অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Dr. BHUPEN HAZARIKA: ভূপেন হাজৰিকাৰ গীতত জাতীয় প্ৰেম

Spread the love

ভূপেন হাজৰিকাৰ গীতত জাতীয় প্ৰেম

DD TIMESত লিখিছে ড° দীপেন কাকতিয়ে

ভাৰতৰত্ন, বিশ্ব বন্দিত শিল্পী ভূপেন হাজৰিকাৰ বহুতো গীতত নিজৰ জন্ম দাত্ৰী মাতৃৰ লগতে অসমী আইৰ প্ৰতি থকা অপৰিসীম প্ৰেম নানা ৰূপত প্ৰকাশ পাইছে। তেওঁ জন্মভূমি অসমকো মাতৃ ৰূপতে দেখিছিল।

অসমত জন্ম গ্ৰহণ কৰিলেও তেওঁ কলিকতা, মুম্বাই আদি ঠাইত আছিল। তথাপি তেওঁৰ মনটো সদায় অসমী আইৰ মায়াতহে বন্দী হৈ আছিল। অসম আৰু অসমীয়াৰ সুখ-দুখৰ কণিকাবোৰ প্ৰবাহিত হৈ আছিল তেওঁৰ দেহৰ সিৰাই সিৰাই।

অসমৰ মানুহৰ সাহস,অসমৰ বতাহ পানী, অসমী আইৰ ৰসাল মাটিৰ লগত তেওঁৰ ঘাই শিপাডাল অবিচ্ছিন্ন হৈ আছিল। সেয়েহে কলিকতাত থাকিলেও তেওঁ কোনোদিনেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা একেবাৰে বিচ্ছিন্ন হৈ যোৱা নাছিল। সুজলা-সুফলা, শস্য-শ্যামলা ৰূপহী অসমী আইৰ ৰূপ গুণৰ বন্দনা তেওঁ এনেদৰে কৰিছিল-

অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ
গোটেই জীৱন বিচাৰিলেও
অলেখ দিৱস ৰাতি
অসম দেশৰ দৰে নেপাওঁ,
ইমান ৰসাল মাটি
চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ।

বঞ্ছনা, প্ৰতাৰণাই যেতিয়া তেওঁৰ মাতৃ ভূমিক উদ্বাউল কৰি তুলিছিল, মাতৃ ভূমিৰ উচুপনিৰ শব্দই তেওঁৰ মন অস্থিৰ কৰি তুলিছিল। মানৱৰ সমাজত দানৱ ৰূপী শাসকৰ নিপীড়ন দেখি তেতিয়া মাতৃ পূজাৰ বেদীৰ মূৰ থৈ তেওঁ গাইছিল-

বুকু হম হম কৰে মোৰ আই
কোনে নিদ্ৰা হৰে মোৰ আই
পুত্ৰ হৈ মই কি মতে তৰোঁ
আই তোৰে হৈ মই মৰোঁ।।

১৯৬২ চনত ভাৰতক চীনে আক্ৰমণ কৰাৰ সময়ত তেওঁ এই গীতটি ৰচনা কৰিছিল।দেশ প্ৰেমৰ এই গীতটোৰ জৰিয়তে তেওঁ ক’ব খুজিছে “শত্ৰুৰ হাতৰ পৰা নিজৰ দেশখনক ৰক্ষা কৰিবৰ বাবে আমি যদি চৌপাশৰ গড় সুপৰিকল‌্পিত ভাবে ৰক্ষা কৰিব নোৱাৰোঁ, তেন্তে স্বদেশৰ আকাশত জিলিকি থকা স্বাধীনতাৰ চন্দ্ৰমাক কালৰ এন্ধাৰে ঢাকি ধৰিবই,বুকু হম হমাবই।”
ভূপেন হাজৰিকাৰ এটি অন্যতম জাতীয় প্ৰেমৰ গীত হ’ল-

কত জোৱানৰ মৃত্যু হ’ল
কত জীৱন যৌৱন গ’ল
সেই মৃত্যু অপৰাজেয়
তেনে মৃতক নহ’লো মই কিয়?




চীন-ভাৰতৰ যুদ্ধত দেশৰ হকে প্ৰাণাহুতি দিয়া জোৱান সকলৰ মৃতদেহবোৰ ভূপেন হাজৰিকাই স্বচক্ষুৰে দেখা পাইছিল আৰু তেতিয়াই তেওঁ এই গীতটি ৰচনা কৰিছিল।

ভূপেন হাজৰিকাই অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে গীতৰ জৰিয়তে সোঁৱৰাই দি সচেতন হ’বলৈ আহ্বান জনাইছে-

আমি অসমীয়া নহওঁ দুখীয়া
বুলি সান্ত্বনা লভিলে নহ’ব
আজিৰ অসমীয়াই
নিজক নিচিনিলে
অসম ৰসাতলে যাব ।।




নিজ দেশ মাতৃক ভাল পোৱাৰ বাবেই অসমী আইৰ কোলাত লালিতা-পালিতা কোনোবা জীয়ৰীৰ অন্তৰৰ গুপুত ব্যথা উপলব্ধি কৰি তেওঁ লিখিছে –




অসমী আইৰে লালিতা- পালিতা
মই তোলনীয়া জী
অসমীৰ সন্মান সদায়ে ৰাখিমে
আৰুনো কওঁ মই কি?




