আদৰ্শবাদী চৰিত্ৰ ‘অনন্যা’
গ্ৰন্থবৰ্তাত লিখিছে মদাৰজ্যোতিয়ে
DD TIMES: সচৰাচৰ কবিতা, গল্প, অনুবাদ সাহিত্য আৰু উপন্যাসৰ ৰচনাৰে পৰিচিত ইন্দিৰা গোস্বামী ভট্টাচাৰ্য্য। তিনিখনকৈ ৰহস্য উপন্যাস ক্ৰমে ৰূপমহল, হোটেল বলিভিউ আৰু এটি অমাৱস্যা নিশা। গল্পসংকলন পৰিহাস।

আমি আলোচনা কৰিবলৈ লোৱা অনন্যা এখন আদৰ্শমূলক সামাজিক উপন্যাস। আৰম্ভণি সৰল গতিত আগবাঢ়িলেও কাহিনীয়ে কেইবাটাও নতুন কেঁকুৰি লৈ কাহিনীৰ নাটকীয় উপস্থাপন সফল হোৱাত সহায় কৰিছে।
সচৰাচৰ পিতৃ-মাতৃ, সমাজে বিচৰাৰ দৰেই অনন্যা জন্মতে সুন্দৰ হৈ অহা নাছিল। পঢ়াশলীয়া জীৱনত সেয়েহে সততে বন্ধু-বান্ধৱৰ পৰা পায় অহা অভিঘাতে অনন্যাক কেনেকৈ অন্য এগৰাকী নাৰীলৈ আগুৱাই লৈ যায়, তাৰেই সুবাদত কেনেকৈ অনন্যাই মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত শীৰ্ষস্থান দখল কৰি উত্তীৰ্ণ হয়, কেনেকৈ একে কাৰণতে অপ্ৰিয় লোকসকল কাষ চাপি আহে, গুণৰ ওচৰত ৰূপ যে নগণ্য বিষয় — এই আটাইবোৰ ঘটনাক্ৰম ঔপন্যাসিকে সুন্দৰকৈ সজাইছে।

উপন্যাসখনক যদিহে তিনিটা পৰ্বত ভাগ কৰা হয় তেন্তে দ্বিতীয় পৰ্বটো আৰম্ভ কৰিব পাৰি মধ্যবিত্ত ঘৰৰ দেধাৰ সমস্যাৰ মাজতো অনন্যাই ডাক্তৰী পঢ়িবলৈ ওলাই যোৱাৰ পৰা।
একান্তই নিজু, সৰলমনা, অধ্যয়নত কঠিন সাধনা আৰু সৰবৰহী গুণেৰে অনন্যাই মন জয় কৰে সকলোৰে। মাতৃৰ পাছতেই মনৰ কথাবোৰ ভাগ-বাটোৱাৰা কৰিবলৈ লগ পায় সহপাঠী শেৱালিক।
মানৱ সেৱাৰ উদ্দেশ্যে উৎসৰ্গিত এটি প্ৰাণ অনন্যাৰ জীৱনলৈ শেৱালিৰ জৰিয়তে কেনেকৈ আহে প্ৰশান্ত, মাতৃবিয়োগৰ পাছত পিতৃৰ আহ্বানক নিয়ন্ত্ৰণ কৰি কেনেকৈ ভাতৃৰ বিবাহৰ জৰিয়তে অকলশৰীয়া পিতৃক সংগ দিয়াৰ ব্যৱস্থা কৰে আৰু হৃদৰোগৰ উন্নত চিকিৎসা পদ্ধতি শিকিবলৈ বিদেশলৈ যাবলৈ কেনেদৰে নিৰ্বাচিত হয় অনন্যা — সেয়া উপন্যাসখনৰ দ্বিতীয় পৰ্ব বুলি ধৰিব পাৰি।
একেটা বহাতে পঢ়ি শেষ কৰিবলৈ উৎকণ্ঠা জাগৃত কৰিব পৰা নাতিদীৰ্ঘ কলেৱৰৰ উপন্যাসখনৰ তৃতীয় পৰ্বত কাহিনীয়ে শীৰ্ষাৰোহন কৰিছে।
শেৱালিৰ ঘৰত প্ৰথম দেখাতেই অনন্যাৰ ব্যক্তিত্বৰ প্ৰেমত পৰা প্ৰশান্তক বিদেশত কেনে অৱস্থাত লগ পাইছিল আৰু মানৱ সেৱাৰ পণ লৈ একাকী জীৱন কটোৱা অনন্যাই প্ৰশান্তক গ্ৰহণ কৰিলেনে…. এনে বহু উৎকণ্ঠাৰে এখন সুখপাঠ্য উপন্যাস ইন্দিৰা গোস্বামী ভট্টাচাৰ্য্যৰ অনন্যা।
লেখিকাৰ ফোনঃ ৯১২৭২৪১৪৪৫

