ZUBEEN GARG AND RASHLEELA: জুবিন গাৰ্গবিহীন ৰাসোৎসৱৰ চিন্তা
জুবিন গাৰ্গবিহীন ৰাসোৎসৱৰ চিন্তা
DD TIMESত লিখিছে প্ৰাঞ্জল বৰদলৈয়ে

নগাঁও জিলাত এতিয়া অসুৰ বধৰ আখৰাই সৰ্বত্ৰতে কঁপনি তোলা পৰিলক্ষিত হৈছে ৷ সমাজত অথন্তৰ সৃষ্টিকাৰীহঁতৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ ৰাইজ সদলবলে ওলাই আহিছে ৰণক্ষেত্ৰলৈ ৷
জনজীৱনত বিষবাষ্প ছটিয়াই মানুহৰ মনত চাপ সৃষ্টি কৰি আত্মতৃপ্তি লভা একাংশ নৰৰূপী অত্যাচাৰীৰ বিৰুদ্ধে ৰাইজ মুকলি আকাশৰ তললৈ ওলাই আহি ৰাৱণ বধৰ উদ্দেশ্যৰে সৰ্বত্ৰ গৰজি উঠা পৰিলক্ষিত হৈছে ৷
শত্ৰু নিধন যজ্ঞৰ এই যাত্ৰাত ডেকা-গাভৰুৰপৰা বৃদ্ধজনলৈ আৰু বোৱাৰী-জীয়ৰীৰপৰা শিশু-কিশোৰলৈ কোনো যেন স্থিৰেৰে থাকিব পৰা নাই ৷
সকলোৱেই সমাজৰ অসুৰৰ বিৰুদ্ধে ৰণকৌশলত হাত উজান দি সমাজৰপৰা অসূয়া-অপ্ৰীতি, দুখ-যন্ত্ৰণাক মষিমূৰ কৰিবলৈ ককালত টঙালি বান্ধিছে ৷ ঠিক তেনে এখন ছবিয়েই এতিয়া প্ৰতিমুহূৰ্ততে গাঁও, চহৰ, নগৰ সকলোতে উজ্জ্বলি উঠিছে ৷
বিশেষকৈ কোনো ঠাইত যদি সীতা হৰণ,ৰুক্মিণী হৰণ, বঘাসুৰ বধ, শংখচূড় বধ চলিছে আন কোনো ঠাইত আকৌ সম্বৰাসুৰ নিধন, মধুদৈত্য বধ, শকুনি প্ৰতিশোধ, বৃত্ৰাসুৰ বধ, দুৰ্যোধনৰ দৰ্প হৰণ, অভিমণ্যু বধ আদি পূৰ্ণ্যোদ্যমে চলিছে ৷
মুঠতে সমাজৰ দৈত্য-দানৱ, অপশক্তিক সমুলঞ্চে নাশ কৰাৰ বাবে ৰাইজৰ ব্যাপক প্ৰস্তুতি অব্যাহত আছে ৷ এনে কাৰণতেই পৃথিৱীলৈ কালসন্ধ্যা নামি অহাৰ লগে লগেই গাঁও, চহৰ, নগৰৰ নামঘৰে নামঘৰে ৰণশিঙা হিচাপে বাজি উঠে দবা-কাঁহৰ শব্দ ৷
দবা-কাঁহৰ শব্দই ৰাইজৰ কৰ্ণকুহৰত প্ৰতিধ্বনি তোলাৰ লগে লগেই গঞা ৰাইজ বিশেষকৈ বোৱাৰী আৰু গাভৰু প্ৰত্যেকেই ওলাই আহে নামঘৰলৈ অথবা স্কুলঘৰ, মন্দিৰ কিম্বা পুথিভঁৰাললৈ ৷ সমান্তৰালভাৱে তেওঁলোকৰ লগত ডেকা আৰু বৃদ্ধ সকলো হাতত খোল,তাল, বাঁহী,শঙ্খ, চক্ৰ, গদা, ধনু আদি অস্ত্ৰ-সস্ত্ৰৰে সজ্জিত হৈ ওলাই আহে যুদ্ধৰ দামামালৈ ৷
পিছে এই যুদ্ধ আপুনি ভবাৰ দৰে আচল যুদ্ধ নহয় ৷ শাৰদীয় বতৰত উদ্যাপিত হোৱা ভগৱান শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উপলক্ষে আয়োজিত কেলিগোপাল নাটকৰ লগতে অসমীয়া ভাওনাৰ বাবে অব্যাহত থকা আখৰাৰহে কুচকাৱাজ এয়া ৷
শৰতকালৰ পূৰ্ণিমা নিশা সমগ্ৰ অসমবাসীয়ে অতি ভক্তিপূৰ্ণভাৱে আয়োজন কৰা ৰাসোৎসৱৰ প্ৰাকক্ষণত বৰ্তমান ৰাসৰ আখৰাৰ বাবে গাঁও-চহৰ-নগৰত বিৰাজ কৰা আনন্দমুখৰ পৰিবেশে ধৰালৈ নমাই আনিছে শৰতৰ শেৱালিৰ সুগন্ধি সুবাস ৷
দৰদী শিল্পী জুবিন বিহীন ৰাসোৎসৱে যেন মানুহৰ মাজলৈ ভগৱান কৃষ্ণৰ গুণ-যশ,গৰিমাৰে সান্তক পালন আৰু দুষ্টক দমনেৰে এখন সমৃদ্ধিশালী সমাজ গঢ়িব পাৰি তাৰবাবেই ৰাইজ আজি সজাগ-সচেতন বুলিব পাৰি ৷ যাৰ ফলস্বৰূপে নগাঁও জিলাৰ ৰাইজৰ মাজত এতিয়া শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসোৎসৱ পালনৰ ব্যাপক আয়োজন পৰিলক্ষিত হৈছে ৷
আমাৰো আশা, এই ৰাসোৎসৱৰ বতৰত প্ৰভু ভগৱন্তই জনগণৰ মাজৰপৰা হেৰাই যোৱা অমৃতকণ্ঠৰ গৰাকী, হৃদয়ৰ শিল্পী, হাৰ্টথ্ৰব জুবিন গাৰ্গৰো ন্যায়ৰ বাস্তৱ ছবিখন উদঙাই তুলি শোক সাগৰত কাতৰ হৈ থকা ৰাইজক সান্তনাৰ বাণী শুনাব ৷
আমাৰ প্ৰাণৰ আপোন শিল্পী গৰাকীয়ে ন্যায় লাভ কৰি পূৰ্ণিমা নিশাৰ জোনাক কোমল পোহৰৰ মাজতে জগতৰ মানুহক ‘জোনাকে কাণে কাণে আহি ক’বৰ দৰেই পত্নী গৰিমা শইকীয়া গাৰ্গক ক’ব “তুমি মোৰ মাঁথো মোৰ” বুলি…৷