জোনাক ৰাতি জিলিকি উঠা অসমী আইৰ ৰূপত মুগ্ধ হৈ ভূপেন হাজৰিকাই লিখিছিল –



জোনাকৰে ৰাতি অসমীৰে মাটি
জিলিকি জিলিকি পৰে,
মলয়াৰে ছাতি দুহাতে সাৱতি
ধুনীয়া মালতী সৰে।



গীতটিত অসমী আইৰ প্ৰতি ভালপোৱাৰ ভাৱ উঠলি উঠিছে।”এৰাবাটৰ সুৰ”বোলছবিৰ এই ধুনীয়া গীতটিত ভাৰতৰ কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰে কণ্ঠদান কৰিছিল। তেতিয়াৰ পৰাই লতা মংগেশকাৰে অসম আৰু অসমীয়াৰ প্ৰতি বিশেষ ভালপোৱা অনুভৱ কৰিছিল। তেওঁৰ আন্তৰিক প্ৰীতিক এটি অসমীয়া গীতেৰে প্ৰকাশ কৰিবলৈ অনুৰোধ কৰাত, ভূপেন হাজৰিকাই সেই অনুৰোধ ৰক্ষা কৰি আন এটি গীত ৰচনা কৰিছিল। গীতটিত অসমী আই আৰু মহাৰাষ্ট্ৰৰ শৌৰ্য -বীৰ্য, সৌন্দৰ্য,সভ্যতা -সংস্কৃতি, জনজীৱন, পৌৰাণিক কাহিনী আদিৰ সাদৃশ্য প্ৰতিফলিত হৈছে। গীতটো হৈছে –
গোদাবৰী নৈৰ পাৰৰে পৰা
অসমী আইলৈ যাচোঁ প্ৰণাম
সেইখন দেশ মোৰ নেদেখা দেশ
তথাপি চিনাকি শুৱনি নাম
অসমী আইলৈ যাচোঁ প্ৰণাম।



ভূপেন হাজৰিকাৰ আন এটি জাতীয় প্ৰেমৰ গীত হৈছে “জিলিকাব লুইতৰে পাৰ”। গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ সময়ত ৰচনা কৰা এই গীতটিৰ জৰিয়তে তেওঁ অজ্ঞান এন্ধাৰ নাশি জ্ঞানৰ জ্যোতিৰে লুইতৰ পাৰ জিলিকাই তোলাৰ সপোন বুকুত বান্ধি অসম আৰু অসমীয়াক বিশ্বসভালৈ নিয়াৰ সংকল্প লৈছিল আৰু সেয়ে এনেদৰে গাইছিল –



জিলিকাব লুইতৰে পাৰ
আন্ধাৰৰ ভেটা ভাঙি
প্ৰাগজ্যোতিষত বয়
জেউতি নিজৰাৰে ধাৰ
শত শত বন্তিৰ
জ্ঞানৰে দীপালীয়ে
জিলিকাব লুইতৰে পাৰ ।




এনেদৰে ভূপেন হাজৰিকাৰ আৰু বহুতো গীতত জাতীয় প্ৰেমৰ সুৰ অনুৰণিত হোৱা দেখিবলৈ পোৱা যায়। তেওঁৰ জাতীয় প্ৰেমৰ গীতবোৰে প্ৰতিগৰাকী অসমীয়া কে নিজ দেশ মাতৃৰ প্ৰতি উদ্বুদ্ধ হ’বলৈ অনুপ্ৰাণিত কৰে । ভূপেন হাজৰিকাদেৱে কৈছিল -“মোৰ আইক ভালপাওঁ বুলিলে,আনৰ আইক জানো ঘিণ কৰাটো বুজাব ?”অসমক ভাল পালেহে আমি ভাৰতক ভাল পাব পাৰিম। তেওঁ গীতৰ মাজেৰে অসমীয়াক বুজাই থৈ গৈছে –

আজিৰ অসমীয়াই নিজক নবচালে
অসম ৰসাতলে যাব।
আজিৰ অসমীয়াই নিজক নিচিনিলে,
অসমতে মগনীয়া হ’ব।
পৃথিৱীত জনমি সচেতন ন’হলে,
প্ৰাপ্যও থিতাতে হেৰাব।
ভূপেন হাজৰিকাৰ গীতবোৰ আজিও প্ৰাসংগিক। সেয়েহে ভূপেন হাজৰিকাৰ এই গীতবোৰে প্ৰতিগৰাকী শ্ৰোতাৰ মনত জাতীয় প্ৰেমৰ ভাৱ জগাই তোলাত বিশেষ অৰিহণা যোগাই আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!