ZUBEENDA 53rd BIRTHDAY: কুঁৱৰীটোলৰ অব্যৱহৃত চৰকাৰী ভূমিত নিৰ্মাণ হ’বলগীয়া ‘জুবিন ক্ষেত্ৰ’ত হিয়াৰ আমঠুৰ ৫৩ সংখ্যক ওপজা দিনৰ আয়োজন
নতুন প্ৰজন্মৰ মাজত জুবিন গাৰ্গক জীয়াই ৰখাৰ পৰিকল্পনাৰে কলিয়াবৰত জুবিন গাৰ্গৰ ওপজা দিৱস পালন সম্পৰ্কত ৰাজহুৱা সভা
কুঁৱৰীটোলৰ অব্যৱহৃত চৰকাৰী ভূমিত নিৰ্মাণ হ’বলগীয়া ‘জুবিন ক্ষেত্ৰ’ত হিয়াৰ আমঠুৰ ৫৩ সংখ্যক ওপজা দিনৰ আয়োজন

DD TIMES কলিয়াবৰ, ৮ নৱেম্বৰঃ কলিয়াবৰত কুঁৱৰীটোলৰ অব্যৱহৃত চৰকাৰী ভূমিত নিৰ্মাণ হ’বলগীয়া ‘জুবিন ক্ষেত্ৰ’ত হিয়াৰ আমঠুৰ ৫৩ সংখ্যক ওপজা দিনৰ আয়োজন। কলিয়াবৰত জুবিন গাৰ্গৰ ওপজা দিৱস পালন সম্পৰ্কত স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ উদ্যোগত শুকুৰবাৰে এখন ৰাজহুৱা সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কলিয়াবৰৰ প্ৰায় ৯৫টা সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ উপস্থিতিত কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই ৰাজহুৱা সভাখন অনুষ্ঠিত হয়।

নগাঁও জিলা সাহিত্য সভাৰ উপ-সভাপতি নৱীন বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতেই এক ৰহস্যজনক পৰিস্থিতিত মৃত্যু বৰণ কৰা অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ হাজৰিকাই।
সভাত বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই সদ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰি কয় যে, জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰাৰ স্বাৰ্থতে আজি কলিয়াবৰৰ বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধিক আমন্ত্ৰণ কৰি আনি আগন্তুক ১৮ নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিনটো কেন্দ্রীয়ভাৱে উদ্যাপনৰ বাবে ৰাইজৰ সহযোগ বিচাৰি ভাষণ দিয়ে।
ইয়াৰ কুঁৱৰীটোলৰ শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সন্মুখৰ অব্যৱহৃত হৈ পৰি থকা চৰকাৰী ভুমিখণ্ডত ‘জুবিন ক্ষেত্ৰ’ ৰূপে নামাকৰণ কৰি নতুন প্ৰজন্মৰ মাজত জুবিন গাৰ্গক জীয়াই ৰখাৰ পৰিকল্পনা ব্যক্ত কৰে।
লগতে মন্ত্ৰী গৰাকীয়ে কিতাপৰ বন্ধু, গছ-গছনি, জীৱ-জন্তুৰ বন্ধু জুবিন গাৰ্গৰ আদৰ্শক নতুন প্ৰজন্মৰ মাজত সজীৱ কৰাৰো চিন্তা-চৰ্চা কৰাৰ কথা ঘোষণা কৰে।
অনুষ্ঠানত মণি মাধৱ মহন্তই আগন্তুক ১৮ নৱেম্বৰত উক্ত স্থানতে দিনজোৰা কাৰ্যসূচীৰে জুবিন গাৰ্গৰ ওপজা দিনটো উদ্যাপন কৰা সম্পৰ্কে বক্তব্য আগ বঢ়ায়।
সেই দিনটোত সমূহীয়াভাৱে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে এহেজাৰ গায়ন-বায়নৰ দ্বা মাংগলিক কাৰ্য শুভাৰম্ভ কৰা, সহস্ৰাধিক মহিলা যুৱতীৰ দ্বাৰা দিহানাম পৰিৱেশন কৰা আৰু দহ হাজাৰ লোকৰ দ্বাৰা সমস্বৰে ‘মায়াবিনী’ গীতটো পৰিৱেশন কৰাৰ সিদ্ধান্ত ঘোষণা কৰাৰ লগতে উক্ত কাৰ্যসূচী পৰিচালনা কৰিবৰ বাবে মন্ত্ৰী কেশৱ মহন্তক সভাপতি, মৃণাল কুমাৰ হাজৰিকাক কাৰ্যকৰী সভাপতি, এখনি পৰিচালনা সমিতি গঠন কৰি দিয়ে।
সভাত সদৌ অসম ছাত্র সন্থাৰ কেন্দ্রীয় কাৰ্যনিৰ্বাহক মৃগাংক শেখৰ ভৰালী হাজৰিকা, কলিয়াবৰ লেখিকা সমাৰোহ সমিতি সভানেত্ৰী সন্ধ্যা খাউণ্ড, আটছাৰ মহেন্দ্ৰ নায়ক, বড়ো সমাজৰ, মুক্তি যুঁজাৰু সন্মিলনীৰ অপূৰ্ব কুমাৰ বৰদলৈ, কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তৰুণ মুক্তিয়াৰকে প্ৰমূখ্য কৰি ভালেকেইজন লোকে ওপজা দিনটো উদ্যাপনৰ সন্দৰ্ভত মন্তব্য আগ বঢ়ায়।
সভাত সভাসদসকলে জুবিন গাৰ্গৰ ন্যায় বিচাৰি দাবী উত্থাপন কৰে। লগতে কলিয়াবৰৰ দীৰ্ঘদিনীয়া এক ‘চিনেমা হল’ নিৰ্মাণৰ বিষয়টোও আলোচনাত স্থান পায়।

