Mahapurusha Srimanta Sankaradeva Viswavidyalaya: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান, হাতে লিখা আলোচনী উন্মোচন
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান, হাতে লিখা আলোচনী উন্মোচন
জুবিন গাৰ্গ, বৈকুণ্ঠ নাথ গোস্বামী, ছৈয়দ ছাদুল্লা, দীপক শৰ্মাক সোঁৱৰণ

DD TIMES নগাঁও, ৮ নৱেম্বৰঃ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত ৰজিতা খুৱাই বিশ্ববিদ্যালয়খনে আজি এই অনুষ্ঠান উদযাপন কৰে ৷

বিশ্ববিদ্যালয় সংগীতেৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠানৰ প্ৰাৰম্ভিকতে শিল্পী ড° ভূপেন হাজৰিকা, হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ, প্ৰবীণ সাংবাদিক বৈকুণ্ঠ নাথ গোস্বামী, প্ৰখ্যাত অনাঁতাৰ শিল্পী ছৈয়দ ছাদুল্লা আৰু আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাক শ্ৰদ্ধাসহকাৰে সোঁৱৰণ কৰে উপাচাৰ্য অধ্যাপক অশোক কুমাৰ বৰা, পঞ্জীয়ক ড° শৰৎ হাজৰিকা প্ৰমুখ্যে অনুষ্ঠানটোৰ বিশিষ্ট অতিথি শিল্পী কমল কটকীৰ লগতে উপস্থিত অধ্যাপক-অধ্যাপিকা তথা ছাত্ৰ-ছাত্ৰীসকলে ৷
“ড° ভূপেন হাজৰিকাৰ চৰ্চা নাইকিয়া হ’লে অসমীয়া সমাজ-জীৱনৰ বিপদ অনিবাৰ্য” অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশলৈ এই মন্তব্য কৰে ভূপেন হাজৰিকাৰ সৈতে সুদীৰ্ঘকাল গিটাৰ সংগত কৰা শিল্পী কমল কটকিৰ৷
তেওঁ আৰু কয়, ভূপেন হাজৰিকাই কেতিয়াও নিজৰ শিপাডাল পাহৰা নাছিল ৷ তেওঁৰ মনত প্ৰচণ্ডভাৱে আছিল সামাজিক দায়বদ্ধতা ৷
তেওঁৰ গীতত আছিল আধ্যাত্মিক দৃষ্টি, ভক্তিমূলক বৰ্ণনা, স্বদেশ প্ৰেম, মানৱতাবাদ আৰু ৰাজনৈতিক চিন্তা। হাজৰিকাদেৱৰ সামগ্ৰিক জীৱন, গীতৰ চৰ্চা সম্পৰ্কে ডেৰঘন্টা জোৰা ভাষণ আগবঢ়াই কটকিয়ে৷
অনুষ্ঠানত অংশলৈ উপাচাৰ্য অধ্যাপক অশোক কুমাৰ বৰাই ভূপেন হাজৰিকাৰ প্ৰসংগৰে শংকৰদেৱৰ বিশাল সৃষ্টিৰাজিৰ আলোকপাত কৰে।
এই অনুষ্ঠানত ছাত্ৰীদ্বয় কল্যাণী গগৈ আৰু হিমাংশ্ৰী কচাৰীৰ সম্পাদনাত “ভূপেন হাজৰিকাৰ সামগ্ৰিক জীৱন পৰিক্ৰমা” শীৰ্ষক এখনি হাতে লিখা আলোচনীও উন্মোচন কৰা হয়৷
অনুষ্ঠানত ড° অজিত দেৱনাথ, চন্দনা বেজবৰুৱা আদিয়ে গীত পৰিৱেশন কৰাৰ লগতে শিক্ষাৰ্থীসকলে নৃত্য প্ৰদৰ্শন কৰে ৷

