আগৰতলাত উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টনৰ বাবে অসমৰ ল’ৰা-ছোৱালীৰ দল ঘোষণা
গুৱাহাটী, ৩ ছেপ্টেম্বৰঃ অসম বেডমিণ্টন সন্থাই ত্ৰিপুৰাৰ আগৰতলাত চাৰিৰ পৰা সাত ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগা উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাত অংশ ল’ব লগা ৰাজ্যৰ ল’ৰা-ছোৱালীৰ দল দুটা ঘোষণা কৰিছে৷

প্ৰতিযোগিতাত উভয় শাখাৰে দলীয় তথা একক, ডাবলছ আৰু মিক্সড ডাবলছৰ খেল অনুষ্ঠিত হ’ব৷
অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে জনোৱা অনুসৰি প্ৰতিযোগিতাত অংশ ল’ব লগা ১৬ জনীয়া অসম দলৰ সদস্যসকল হ’ল ঃ অৰিজিত চলিহা, তন্ময় বিকাশ বৰুৱা, বৰ্ণিল আকাশ চাংমাই, হিমানিশ শেখৰ দাস, আয়ান ৰছিদ, অনিমেষ গগৈ, সুৰজ গোৱালা, স্বৰ্ণৰাজ বৰা, দিক্ষিত গগৈ, নিবিৰ ৰঞ্জন চৌধুৰী, শুভাংকৰ দত্ত, মোনাক বৰগোঁহাই, ৰোহিত গগৈ, বৰ্ণন মহন্ত, অনয়ন বৰা আৰু আৰিয়ান বাৰুৱতি৷
ইফালে, ছোৱালীৰ ১৩ জনীয়া দলটোৰ সদস্যা সকল হ’লঃ ঈশাৰাণী বৰুৱা, শান্তীপ্ৰিয়া হাজৰিকা, অভিকা বৰগোহাই, গাৰ্গি শইকীয়া, ময়ুৰী বৰ্মন, ছুজেন বুঢ়াগোহাই, মানালী বৰা, অনুশ্ৰী মহন্ত, যশশ্ৰী দেৱনীল, সুচিস্মিতা চক্ৰৱৰ্তী, ভাবিছায়া চাংমাই, লিয়ানা দত্ত আৰু ৰক্ষিতা চলিহা৷
ইফালে, দলৰ লগত প্ৰশিক্ষক হিচাপে যাব বহ্নিমান বৰা, নিতীশ বৰা, অমিত সাহা, সৌৰভ দাস আৰু হিৰকজ্যোতি নেওগ৷ ফিজিঅ’- গংগোত্ৰী দত্ত৷ আনহাতে, চিফ দ্য মিছনৰ দায়িত্ব পৰাগমনি মহন্তক দিয়াৰ বিপৰীতে মেনেজাৰৰূপে থাকিব এল হেমন্ত সিং, পুৰঞ্জয় শৰ্মা আৰু ময়ুৰ বৰা৷