Elefant foot yam: প্ৰকৃতি বাৰ্তাঃ ওল কচু
ওল কচু (Elefant foot yam)
বৈজ্ঞানিক নাম-Amorphophallua spp

কচু জাতীয় পাচলি বিলাকৰ ভিতৰত ওল কচু উত্তম বনৌষধি উদ্ভিদ।

খাবলৈ সোৱাদ লগা যদিও ওল কচুৱে বহুত খজুৱাই। সেয়ে কাটোতে অলপ সাৱধানে কাটিব লাগে। নহ’লে ৰ’দত অলপ শুকুৱাই ল’ব লাগে।
ওল কচু ঔ টেঙা দি, মাছৰ আঞ্জা, মাংসৰ আঞ্জা, বিবিধ টেঙা দি ৰন্ধা আঞ্জা, পিটিকা কৰি, আচাৰ বনাই খাব পাৰি।

ওল কচু চকল-চকলকৈ কাটি ৰ’দত শুকুৱাই বহু দিনলৈকে খাব পাৰি।
এই ওল কচু শুকুৱাই গুৰি কৰিও খাব পাৰি।

ওল কচু তৃপ্তিদায়ক পাচলি হোৱাৰ লগতে বহুতো ঔষধি গুণেৰেও ভৰপুৰ—
অৰ্শ ৰোগীৰ বাবে ওল কচু মহৌষধ।
পাচনতন্ত্ৰ শক্তিশালী কৰে। হজম ক্ষমতা বঢ়ায়। কৌষ্ঠকাঠিন্যতাৰ সমস্যা দূৰ কৰে।
তেজত জমা হোৱা অপকাৰী কলেষ্টৰল আঁতৰ কৰে।
পটাছিয়াম, কেলছিয়াম, ফচফৰাছ, মেগনেছিয়াম আদিৰে সমৃদ্ধ ওল কচু নিয়মিয়াকৈ খালে মগজু সুস্থ -সবল হৈ থকাৰ লগতে স্মৃতি শক্তি বাঢ়ে।
শৰীৰৰ ছাল, চুলি, দাঁতৰ কাৰণে ওল কচু উপকাৰী।
জ্বৰ, পানীলগা-কাহ আদিত ওল কচু খালে উপকৃত হয়।
বাত বিষত ওলকচু পুৰি পিটিকা কৰি মিঠাতেল বা ঘিউ মিহলাই খালে উপকাৰ পোৱা যায়।
ডায়েবেটিছৰ সমস্যাত ওল কচু উপযোগী পাচলি।
আয়ুৰ্বেদ শাস্ত্ৰৰ মতে, ওল কচুৱে কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
ওল কচু খালে শৰীৰত বিভিন্ন হ’ৰমন স্বাভাৱিক মাত্ৰাত থাকে।
ওল কচুৱে শৰীৰৰ পৰা অপকাৰী বিষাক্ত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে।
শৰীৰত বয়সৰ চাপ সহজে পৰিব নিদিয়ে ওল কচুৱে। ছাল নিমজ কৰে।
উৎসঃ সামাজিক মাধ্যম ‘ফেচবুক’

