অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

AGP ASSAM: ৰাজ্যজুৰি অগপৰ জাতীয় স্বাভিমান দিৱস

Spread the love

১৮ নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন
ৰাজ্যজুৰি অগপৰ জাতীয় স্বাভিমান দিৱস

সহস্ৰাধিক যুৱ, ছাত্ৰৰ সদস্যই কৰিব ৰক্তদান

DD TIMES গুৱাহাটী ১২ নবেম্বৰঃ অহা ১৮ নবেম্বৰ তাৰিখে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনটো ৰাজ্যজুৰি অসম গণ পৰিষদ দলে জাতীয় স্বাভিমান দিৱস ৰূপে পালন কৰিব।


আজি এই সন্দৰ্ভত আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত এখনি সংবাদ মেলত দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই কয় যে, উক্ত দিনা দলৰ প্ৰতিখন বিধান সভা সমষ্টি সমিতিয়ে বিস্তৃত কাৰ্য্যসূচীৰে জাতীয় স্বাভিমান দিৱস পালন কৰিব।

কাৰ্য্যসূচীৰ ভিতৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, নাহৰকে ধৰি গছ পুলি ৰোপন, প্ৰকৃতি বন্ধু আৰু কিতাপৰ বন্ধুক সম্বৰ্ধনা, প্ৰাণৰ শিল্পী জুৱিন গাৰ্গৰ গীত পৰিবেশন, জুবিন গাৰ্গৰ স্বাভিমানী সত্বাৰ ওপৰত নিৰ্দিষ্ট বক্তাৰ ভাষণ, সন্ধিয়া দলীয় কাৰ্য্যালয় অথবা ৰাজহুৱা স্থানত বন্তি প্ৰজ্বলন।


ইয়াৰ উপৰিও দলৰ যুৱ সংগঠন আৰু ছাত্ৰ সংগঠন অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদৰ সহস্ৰাধিক সদস্যই প্ৰতিখন জিলা সদৰত ৰক্তদান কৰিব।

ইতিমধ্যে কেইবাশতাধিক সদস্যই ৰক্তদানৰ বাবে নাম পঞ্জীয়ন কৰিছে বুলি সংবাদ মেলত সাধাৰণ সম্পাদকগৰাকীয়ে অৱগত কৰে। সংবাদ মেলত দলৰ সাধাৰণ সম্পাদক সুনীল ডেকা, প্ৰচাৰ সম্পাদক অংশুমান দত্ত আদি উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!