CRICKET TRIPURA VS ASSAM: ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীৰ খেললৈ অসম দল ঘোষণা
ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীৰ খেললৈ অসম দল ঘোষণা

DD TIMES গুৱাহাটী, ৫ নৱেম্বৰঃ অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে সেই ৰাজ্যত হবলগীয়া ৰঞ্জি ট্ৰফীৰ পৰৱৰ্তী খেলৰ বাবে অসমৰ দলটো ঘোষণা কৰিছে।
দলটোঃ ডেনিছ দাস (অধিনায়ক), সুমিত ঘাদিগাওকাৰ (উপ অধিনায়ক), শিৱ শংকৰ ৰায়, স্বৰূপম পুৰকায়স্থ, প্ৰদ্যুন শইকীয়া, ৰাহুল সিং, অভিনৱ চৌধুৰী, আব্দুল আজিজ কুৰাইচী, মুখতাৰ হুছেইন, পাৰভেজ মুচাৰফ, আয়ুষ্মান মালাকাৰ, ভাৰ্গব প্ৰতিম লহকৰ, ঋতুৰাজ বিশ্বাস, দৰ্শন ৰাজবংশী আৰু অভিষেক ঠাকুৰি (উইকেটকীপাৰ)।
সহায়ক ষ্টাফঃ মুখ্য প্ৰশিক্ষক– নোৱেল ডেভিদ, প্ৰশিক্ষক– ৰাজীৱ ৰাজবংশী, ফিজিঅ’থেৰাপিষ্ট– ভীষ্ম প্ৰতাপ সিং; ট্ৰেইনাৰ– ভাস্কৰ বৰা, প্ৰদৰ্শন বিশ্লেষক– ৰাজেশ শৰ্মা, থ্ৰ’ডাউন বিশেষজ্ঞ– বিবেক ছালুনখে আৰু মালিচকাৰী– হৰি কৃষ্ণন।
অসম ক্ৰিকেট সন্থাই আগন্তুক খেলৰ বাবে দল আৰু সহযোগী কৰ্মচাৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ।
