অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

AJP EX BJP EX MP RAJEN GOHAIN: বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰাজেন গোহাঁইৰ অসম জাতীয় পৰিষদত যোগদান

Spread the love

বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰাজেন গোহাঁইৰ অসম জাতীয় পৰিষদত যোগদান

DD TIMES গুৱাহাটী, ৫ নৱেম্বৰঃ বিজেপি দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, নগাঁৱৰ চাৰিবাৰৰ সাংসদ ৰাজেন গোহাঁয়ে আজি অসম জাতীয় পৰিষদত যোগদান কৰে।

গুৱাহাটীৰ দিছপুৰস্থিত লোকনিৰ্মাণ সন্মিলন কেন্দ্ৰ সভাকক্ষত অনুষ্ঠিত হোৱা দলৰ এক যোগদান সমাৰোহত গোঁহাইৰ লগতে দুশতকৈ অধিক বিজেপি কৰ্মকৰ্তাই অসম জাতীয় পৰিদৰ সদস্য পদ গ্ৰহণ কৰে।

দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাসহ জাতীয় পৰিষদৰ নেতাসকলে গোঁহাই আৰু তেওঁৰ সতীৰ্থসকলক দললৈ আদৰণি জনায়।

গোহাঁইৰ উপৰি টাই আহোম জাতীয় পৰিষদৰ প্ৰাক্তন উপসভাপতি তথা বিজেপি মজদুৰ মৰ্চাৰ কেন্দ্ৰীয় সম্পাদক ৰাজকুমাৰ চেতিয়া, হিন্দু ক্ৰান্তি দলৰ কাৰ্যকৰী সভাপতি ডাঃ সিদ্ধাৰ্থ শৰ্মা, শোণিতপুৰ জিলা বিজেপি যুৱ মৰ্চাৰ উপসভাপতি জ্যোতি প্ৰসাদ নাথ, অৱসৰপ্ৰাপ্ত অভিযন্তা আব্দুল জলিল আহমেদসহ আন কেইবাগৰাকী নেতাই অসম জাতীয় পৰিষদৰ সদস্যতা গ্ৰহণ কৰে।

তেওঁলোক আটাইকে দলটোৰ সভাপতি গগৈ আৰু সাধাৰণ সম্পাদক ভূঞাই দলৰ সদস্য ভৰ্তিৰ প্ৰপত্ৰ আৰু দলীয় মাফলাৰেৰে দললৈ আদৰি আনে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!