অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

NEW BOOKS: গুৱাহাটী প্ৰেছ ক্লাবত মুন চক্ৰৱৰ্তীৰ বাংলা কবিতা পুথি ‘বিন্দু যখন সিন্ধুৰ্তে’ উন্মোচন

Spread the love

গুৱাহাটী প্ৰেছ ক্লাবত মুন চক্ৰৱৰ্তীৰ বাংলা কবিতা পুথি ‘বিন্দু যখন সিন্ধুৰ্তে’ উন্মোচন

DD TIMES গুৱাহাটী, ৮ নৱেম্বৰঃ মুন চক্ৰৱৰ্তীৰ বাংলা কবিতাত জীৱন নাটৰ ৰহস্যঘন কাহিনী বৰ্ণিত আৰু সাম্প্ৰতিক সমাজৰ অনিয়ম অনীতিৰ প্ৰতিচ্ছবি প্ৰতিধ্বনিত।

এটোপাল নিয়ৰৰ পৰা নদীৰ গতি সাগৰ আৰু মহাসাগৰত ক’ত ঘাত প্ৰতিঘাতৰ সন্মূখীন হয় তাকে সাংকেতিক শব্দই সুলেখিকাৰ মনস্তাত্বিক বিশ্লেষণক প্ৰতিনিধিত্ব কৰে- এই মন্তব্য আগবঢ়াইছে বিশিষ্ট সাহিত্যিক নিশুতি মজুমদাৰে।

গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে বিয়লি ৩ বজাত হোৱা মুন চক্ৰৱৰ্তীৰ বাংলা কবিতা পুথি বিন্দু যখন সিন্ধুৰ্তে উন্মোচনী অনুষ্ঠানত মুখ্য উন্মোচক হিচাপে সাহিত্যিক নিশুতি মজুমদাৰে আৰু কয় যে, শিলচৰৰ নিৱাসী মুন চক্ৰৱৰ্তীয়ে বৰ্তমান গুৱাহাটীত বাংলা আৰু অসমীয়া ভাষাৰ সাহিত্য চৰ্চাৰ যোগেদি সমন্বয়ৰ সাঁকো গঠন প্ৰক্ৰিয়াত অনবদ্য অৱদান আগবঢ়াইছে।

সভাৰ আৰম্ভণিতে সদ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গ, বাঁহীবাদক দীপক শৰ্মা, নাগাৰা নামৰ শিল্পী ৰামচৰণ ভৰালী, কণ্ঠশিল্পী চৈয়দ ছাদুল্লাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এক মিনিট মৌন প্ৰাৰ্থনা জনায়।

গ্ৰন্থ উন্মোচনী অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সাহিত্যিক ড° হৰ কুমাৰ নাথ, অসম লুতাদৰ সম্পাদক ড° অৰিন্দম প্ৰিন্স পাংগিং, জ্যেষ্ঠ সাংবাদিক ঘনশ্যাম শইকীয়া, সঙ্গীত পৰিচালক জন্মি দাস, কবি তুলেশ্বৰ পেগুৱে সুলেখিকা মুন চক্ৰৱৰ্তীৰ সাহিত্য চৰ্চাৰ উত্তৰোত্তৰণ কামনাৰে শুভেচ্ছামূলক বক্তৃতা প্ৰদান কৰে।

অনুষ্ঠানত ৰীতা চক্ৰৱৰ্তী, শাশ্বতী চক্ৰৱৰ্তী, অসীমা ঘোষে কবিতা পাঠ কৰে আৰু জয়ন্ত পাটগিৰি, মুন চক্ৰৱৰ্তীয়ে ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।


কলকাতাৰ অভিজাত প্ৰকাশন গোষ্ঠী মোহৰ পাব্লিকেচনৰ দ্বাৰা প্ৰকাশিত মুঠ একানব্বৈটা কবিতাৰ পুথি “বিন্দু যখন সিন্ধুৰ্তে”ৰ দাম মাত্ৰ দুশ দহ টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!