ধান্তত উপনীত হ’ব বুলি কয় ৷

আনহাতে জনজাতিকৰণৰ বিষয়টোকলৈ বৰ্তমান সপক্ষে – বিপক্ষে যি বাতাবৰণৰ সৃষ্টি হৈছে, সেই সমস্যাৰো আলোচনাৰ মাধ্যমেৰে সমাধান হ’ব বুলি আশা ব্যক্ত কৰে ৷ ইপিনে আদিত্য খাখলাৰী, টংকেশ্বৰ ৰাভাই সোমবাৰে সমাৱেশত কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কৰা বিৰোধিতা সন্দৰ্ভত কয় যে তেওঁলোকে নিজৰ নিজৰ মতামত প্ৰকাশ কৰিছে ৷

ইতিমধ্যে চৰকাৰখনে এই সন্দৰ্ভত বহুবাৰ ট্ৰাইবেল সংঘৰ লগত আলোচনাত মিলিত হৈছে আৰু এতিয়া যিহেতু এটা স্পষ্ট পাৰ্থক্য পৰিলক্ষিত হৈছে নিশ্চতভাবে চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিব ৷ আক্ৰাছুৰ পৃথক কমতাপুুৰ ৰাজ্যৰ দাবীৰ বিষয়ত অগপ নেতাগৰাকীয়ে কয় যে এই মুহূৰ্তত মই জানো যে আক্ৰাছুৰ মূল দাবীটো হৈছে জনজাতিকৰণ ৷ গতিকে পৃথক কমতাপুৰ ৰাজ্যৰ দাবীটো চলি আছে আৰু পৰৱৰ্তী পৰ্যায়তো চলি থাকিব ৷

কিন্তু আজিৰ দিনটোত গৰম বিষয়টো হৈছে জনজাতিকৰণ ৷ অগপ নেতা গৰাকীয়ে পূৰ্বে অসম দ্বিখণ্ডিত হোৱাটো নিবিচৰা বুলি কৰা মন্তব্য সন্দৰ্ভত তেওঁ পুনৰ কয় যে মই এতিয়াও সেই কথাটো কম আৰু অলৰঅচৰ আছো ৷ মই অসম দ্বিখণ্ডিত হোৱাটো নিবিচাৰো ৷ অসমখন ইতিমধ্যে বহু সৰু হৈ গ’ল ৷

গতিকে আৰু যদি সৰু হৈ যায় তেতিয়াহলে আমি অসমীয়া কোন আৰু অসমবাসী কোন তাকলৈ এটা প্ৰশ্নৰ অৱতাৰণা হ’ব ৷ এই কাৰণে যি কোনো প্ৰকাৰে আমি অসমত বাস কৰা অসমীয়া মানুহখিনি সমিল মিলেৰে ঐক্যবদ্ধভাবে আগবাঢ়ি যোৱাটো উচিত বুলি বিবেচনা কৰো ৷ অগপ – বিজেপিৰ মিত্ৰতা সন্দৰ্ভত কয় যে বৰ্তমান চলি থকা মিত্ৰতা ২০২৬ চনৰ নিৰ্বাচনলৈকে চলি আছে ৷

২০২৬ চনত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু নিশ্চতভাবে পুনৰ নতুনকৈ মিত্ৰতাৰ কথাটো অৱতাৰণা হ’ব ৷ মিত্ৰতাৰ কথাটো অহাৰ লগে লগে আসনৰ ভাগ বতোৱাৰাৰ কথাটো আহিব ৷ অসম গণ পৰিষদ এটা আঞ্চলিক ৰাজনৈতিক দল ৷ অগপই দুটা কাৰ্যকাল শাসন কৰিছো ৷ অসমৰ ৮২-৮৩ টা সমষ্টিত জয়ী হৈছো ৷ দলটোৰ তৃণমূল পৰ্যায়ত এটা সংগঠন আছে ৷ প্ৰতিটো সমষ্টিতে দলৰ এটা সংগঠন আছে ৷

