অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

ASSAM BOOKFAIR: অসম গ্ৰন্থমেলা, লখিমপুৰত পুথিপ্ৰেমীৰ আশাব্যঞ্জক সমাগম

Spread the love

অসম গ্ৰন্থমেলা, লখিমপুৰত পুথিপ্ৰেমীৰ আশাব্যঞ্জক সমাগম

আলোচনা সত্ৰঃ অসমৰ নাট্য আন্দোলনঃ পৰম্পৰা আৰু বিৱৰ্তন

চৈয়দ ছাদুল্লা-দীপক শৰ্মাক সুঁৱৰি শোকসভা

DD TIMES লখিমপুৰ, ৩ নৱেম্বৰঃ কালিৰ বৰ্ষাসিক্ত পৰিৱেশৰ পাছত আজিৰ ফৰকাল বতৰত কিতাপ বিচাৰি অহা লোকৰ সমাগম বৃদ্ধি পায় অসম গ্ৰন্থমেলা, লখিমপুৰত ৷

আজি তৃতীয় দিনটোত বিপণীসমূহত হোৱা কিতাপ বিক্ৰীৰ পৰিমাণে ইয়াত অংশগ্ৰহণকাৰী প্ৰকাশন গোষ্ঠীসমূহক আশাবাদী কৰি তোলা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই লখিমপুৰ কমাৰ্চ কলেজৰ স্প’ৰ্টছ কম্‌প্লেক্সত অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত আজি বিয়লি ২-৩০ বজাত আয়োজন কৰা হয় ‘ অসমৰ নাট্য আন্দোলনঃ পৰম্পৰা আৰু বিৱৰ্তন’ শীৰ্ষক এখন আলোচনা সত্ৰ ৷

সত্ৰখন সঞ্চালনা কৰি বিশিষ্ট নাট পৰিচালক, লখিমপুৰস্থিত শংকৰদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক অৰুণ গোস্বামীয়ে কয় যে সকলো বিষয়ৰে পৰিৱৰ্তন নাইবা বিৱৰ্তন আছে ৷ নাট্যকলাও তেনে এক পৰিৱৰ্তনশীল কলা ৷ নাটকে মূলতঃ সমাজখনক প্ৰতিফলিত কৰে ৷

সমাজৰ উপাদান বুলিলে প্ৰথমেই আহে মানুহ ৷ মানুহৰ চিন্তা-ধাৰাৰ পৰিৱৰ্তন বা উত্তৰণে সমাজৰো বিৱৰ্তন সাধিছে ৷ ইয়াৰ লগে লগে নাট্যকলাৰ পৰিৱৰ্তন হোৱাটো স্বাভাৱিক ৷

ভিন্নধৰ্মী সম্পৰীক্ষাৰ জৰিয়তে অসমীয়া নাটকত ইয়াৰ ইতিবাচক প্ৰভাৱ দেখিবলৈ পাইছোঁ ৷ ইয়াত আলোচকৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট নাট প্ৰযোজক-পৰিচালক মাণিক আহমেদে কয় যে পৃথিৱীৰ আন প্ৰান্তৰ দৰে অসমতো নাটকক লৈ বিভিন্ন সম্পৰীক্ষা হৈছে ৷

ছেমুৱেল বেকেটৰ চিন্তাৰে আৰম্ভ হোৱা নাটকৰ বিৱৰ্তনৰ প্ৰভাৱ অসমতো পৰিছে ৷ এতিয়াৰ অসমীয়া নাটকৰ সম্পৰীক্ষা বেছ উন্নত ৷

গুৰুদুজনাৰ অংকীয়া নাটৰ পৰৱৰ্তী কালত গুনাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱাৰ পৰা আৰম্ভ হোৱা আধুনিক সামাজিক নাটকক নতুন ধ্যানধাৰণাৰে জগাই তুলিছিল বিষ্ণু প্ৰসাদ ৰাভা, ফণী শৰ্মা, জ্যোতিপ্ৰসাদ আগৰৱালাই ৷

ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অৰুণ শৰ্মা, বাদল সৰকাৰ, ৰফিকুল হুছেইন, আলি হাইদৰ আদিয়ে বৰ্তমানৰ নাট্যকলাৰ ভেটিটো গঢ় দিছে ৷ বৰ্তমান ভালে সংখ্যক নাট্যকাৰ, পৰিচালক, অভিনয় শিল্পীয়ে অসমীয়া নাট্য আন্দোলনক আশাৰ গতি প্ৰদান কৰিব পাৰিছে ৷

