SREE KRISHNA RASLILA: জাগীয়াল কলংপাৰত নৈসৰ্গিক পৰিৱেশত ৬৭ সংখ্যক শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ সামৰণি
জাগীয়াল কলংপাৰত নৈসৰ্গিক পৰিৱেশত ৬৭ সংখ্যক শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ সামৰণি
শংকৰী কলা-কৃষ্টিৰ সাধক, সাংবাদিকলৈ সম্বর্ধনা

DD TIMES বেবেজীয়া, ৭ নৱেম্বৰঃ ‘শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন/ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন…’।
শৰতৰ বিতোপন নিশা ভক্তি ৰসৰে জীপাল হৈ পৰা এক আধ্যাত্মিক তথা উখল-মাখল পৰিৱেশৰ মাজত নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ কলং নদীৰ পাৰৰ জাগীয়াল ৰাজহুৱা ভৱন আৰু কৃষ্টি বিকাশ কেন্দ্র প্রাংগণত এক নৈসর্গিক পৰিৱেশৰ মাজত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো জাগীয়াল ৰাজহুৱা ভৱন আৰু কৃষ্টি বিকাশ কেন্দ্ৰ পৰিচালনা সমিতিৰ উদ্যোগত শ্ৰীকৃষ্ণৰ ৬৭ সংখ্যক ৰাসোৎসৱটি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ কালি সফল সামৰণি পৰে।
কাৰ্যসূচী অনুসৰি প্ৰথম দিনা সন্ধিয়া ভাগৱত স্হাপন আৰু পাঠ, খোল প্রসংগ আৰু নাম-প্ৰসংগৰে শুভাৰম্ভ হয়।
দ্বিতীয় দিনা কালি ৫ নৱেম্বৰত পুৱাৰ ভাগত প্রাত: প্ৰসংগ, পৰিবেশ নিকাকৰণ, খোল প্ৰসংগ, স্মৃতি তৰ্পণ আৰু ধর্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্রফুল্ল চন্দ্ৰ বৰাই।
তাৰ পাছতে বিশিষ্ট সমাজকৰ্মী ৰাজেন শইকীয়াই উদ্ধোধন কৰা নান্দনিক ভাগৱত শোভাযাত্রাই সমগ্ৰ অঞ্চলটোত আধ্যাত্মিক পৰিৱেশৰ লগতে হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তোলে।
দুপৰীয়া নাম-প্ৰসংগ আৰু প্ৰসাদ বিতৰণ, সন্ধিয়া বন্তি প্রজ্বলন কৰে অৰুণ চন্দ্ৰ বৰাই। তাৰ পিছত জাগীয়ালৰ গায়ন-বায়নৰ দ্বাৰা গন্ধৰ্ব নৃত্য-গীত পৰিৱেশনৰ পাছত অঞ্চলটোৰ মুঠ ১৮ গৰাকী শংকৰী কলা-কৃষ্টিৰ সাধক গায়ন- বায়নৰ লগতে লেখক-সাংবাদিক দেৱজিৎ হাজৰিকাক সম্বর্ধনা জনোৱা হয়।
ৰাস উৎসৱ উদযাপন সমিতিৰ কার্যকৰী সভাপতি লীলা বৰাই আঁত ধৰা উক্ত অনুষ্ঠানত শ্রীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন সম্পাদক প্রফুল্ল চন্দ্র বৰা, সাহিত্য উপ-সমিতিৰ সভাপতি ৰাজেন শইকীয়া, সম্পাদক কুশী বৰুৱা, কেহু বৰা, ভোগেশ্বৰ হাজৰিকা, লোকনাথ বৰা, বকুল শইকীয়া, মহেন্দ্ৰ বৰুৱা, সংস্কৃতিৱান ব্যক্তি নবজোতি বৰা, গোপাল বৰা, হৰিনাথ বৰুৱা, মন্টু বৰাকে ধৰি বহু গণ্য-মান্য লোক উপস্থিত থাকে।
সম্বর্ধনা অনুষ্ঠানৰ অন্তত নিশা অঞ্চলৰ যুৱতী আৰু বোৱাৰীসকলৰ দ্বাৰা ‘কেলিগোপাল’ নাটৰ উদ্বোধন কৰে ঘাঁহী গাঁও পঞ্চায়তৰ সভানেত্ৰী মমতা দাসে।
উল্লেখযোগ্য যে যোৱা নিশা অনুষ্ঠিত শ্রীশ্রী কৃষন ৰাস মহোৎসৱৰ কেলিগোপাল নাটখনিত অঞ্চলটোৰ যুৱতী আৰু মহিলাসকলৰ সুন্দৰ সাৱলীল নৃত্য-অভিনয়ে দর্শক ৰাইজক পুৱতি নিশালৈকে মোহাচ্ছন্ন কৰি ৰাখে। পুৱা ৪ বজাত কল্যাণ খৰমানৰে শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ সামৰণি পৰে।

