BEBEJIYA OITIYAMANDITA RASH MAHOTSAV: বেবেজীয়াৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱত জিলিকিল নান্দনিক শোভাযাত্ৰা
বেবেজীয়াৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱত জিলিকিল নান্দনিক শোভাযাত্ৰাত শংকৰী কলা-সংস্কৃতিৰ প্ৰতিফলন
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ আৰু অমৃতকণ্ঠ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

DD TIMES বেবেজীয়া, ৬ নৱেম্বৰঃ “শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন / ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন/” নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বেবেজীয়াৰ সগৌৰৱেৰে সোণালী জয়ন্তী বর্ষ গৰকি ৫২ বৰ্ষত ভৰি থোৱা বেবেজীয়া ৰাস মহোৎসৱটি উদুলি-মুদুলি পৰিবেশত উদযাপন কৰা হৈছে।

কালি পুৱা ৫ বজাত বেবেজীয়াৰ জুৰীয়া নামঘৰৰ গায়ন-বায়ন সকলৰ দ্বাৰা গন্ধর্ব বাদনেৰে শুভাৰম্ভণি ঘটা অনুষ্ঠানত ৫২ সংখ্যক ৰাসৰ ধ্বজা উত্তোলন কৰে উৎসৱ উদযাপন সমিতিৰ সভাপতি পোনাৰাম বৰা বায়নে।
ইয়াৰ পাছতে সুধাকণ্ঠৰ স্মৃতি দিৱস আৰু অমৃতকন্ঠ জুবিন গাৰ্গৰ স্মৃতিত শিল্পী দুগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে উদযাপন সমিতিৰ কার্যকৰী সভাপতি জিতু বৰা, বেবেজীয়াৰ গাওঁৰ প্রধান বিতুল কাকতি, বেবেজীয়া ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ ৰঞ্জন হাজৰিকাকে ধৰি বহুকেইজন ব্যক্তিয়ে পুস্পাঞ্জলি অৰ্পণৰে শিল্পী দুগৰাকীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

তাৰ পিছতে সুধাকণ্ঠৰ মানুহে মানুহৰ বাবে আৰু জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ গীতটো সমস্বৰে পৰিৱেশন কৰে।
পৰৱৰ্তী ১০ বজাত কেলিগোপাল নাট পৰিভ্রমন আৰু সাংস্কৃতিক শোভাযাত্রা অনুষ্ঠিত হয়।
উল্লেখনীয় যে শংকৰী কৃষ্টিৰ নান্দনিক উপস্থাপনৰে পৰিবেশিত শোভাযাত্ৰাই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ লগতে পথচাৰীক মোহিত কৰি তোলে।
পৰৱৰ্তী শৰাই অৰ্চন, পাঠ প্রসংগৰ পিছত বেবেজীয়া গাঁৱৰ গায়ন-বায়ন সকলৰ দ্বাৰা খোল প্রসংগ পৰিবেশনৰ পিছত সন্ধ্যা ৫ বজাত শৰাই অৰ্চন, নাম প্রসঙ্গৰ পিছত সন্ধ্যা ৭-৩০ বজাত বেবেজীয়া গাঁৱৰ গায়ন-বায়ন সকলৰ দ্বাৰা যোৰা পৰিবেশন কৰা হয়।
পৰৱৰ্তী নিশালৈ বেবেজীয়া গাঁৱৰ বোৱাৰী-জীয়ৰী সকলৰ দ্বাৰা কৌশিক তামুলীৰ পৰিচালনাৰে অঙ্কীয়া নাট “কেলিগোপাল” পৰিবেশন কৰা হ’য়।
উল্লেখ্য যে পুৱতি নিশালৈকে পৰিবেশন হোৱা ৰাসলীলাই উপস্থিত দৰ্শক ৰাইজক মন্ত্ৰ মুগ্ধ কৰি তোলে।

