অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

ZUBEEN GARG: ১০০ গৰাকী ব্যক্তিৰ বিশেষ লেখাৰে ‘জুবিন গাৰ্গ… ইত্যাদি’ৰ পৰিবৰ্ধিত সংকলনৰ উন্মোচন

Spread the love

১০০ গৰাকী ব্যক্তিৰ বিশেষ লেখাৰে ‘জুবিন গাৰ্গ …ইত্যাদি’ৰ পৰিবৰ্ধিত সংকলনৰ উন্মোচন

জুবিন গাৰ্গৰ বাসগৃহত পিতৃয়ে উন্মোচন কৰিলে ‘জুবিন গাৰ্গ …ইত্যাদি’

DD TIMES গুৱাহাটী, ৯ নৱেম্বৰঃ দেওবাৰে কাহিলীপাৰাস্থিত বাসগৃহত তেওঁৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ (কপিল ঠাকুৰ)দেৱে উন্মোচন কৰে ‘জুবিন গাৰ্গ… ইত্যাদি’ গ্ৰন্থখনিৰ পৰিবৰ্ধিত সংকলন।

উল্লেখ্য যে ২০১৫ চনত জুবিন গাৰ্গৰ জন্মদিনত জোনাক যুগান্তৰ বৰাৰ সম্পাদনাত প্ৰথম প্ৰকাশ পাইছিল ‘জুবিন গাৰ্গ… ইত্যাদি’ সংকলখনি।

দহ বছৰৰ পাছত আজি তাৰেই পৰিবৰ্ধিত সংস্কৰণটিৰ উন্মোচন কৰা হয়। গ্ৰন্থখনিত সন্নিৱিষ্ট হৈছে জুবিন গাৰ্গৰ জীৱনৰ বহু উল্লেখযোগ্য ব্যক্তিৰ কথা-কাহিনী, উল্লেখনীয় সময়ৰ ঘটনা-পৰিঘটনা।

পত্নী গৰিমা শ‌ইকীয়া গাৰ্গৰ লগতে সৰ্বমুঠ ১০০ গৰাকী অগ্ৰজ আৰু নৱপ্ৰজন্মৰ লেখকৰ কলমত প্ৰকাশ পাইছে জুবিন গাৰ্গৰ জীৱন আৰু দৰ্শন।

২০০৬ চনতে জুবিন গাৰ্গে দিয়া এটি বিশেষ সাক্ষাৎকাৰো সন্নিবিষ্ট হৈ আছে। পৰিবৰ্ধিত সংকলনটিৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে সংকলনটিৰ সম্পাদক জোনাক যুগান্তৰ বৰা, প্ৰকাশক গোকুল কলিতা, সংগীতশিল্পী ভদ্ৰকান্ত দাস, সংগীত পৰিচালক আলাপ দুদুল শ‌ইকীয়া, জুবিন গাৰ্গৰ সহপাঠী তথা ছবি পৰিচালক জয়ন্ত বৰদলৈ, সাংস্কৃতিক সাংবাদিক অনুপম হাজৰিকা, সাংস্কৃতিক সাংবাদিক শিবাণু বৰা, ফেশ্যন ফটোগ্ৰাফাৰ বিক্ৰম বৰপাত্ৰ, সাংবাদিক তথা চলচ্চিত্ৰ পৰিচালক হেমন্ত শৰ্মা, সংবাদকৰ্মী নিপম চুতীয়া, চাণক্য বৰুৱা, অংকুমান বৰদলৈকে ধৰি বহুকেইজন গণমান্য ব্যক্তি।

অসমৰ সকলো গ্ৰন্থ বিপনী, গ্ৰন্থমেলাৰ লগতে অনলাইনতো গ্ৰন্থখন উপলব্ধ হ’ব বুলি প্ৰকাশকে জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!