অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

WORLD RANKING TENNIS TOURNAMENT 2025: গুৱাহাটীত আই টি এফ বিশ্ব ৰেংকিং মাষ্টাৰ্ছ এম টি ২০০ টেনিছ আৰম্ভ

Spread the love

গুৱাহাটীত আই টি এফ বিশ্ব ৰেংকিং মাষ্টাৰ্ছ এম টি ২০০ টেনিছ আৰম্ভ

DD TIMES গুৱাহাটী, ১০ নৱেম্বৰঃ সৰ্বভাৰতীয় টেনিছ সন্থা আৰু আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা আই টি এফ মাষ্টাৰ্ছ এম টি২০০ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাখন আজিৰে পৰা মহানগৰীৰ চচলস্থিত টেনিছ প্ৰকল্পত আৰম্ভ হৈছে৷

আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ বিশ্ব ৰেংকিঙৰ প্ৰতিযোগিতাখনৰ প্ৰথমদিনা পুৰুষ আৰু মহিলাৰ একক শাখাৰ খেলসমুহ অনুষ্ঠিত হয়৷

মুঠ চাৰিটা বয়স শাখাৰ প্ৰতিযোগিতাখনত ভাৰতীয় খেলুৱৈৰ লগতে পুৰুষৰ এককত ৪৫ বছৰ বয়সৰ গ্ৰুপত জাৰ্মানীৰ ডেনিয়েল জেন ভাৰতৰ সুভাষ কলিতাক ৬-৩, ৬-০ ত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে বিদেশৰ আন এজন খেলুৱৈ শ্লোভাকিয়াৰ পিটাৰ জাংকুস্কাই পুৰুষৰ এককৰ ৪৫ূ বয়সৰ গ্ৰুপত ভাৰতৰ ৰাজীৱ বৰাক ৬-৩, ৬-১ ৰ পোনপটিয়া ছেটত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷

আজি হোৱা অন্য খেলত পুৰুষৰ এককৰ ৫৫ বছৰ শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ভেংকটেশে দিগন্ত বৰদলৈক তথা এই শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ৰণদ্বীপ বৰুৱাই অৰুণ কুমাৰক, শৰদ ৰাজেশ হেনৰীয়ে আখতাৰ হুছেইনক আৰু মামাৱিয়া লালথানমাৱিয়াই সঞ্জয় কুমাৰক পৰাস্ত কৰে৷

ইফালে, পুৰুষৰ ৪৫ বছৰ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত শ্বাহনাৱাজ জাফৰে জাৰিফ আহমেদক তথা নাগামখোলেট হাওকিপে অলকেশ শইকীয়াক পৰাস্ত কৰে৷

পুৰুষৰ ৩৫ বছৰ শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত অক্ষয় পাঞ্জাবী, ৰাহুল বুঢ়াগোহাই, প্ৰচুয্য বৰবৰুৱা, ছালিন চৌধুৰী, সম্ৰাট মহন্ত, ছাংকি আগৰৱালা আৰু অনুজ প্ৰতিম শৰ্মাই নিজৰ নিজৰ মেচত জয় হৈ অগ্ৰগতি লাভ কৰে৷

ইফালে, মহিলাৰ এককৰ ৩৫ বছৰ বয়স শাখাৰ ৰাউণ্ড ৰবিন লীগ মেচত ৰাণী মাৰৱা কৌৰে পি ৰেখা বৰা আমচিক পৰাস্ত কৰে৷

আনহাতে, মহিলাৰ ৪৫ বছৰ বয়স শাখাৰ খেলত চুনুমনি বৰকটকীয়ে শ্লোভাকিয়াৰ ছিলভিয়া জাংকুছক’ভাক পোনপটিয়া ছেটত হৰুৱায়৷ তদুপৰি মহিলাৰ ৫৫ূবছৰ শাখাৰ মেচত ববিতা মোহন লাংথাছাই অনুসূয়া বৰুৱাক পৰাস্ত কৰে৷

কাইলৈ পুৰুষ আৰু মহিলাৰ এককৰ লগতে ডাবলছ তথা মিক্সড ডাবলছৰ খেল অনুষ্ঠিত হ’ব৷ ইফালে, ১৪ নৱেম্বৰত আই টি এফ মাষ্টাৰ্ছ প্ৰতিযোগিতাখন সমাপ্ত হোৱাৰ পাছতে অহা ১৭-২২ নৱেম্বৰলৈ চচল প্ৰকল্পত দ্বিতীয়খন আন্তৰ্জাতিক প্ৰতিযোগিতা আই টি এফ জুনিয়ৰ [জে ৬০] টেনিছ অনুষ্ঠিত হ’ব৷

ল’ৰা-ছোৱালীৰ উক্ত প্ৰতিযোগিতাখন ১৮ বছৰ অনূধ্বৰ্ শাখাৰ৷ ১৭ নৱেম্বৰৰ পৰা মুল ৰাউণ্ডৰ খেল অনুষ্ঠিত হোৱাৰ পূৰ্বে ১৫-১৬ নৱেম্বৰত দুদিনীয়াকৈ কোৱালিফায়িং ৰাউণ্ডৰ খেল হ’ব৷

ইতিমধ্যে প্ৰতিযোগিতাত আয়োজক ভাৰতসহ ১৫খন দেশৰ খেলুৱৈয়ে নাম পঞ্জিয়ন কৰিছে৷ প্ৰতিযোগিতাত এককৰ লগতে ডাবলছ তথা মিক্সড ডাবলছৰ খেল অনুষ্ঠিত হ’ব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!