The Conversation of Silence: মৌনতাৰ আলাপ
মৌনতাৰ আলাপ

DD TIMESৰ আজিৰ কবি ৰূপামণি গগৈ
নি:শব্দ নিশাৰ তমসাত
মই শুনো তোমাৰ পদধ্বনি,
শব্দহীন সেই সুৰত লুকাই থাকে
বুকুৰ গভীৰতম কাহিনী।
চকুত নপৰা শত প্ৰশ্ন
ওঁঠত নুফুটা উত্তৰ
মৌনতাৰ শব্দত নীৰৱ অন্তৰ।
বাক্যৰ প্ৰয়োজন নাই
নাই কোনো গীত বা সুৰ,
তথাপি মধুৰ এই নীৰৱতাৰ আলাপ,
মৌনতাই হল ভালপোৱাৰ ভাষা,
যি শব্দৰ আগতে হেৰায় আশা।

