অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

PROFESSOR: অধ্যাপক ড° দিলীপ কুমাৰ চৌধুৰীৰ বিয়োগত অসম জাতীয় পৰিষদৰ শোকপ্ৰকাশ

Spread the love

অধ্যাপক ড° দিলীপ কুমাৰ চৌধুৰীৰ বিয়োগত অসম জাতীয় পৰিষদৰ শোকপ্ৰকাশ

অধ্যাপক ড° দিলীপ কুমাৰ চৌধুৰীৰ বিয়োগত পদাৰ্থ বিজ্ঞানে হেৰুৱালে এটি ধ্ৰুৱতৰাঃ অজাপ

DD TIMES গুৱাহাটী, ৯ নৱেম্বৰঃ দেশৰ এগৰাকী বৰেণ্য শিক্ষাবিদ, পদাৰ্থ বিজ্ঞানৰ ধ্ৰুৱতৰা অধ্যাপক ড° দিলীপ কুমাৰ চৌধুৰীৰ দেহাৱসানত শোকপ্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছবাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° দিলীপ কুমাৰ চৌধুৰীৰ বিয়োগৰ খবৰটোৱে আমাক বেদনাহত কৰিছে।

নলবাৰীৰ নিজ পকোৱা গাঁৱৰ পৰা গৈ বিশ্বৰ পদাৰ্থ বিজ্ঞানৰ বিদ্যায়তনিক ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়োৱা অধ্যাপকগৰাকীৰ বিয়োগ অসমৰ শৈক্ষিক আৰু সামাজিক জীৱনৰ বাবে অপূৰণীয় ক্ষতি।

বিশ্বৰ কেইবাগৰাকীও নোবেল বঁটা বিজয়ীয়ে তেখেতসকলৰ গৱেষণা-পত্ৰত ড° দিলীপ কুমাৰ চৌধুৰীৰ প্ৰসংগ উল্লেখ কৰিছিল।

এইগৰাকী নীৰৱ সাধক, অত্যন্ত মিতভাষী শিক্ষাসদীগৰাকীৰ বিয়োগত অসমৰ শৈক্ষিক ক্ষেত্ৰই এটি ধ্ৰুৱতৰা হেৰুৱালে।

কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত পদাৰ্থবিদগৰাকীলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছোঁ।

অসমৰ সমাজ জীৱনলৈ অধ্যাপক ড° চৌধুৰীৰ অৱদান চিৰস্মৰণীয় হৈ ৰ’ব।’’

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!