গতিকে নিশ্চতভাবে আমাৰ য’ত য’ত দলৰ সংগঠন শক্তিশালী অৱস্থাত আছে সেই সমষ্টিসমূহ বিচৰাতো কোনো অপৰাধ হ’ব নোৱাৰে ৷ যেতিয়া মিত্ৰতাৰ খাতিৰত আলোচনা – বিলোচনা হ’ব তেতিয়া আসনৰ ভাগ বতোৱাৰাৰ বিষয়টোৱে প্ৰাধন্য পাব আৰু সময়ত স্পষ্ট হ’ব ৷

আনহাতে পূৰ্বতকৈ দলে এইবাৰ অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আগবঢ়া সন্দৰ্ভত সাংসদ গৰাকীয়ে কয় যে এইবাৰৰ সমষ্টিসমূহৰ যি গাঁঠনি সেই গাঁঠনি সলনি হৈছে ৷ নিশ্চতভাবে সেই কাৰণে আমি বেছি বিচাৰিম আৰু আমাৰ সংগঠনটোও এতিয়া বৃদ্ধি পাইছে ৷ একেৰাহে দুটাদিন আমি দলৰ সভা অনুষ্ঠিত কৰিছো ৷ যিটো অগপ দলৰ ইতিহাসত নাই ৷ আমি দলকলৈ বহু গুৰুত্ব দিছো ৷

অসম গণ পৰিষদ দলৰ শক্তি আৰু সংগঠন ক্ৰমাগতভাবে বৃদ্ধি পাবলৈ ধৰিছে বুলি কয়৷ অৱশ্যে ইয়াৰ কাৰণবোৰ উল্লেখ নকৰাকৈ তেওঁ কয় যে দলৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে আৰু ইয়াৰ ফলতে দলটোৰ শক্তি পূৰ্বতকৈ বৃদ্ধি পইছে ৷ ইপিনে কনৰাড কে চাংমাৰ নেতৃত্বত গঠিত ‘ৱান নৰ্থ ইষ্ট’ নামৰ মঞ্চত অগপ দল চামিল হ’ব নে নহ’ব সেই সন্দৰ্ভত দলৰ মজিয়াত আলোচনা হোৱাৰ পিচতহে নেতৃত্বই সিদ্ধান্ত গ্ৰহণ কৰিব বুলি কয়৷ লগতে কয় যে কনৰাড চাংমাৰ লগত আমাৰ পূৰ্বৰে পৰা যোগাযোগ আছে যদিও ‘নেডা’ ভংগ হোৱাৰ পিচত যোগাযোগ হোৱা নাই ৷ সেয়ে কনৰাড চাংমাৰ এই নতুন সিদ্ধান্তটো দলৰ মজিয়াত চালি জাৰি চোৱাৰ পিচতহে আদৰণী জনোৱা নজনোৱা কথাবোৰ আহিব ৷

মই অকলে আদৰণী জনোৱাৰ বুলি কলে ভুল কোৱা হ’ব ৷ ইপিনে আগন্তুক বিধানসভা নিৰ্বাচনত অগপৰ আসন বৃদ্ধি পাব বুলি কৈ কয় যে দলটোৰ ২০২১ ৰ তুলনাত বৰ্তমান স্থিতি শক্তিশালী হৈছে ৷ সেয়ে নিশ্চতভাবে আসনো বৃদ্ধি পাব ৷

সাংসদগৰাকীয়ে দিল্লীৰ বিস্ফোৰণৰ ঘটনাক গৰিহণা জনাই ইয়াৰ লগত জড়িতসকলক তদন্তৰ জৰিয়তে চৰকাৰে চিনাক্ত কৰি নজিৰবিহীন শাস্তিৰ সন্মুখীন হোৱাৰ ব্যৱস্থা কৰিব বুলি কয় ৷ লগতে কয় যে ইয়াৰ পূৰ্বেও ভাৰতবৰ্ষত সংঘটিত এনে ধৰণৰ বিস্ফোৰণ তথা বিভিন্ন ঘটনাৰ সৰহ সংখ্যকতে চুবুৰীয়া ৰাষ্ট্ৰ জড়িত আছে ৷

গতিকে এই ঘটনাটোতো চুবুৰীয়া ৰাষ্ট্ৰ জড়িত থকাটোত কোনো আচৰিত হ’বলগীয়া নাই ৷ নিশ্চতভাৱে কোনোবা বহিঃশক্তি ইয়াত জড়িত হৈ আছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!