অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

Assam Publication Board Literature Award 2025: প্রকাশন পৰিষদ সাহিত্য বঁটা-২০২৫ৰ বাবে গ্রন্থ আহ্বান

Spread the love

প্রকাশন পৰিষদ সাহিত্য বঁটা-২০২৫ৰ বাবে গ্রন্থ আহ্বান

DD TIMES গুৱাহাটী, ৩ নৱেম্বৰঃ অসম প্রকাশন পৰিষদৰ উদ্যোগত বিগত বছৰৰ দৰেই এইবছৰো বিশিষ্ট সাহিত্যিক আৰু প্রকাশকসকললৈ সন্মানীয় ‘প্রকাশন পৰিষদ সাহিত্য বঁটা’-২০২৫ বৰ্ষৰ বাবে প্ৰদানৰ যাৱতীয় ব্যৱস্থা হাতত লোৱা হৈছে।

Oplus_131072

২০২২ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্রকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্ৰন্থৰ মাজৰ পৰা নিৰ্বাচিত গ্ৰন্থখনৰ লেখক আৰু প্ৰকাশক দুয়োগৰাকীকে ‘প্রকাশন পৰিষদ সাহিত্য বঁটা-২০২৫’ৰে পুৰস্কৃত কৰা হ’ব।

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত পৰিষদৰ সচিব প্রমোদ কলিতাই জানিবলৈ দিয়া মতে এই বঁটাত গ্ৰন্থৰ লেখকক পাঁচ লাখ টকাৰ সৈতে মানপত্ৰ আৰু প্রকাশকক তিনি লাখ টকাৰ লগতে মানপত্র প্রদান কৰা হ’ব।

নির্ধাৰিত সময়সীমাৰ ভিতৰত প্রকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্রন্থৰ লেখক অথবা প্রকাশকৰ যিকোনো এগৰাকীয়ে প্ৰ-পত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব পাৰিব।

প্ৰ-পত্ৰৰ সৈতে গ্ৰন্থৰ দুটা কপি অহা ২০ -১১-২০২৫ তাৰিখৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব। ডাকযোগে প্ৰ-পত্ৰৰ সৈতে গ্ৰন্থৰ দুটা কপি প্ৰেৰণ কৰিব পাৰিব অথবা অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ত ২০ নৱেম্বৰ, ২০২৫ তাৰিখৰ ভিতৰত জমা দিব পাৰিব।

প্র-পত্ৰখন অসম প্রকাশন পৰিষদৰ ৱেবছাইটত উপলব্ধ হ’ব। বেৱছাইট www.publicationboardass প্ৰ-পত্ৰ প্ৰেৰণৰ ডাক ঠিকনা: সচিব, অসম প্রকাশন পৰিষদ, বামুণীমৈদাম, গুৱাহাটী-২১ ই-মেইল: assampublicationboard@gmail.com

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!