অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN GARG: কঠীয়াতলীৰ মৃদংগ নৃত্যাংগন বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

Spread the love

কঠীয়াতলীৰ মৃদংগ নৃত্যাংগন বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

DD TIMES বঢ়হমপুৰ, ৪ নৱেম্বৰঃ নগাঁৱৰ কঠীয়াতলীস্থিত মৃদংগ নৃত্য বিদ্যালয়ৰ ১৭ সংখ্যক বাৰ্ষিক নৃত্য সমাৰোহখনি ৩ নৱেম্বৰৰ বিয়লি অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্রাপ্ত শিক্ষক, জ্যেষ্ঠ সাংবাদিক ঘনকান্ত বৰাই।

মূল সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সম্পাদক কুশল ঠাকুৰীয়াই।

ঠাকুৰীয়াই তেখেতৰ ভাষণ প্ৰসংগত কয় যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ কৃষ্টি সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰত ব্ৰতী থকাৰ বাবে মৃদংগৰ মুখ্য পৰিচালিকা ড° নিজৰা ডেকা বৰাৰ লগতে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক-অভিভাৱিকা সকলৰো শলাগ লোৱাৰ লগতে কঠীয়াতলী অঞ্চলৰ ৰাইজক ভূয়সী প্ৰশংসা কৰে।

ভাষণ প্ৰসংগত তেখেতে জুবিন গাৰ্গক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অসমত আৰম্ভ কৰা সাংস্কৃতিক ধাৰাটোৰ সাম্প্ৰতিক সময়ৰ কাণ্ডাৰী হিচাপে অভিহিত কৰে আৰু তেওঁ ন্যায় পোৱাটো সমগ্ৰ অসমীয়া সমাজে একচিত্তে বাঞ্ছা কৰে বুলিও উল্লেখ কৰে।

জুবিন গাৰ্গে কন্ঠ নিগৰোৱা ‘ব্ৰহ্মা আদি কৰি’ ঘোষাটোত সত্ৰীয়া নৃত্য প্ৰদৰ্শনেৰে আৰম্ভ হোৱা সমগ্ৰ অনুষ্ঠানটিত কেৱল মাত্ৰ জুবিন গাৰ্গৰ গীতৰ আধাৰতহে নৃত্য প্ৰদৰ্শন কৰে প্ৰশিক্ষাৰ্থীসকলে।

উক্ত অনুষ্ঠানতে এই বছৰ মৃদংগ নৃত্য বিদ্যালয়ৰ পৰা অসম সত্ৰ মহাসভাৰ অধীনত বিশাৰদ ডিগ্ৰী লাভ কৰা সোতৰ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক গামোচা আৰু মানপত্ৰ প্ৰদান কৰি অভিনন্দন জনোৱা হয়।

ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত নগাঁও বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড° সংগীতা বৰাও আছে। ড° সংগীতা বৰাই ইতিমধ্যেই ভাৰতৰ ভিন্ন প্ৰান্তত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি মৃদংগ নৃত্য বিদ্যালয়লৈ সু-খ্যাতি কঢ়িয়াই আনিছে।

ভাষণ প্ৰসংগত ড° সংগীতা বৰাই মৃদংগৰ পৰিচালিকা ড° নিজৰা ডেকা বৰাৰ কষ্ট আৰু ত্যাগৰ শলাগ লোৱাৰ লগতে অভিভাৱকসকলক শিশু সকলক সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত কৰোৱাৰ আহ্বান জনায় লগতে কঠীয়াতলীত ২০০৮ বৰ্ষৰ পৰাই বহু কষ্ট স্বীকাৰ কৰি কঠীয়াতলী অঞ্চলৰ শিক্ষাৰ্থী সকলক লৈ এক সাংস্কৃতিক জোৱাৰ আনিবলৈ সক্ষম হোৱা ড° নিজৰা ডেকা বৰা আৰু কঠীয়াতলীৰ সুযোগ্য সন্তান, সাহিত্যিক ড° হৰেকৃষ্ণ বৰাৰ শলাগ লয়।

উল্লেখ্য, মৃদংগ নৃত্যাংগন বিদ্যালয়ৰ পৰা পৰা শতাধিক প্ৰশিক্ষাৰ্থীয়ে অসম মূলুকত কঠীয়াতলীৰ নাম উজ্জ্বল কৰিছে।

বৰ্ণাঢ্য সংগীতানুষ্ঠানত ড° সংগীতা বৰাৰ লগতে বিশাৰদ ডিগ্ৰী লাভ কৰা সোতৰ গৰাকী ছাত্ৰ-ছাত্ৰী হ’ল পূৰ্বাসিনি হুকাই, বনষ্মিতা গায়ন, ৰিচিকা বৰদলৈ, সুকন্যা শইকীয়া, আয়ুষ্মিতা বৰা, কংকনা বৰুৱা, জিজ্ঞাসা বৰুৱা, অৰ্চনা বৰা, চম্পা ৰয়, স্মিতা বিশ্বাস, গায়ত্ৰী চৰকাৰ, জিম্পি বসুমতাৰী, আয়ুসী শইকীয়া, সুবাসনা কাশ্যপ আৰু স্নিগ্ধা শিখা বৰা।

অনুষ্ঠানটিত আঁত ধৰে কঠীয়াতলীৰ বিশিষ্ট সংবাদ সেৱী মুক্তিকাম লস্কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!