MARIGAON: মৰিগাঁৱত ৰাজসাহায্যযুক্ত অত্যাৱশ্যকীয় সামগ্ৰী যোগান আঁচনিৰ শুভাৰম্ভ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা ৰাজসাহায্যযুক্ত অত্যাৱশ্যকীয় সামগ্ৰী যোগান আঁচনিৰ শুভাৰম্ভ
মৰিগাঁৱত আঁচনিৰ শুভাৰম্ভ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

DD TIMES মৰিগাঁও, ১০ নৱেম্বৰঃ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ আঁচনি শুভাৰম্ভ কৰে।

অসম চৰকাৰে ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকৰ খাদ্য সুৰক্ষাৰ দ্বাৰা পৰিপুষ্টি নিশ্চিতকৰণৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।
এই আঁচনিৰ লক্ষ্য হৈছে ৰাজ্যৰ যোগ্য পৰিয়ালসমূহলৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সুলভ মূল্যত যোগান ধৰা। ইয়াৰ অধীনত যোগ্য হিতাধিকাৰীয়ে এক কিলোকৈ মচুৰ দাইল (৬৯ টকা), চেনি (৩৮ টকা) আৰু নিমখ (১০ টকা) মাত্ৰ ১১৭ টকাতে লাভ কৰিব যি হৈছে বজাৰ মূল্যতকৈ যথেষ্ট কম। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত বৰ্তমান ৰাজ্যখনত থকা প্ৰায় ৭০ লাখ পৰিয়ালে এই বিশেষ আঁচনিৰ সুবিধা লাভ কৰিব আৰু প্ৰায় ২.৪৫ কোটি হিতাধিকাৰী উপকৃত হ’ব।

এই কেন্দ্ৰীয় অনুষ্ঠানৰ সৈতে সংগতি ৰাখি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই মৰিগাঁও জিলাৰ জাগীৰোডৰ শিলচাঙত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা পৰ্যায়ত আঁচনিখনৰ শুভাৰম্ভ কৰে।
মন্ত্ৰী হাজৰীকাই তেওঁৰ ভাষণত কয় যে এই আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীয়ে বজাৰ মূল্যতকৈ যথেষ্ট কম মূল্যত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী লাভ কৰিব, আৰু আগন্তুক জানুৱাৰী মাহৰ পৰা ১০০ টকা মূল্যত এই তিনিবিধ সামগ্ৰী উপলব্ধ কৰোৱা হ’ব।

আজিৰ পৰাই প্ৰথমবাৰৰ বাবে সকলো সুলভ মূল্যৰ দোকানত এই সামগ্ৰীসমূহ ৰাজসাহায্যযুক্ত দৰত যোগান ধৰা হৈছে।
তেওঁ কয় যে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকৰ বাবে দায়বদ্ধতা প্ৰদৰ্শন কৰি খাদ্য সুৰক্ষাৰ পৰা পৰিপুষ্টি নিশ্চিতকৰণৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।
এই উপলক্ষে তেওঁ কয়, “অন্ত্যোদয় আমাৰ লক্ষ্য, উদ্দেশ্য আৰু অভিযান।
এই আঁচনিৰ জৰিয়তে আমি এক কল্যাণকামী ৰাজ্য প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এক নতুন মানদণ্ড স্থাপন কৰিছো, য’ত প্ৰতিজন নাগৰিক পুষ্টি সুৰক্ষাৰ আওতালৈ আহিছে।”
এই যুগান্তকাৰী পদক্ষেপৰ জৰিয়তে অসম চৰকাৰে ৰাজ্যৰ খাদ্য সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এক দৃঢ় প্ৰতিবদ্ধতা প্ৰদৰ্শন কৰিছে বুলি মন্ত্ৰী হাজৰীকাই কয়।

