Mising Autonomous Council (MAC): মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিয়োগ মেলাত ৫০টা বহুজাতিক কোম্পানীত ১৫০গৰাকী নিৱনুৱাক নিয়োগৰ ব্যৱস্থা
মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিয়োগ মেলাত ৫০টা বহুজাতিক কোম্পানীত ১৫০গৰাকী নিৱনুৱাক নিয়োগৰ ব্যৱস্থা

DD TIMES গোগামুখ, ৯ নৱেম্বৰঃ হেয়াৰ কাটিঙত দুশ গৰাকী নিৱনুৱা যুৱক-যুৱতীক কৰ্ম সংস্থাপন দি এছিয়ান বুক্ অফ ৰেকৰ্ড আৰু ইণ্ডিয়ান বুক্ অফ ৰেকৰ্ডত অভিলেখ স্থাপনৰ সৌভাগ্য লাভ কৰা মিচিং স্বায়ত্তশাসিত পৰিষদে আজি দেওবাৰে পুনৰ নিৱনুৱা যুৱক-যুৱতীক কৰ্ম সংস্থাপন দিবলৈ এক নিয়োগ মেলা অনুষ্ঠিত কৰে ৷
ধেমাজি জিলাৰ গোগামুখ চেতিয়া গাঁওস্থিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ জীৱন-জীৱিকা সমল প্ৰতিষ্ঠানত অনুষ্ঠিত হোৱা আজিৰ নিয়োগ মেলাত অসমৰ ভিন্ন প্ৰান্তৰ প্ৰায় তিনি শতাধিক যুৱক-যুৱতীয়ে প্ৰাৰম্ভিক পৰীক্ষাত অবতীৰ্ণ হয়৷
আজি পুৱা নিয়োগ মেলা শুভ উদ্ধোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগুৱে ৷ তেওঁক সহযোগ কৰে পৰিষদৰ উচ্চ বৰ্গৰ সহায়ক বিপিন গাম আৰু হেমন্ত দলেয়ে ৷
মুঠ ৫০টা বিভিন্ন বহুজাতিক কোম্পানীত নিয়োজিত হ’বলগা যুৱক-যুৱতীসকলৰ সাক্ষাৎকাৰ লৈ ৫০টা কোম্পানীৰ বিষয়া-কৰ্মচাৰীয়ে ৷
দশম শ্ৰেণীৰ উৰ্ত্তীণ যুৱক-যুৱতীৰ লগতে স্নাতক উৰ্ত্তীণ যুৱক-যুৱতীসকলৰো সাক্ষাৎকাৰ গ্ৰহণ কৰা হয় ৷ পৰিষদৰ ফালৰ পৰা বিভিন্ন কোম্পানীত নিয়োজিত হ’বলগা যুৱক-যুৱতীসকলে লড্জিং টেক্সটাইল, এছেম্বলী ইণ্ডাষ্ট্ৰী, মেনুফেকচাৰিং, হস্পিটেলিটী, বিউটি ওৱাৰনেছ, ম’বাইল এছেম্বলী, হেল্প কোৱালিটী কন্ট্ৰল, ফ্ৰেছাৰ বিউটিচিয়ান, এফ এণ্ড ষ্টিৰ্ৱাট, অট’ ম’বাইল স্কেনিং মেচিন, পিক্কিং, পেকিং আৰু ল’ডিং স্কেনিং আদিত সাক্ষাৎকাৰ প্ৰদান কৰে।
সাক্ষাৎকাৰসমূহ তদাৰক কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিষয়া-কৰ্মচাৰীসকলে ৷
উল্লেখনীয় যে, মিচিং স্বায়ত্তশাসিত পৰিষদে তেওঁলোকৰ জীৱন-জীৱিকা আঁচনিৰ অধীনত দীৰ্ঘদিন ধৰি শিক্ষিত নিৱনুৱা যুৱক-যুৱতীক নিয়োগৰ ব্যৱস্থা কৰি আহিছে আৰু শ শ নিৱনুৱা যুৱক-যুৱতীয়ে ইতিমধ্যে কৰ্ম সংস্থাপন লাভ কৰিছে ৷

