WOMEN CRICKET WORLD CUP 2025: বিশ্ব চেম্পিয়ন উমাৰ গৃহত অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই জনালে উমাক অগপৰ হৈ অভিনন্দন
বিশ্ব চেম্পিয়ন উমাক অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই জনালে অগপৰ হৈ অভিনন্দন

DD TIMES গুৱাহাটী, ৮ নৱেম্বৰঃ অসম জীয়ৰী উমা চেত্ৰীয়ে শেহতীয়াকৈ ভাৰতীয় দলৰ হৈ মহিলা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বিশ্বকাপ জয়ী কৰাৰ খবৰে ৰাজ্যবাসীক আনন্দিত কৰি ৰাখিছে।

এই আনন্দৰ ক্ষণত আজি উমাৰ বোকাখাতৰ কাঁধুলীমাৰীস্থিত বাসগৃহত অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ অসম গণ পৰিষদৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা অনাগত দিনৰ বাবে শুভেচ্ছা জনায়।
উমা চেত্ৰীৰ পিতৃ লোকবাহাদুৰ চেত্ৰী আৰু মাতৃ দীপা চেত্ৰীক তেখেতসকলৰ কন্যাৰ অসামান্য সফলতাৰ বাবে অভিনন্দন জনাই ভাৰত তথা অসমক গৌৰৱান্বিত কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে মহন্তই।
উমাৰ গৃহত উপস্থিত হৈ কেশৱ মহন্তই কয় যে— উমা চেত্ৰী অসমীয়াৰ গৌৰৱ আৰু এক অমূল্য সম্পদ। নতুন প্ৰজন্মৰ বাবে উমা অযুত অনুপ্ৰেৰণাৰ উৎস।
উৎকৃষ্ট খেল প্ৰদৰ্শনেৰে সদায় অভিলেখ সৃষ্টি কৰি ক্ৰিকেট বিশ্বত উমা জিলিকি থাকক আৰু সমগ্ৰ দেশবাসীৰ লগতে অসমকো গৌৰৱান্বিত কৰি ৰখক— কেশৱ মহন্তই লগতে কয়৷
এই সময়ছোৱাত অগপৰ বোকাখাত জিলা সমিতিৰ সভাপতি জগত কলিতা আৰু সম্পাদক উৎপল বৰদলৈ সমন্বিতে দলৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

