অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

TRIBUTE TO Dr. BHUPEN HAZARIKA: সুধাকণ্ঠ ভূপেন হাজৰিকাক স্মৰণ অসমীয়া সাহিত্য সন্মিলনীৰ নগাঁও সদৰ সমিতি (স্বতন্ত্ৰ)ৰ

Spread the love

সুধাকণ্ঠ ভূপেন হাজৰিকাক স্মৰণ অসমীয়া সাহিত্য সন্মিলনীৰ নগাঁও সদৰ সমিতি (স্বতন্ত্ৰ)ৰ

Oplus_131072

DD TIMES বঢ়মপুৰ, ৬ নৱেম্বৰঃ অসমীয়া সাহিত্য সন্মিলনীৰ নগাঁও সদৰ সমিতি (স্বতন্ত্ৰ )ৰ উদ্যোগত নগাঁও সাহিত্য সভা ভৱনত যোৱা ৫ নৱেম্বৰত বিভিন্ন কাৰ্যসূচীৰে বিশ্ববিশ্ৰুত সংগীতজ্ঞ, সুৰকাৰ, ভাৰতৰত্ন, সংগীত সূৰ্য ডঃ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু দিৱসটি উদযাপন কৰে।

এই উপলক্ষে পুৱা ভাগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট উপন্যাসিক, অসমীয়া সাহিত্য সন্মিলনীৰ নগাঁও জিলা সমিতিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান নগাঁও সদৰ সমিতি (স্বতন্ত্ৰ )ৰ সচেতক খগেন শ‌ইকীয়াই।

সুধাকণ্ঠগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে অসমীয়া সাহিত্য সন্মিলনীৰ নগাঁও সদৰ সমিতি (স্বতন্ত্ৰ)ৰ সভাপতি ভবেন বৰাই।

ইয়াৰ পিছত সংগীতসূৰ্য ভূপেন হাজৰিকাৰ জীৱন দৰ্শন আৰু কৰ্ম শীৰ্ষক বিষয় সম্পৰ্কত সমিতিৰ সভাপতি ভবেন বৰা আৰু বিশিষ্ট চিত্ৰকৰ ৰঞ্জিত গায়নে বক্তৃতা প্ৰদান কৰে।

অনুষ্ঠানত দেবেন মুক্তিয়াৰে সুধাকণ্ঠৰ এটি গীত পৰিৱেশনৰ লগতে নৃত্য প্ৰদৰ্শন কৰে।

অসমীয়া সাহিত্য সন্মিলনী নগাঁও সদৰ সমিতি (স্বতন্ত্ৰ)ৰ সম্পাদক, বিশিষ্ট কবি হৰেন চন্দ্ৰ কলিতাই আঁত ধৰা সভাখনিত অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যকৰী সভাপতি গোপাল ভূঞা, অসমীয়া সাহিত্য সন্মিলনীৰ নগাঁও জিলা সমিতিৰ প্ৰাক্তন সম্পাদক অমল বৰা, লেখক চন্দ্ৰ মুদৈ, ঘনশ্যাম জেইচি, মধু চৌধুৰী, অমিতাভ সেনগুপ্ত, জীৱন বৰা, কমলেশ্বৰ বৰুৱা প্ৰমুখ্যে নগাঁও চহৰৰ যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।


শেষত সুধাকণ্ঠৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে…” গীতটি সমস্বৰে পৰিৱেশন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!