আন এগৰাকী আলোচক, এল টি কে ললেজৰ পৰিৱেশ্য কলা বিভাগৰ সহকাৰী অধ্যাপক দেৱপ্ৰতীম বৰাই কয় যে ওজাপালি, কুশান গান, ঢুলীয়া ভাওনা, খুলীয়া ভাওনা আদি লোক-নাট্যকলা আৰু গুৰুদুজনাৰ অংকীয়া নাটক আধাৰ কৰিয়ে আমাৰ নাট্য পৰম্পৰা গঢ়ি উঠিছে ৷

পাছত গুনাভিৰাম বৰুৱাৰ ‘ৰাম নৱমী’ আৰু হেমচন্দ্ৰ বৰুৱাৰ ব্যংগ নাট ‘কানীয়া কীৰ্তন’, পদ্মনাথ গোহাঞিবৰুৱাৰ ‘টেটোন তামুলী’ আদিৰ জৰিয়তে আধুনিক অসমীয়া নাটকৰ বাট মুকলি কৰে ৷ এইবোৰ সংলাপ প্ৰধান নাটক ৷ সাম্প্ৰতিক সময়ত বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে অসমীয়া নাটকে নতুন গতি লাভ কৰিছে ৷ আজিকালি পথাৰত, চোতালত, চ’ৰাঘৰতো নাটক হৈছে ৷এই নাটকবোৰে সামজিক প্ৰেক্ষাপটৰ পৰা জটিল মনস্তত্ত্বলৈ সকলো বিষয়কে সামৰি লৈছে ৷

এয়া ভাল কথা ৷ একেদৰে আলোচক, নাট্যকাৰ-পৰিচালক দেৱব্ৰত কাকতিয়ে কয় যে গুৰুদুজনা শ্ৰীমন্তশঙ্কৰদেৱ আৰু মাধৱদেৱক বাদ অসমৰ কোনোটো সাংস্কৃতিক দিশৰ কথা পাতিব নোৱাৰি ৷

নাট্যকলাক অসমত প্ৰতিষ্ঠা কৰিছিল গুৰুদুজনাই ৷ প্ৰথমে কেৱল ছবিৰে নাটক বুজোৱা হৈছিল ৷ কিন্তু গুৰুদুজনাই পাছত দৃশ্যৰ সৈতে সংলাপ সংযোজন কৰি অংকীয়া নাট আৰম্ভ কৰিছিল ৷

অসমৰ নাট্য আন্দোলন বুলিলে সেইখিনি সময়ৰ পৰাই ধৰিব লাগিব ৷ সেই সময়ৰ পৰা এতিয়ালৈ পৃথিৱীৰ বিভিন্ন পটৰ পৰিৱৰ্তন ঘটিল ৷ সমান্তৰালভাৱে পৰিৱৰ্তন ঘটিল নাট্যকলাৰ ৷ এতিয়া উত্তৰাধুনিক যুগত সকলোৰে ধ্যান-ধাৰণা সলনি হৈছে বা নতুন চিন্তা-চেতনা আৰম্ভ হৈছে ৷ অসমীয়া নাট্য জগততো এনে চিন্তাৰ ৰেঙণি দেখিবলৈ পাইছোঁ ৷

নাটকে আচলতে বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে কলাৰ পৰা বিজ্ঞানৰ দিশে গতি কৰিছে ৷ ইয়াৰ পাছতে অসম গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সদ্য প্ৰয়াত বিশিষ্ট গীতিকাৰ-সুৰকাৰ, অনাতাঁৰ ঘোষক চৈয়দ ছাদুল্লা আৰু আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বাঁহী বাদক দীপক শৰ্মাক সুঁৱৰি এখন শোকসভা ৷

ইয়াত উপস্থিত থাকি কবি-লেখক নৱজ্যোতি পাঠকে কয়——“অসমৰ বাবে এয়া এক অসহনীয় শোকৰ সময় ৷ এটাৰ পাছত এটা মৰ্মান্তিক খবৰে আমাক ম্ৰিয়মাণ কৰি তুলিছে ৷ ৰাজ্যবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগে সকলোকে ব্যথিত কৰি ৰখাৰ সময়তে বিশিষ্ট গীতিকাৰ-সুৰকাৰ-শিল্পী চৈয়দ ছাদুল্লাৰ মৃত্যুৱে সৃষ্টিৰ পথাৰখনক অপূৰণীয় শূন্যতাৰে ভাৰাক্ৰান্ত কৰিলে ৷

তাতে আজি আহিল আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বাঁহী বাদক দীপক শৰ্মাৰ অকাল মৃত্যুৰ দুসংবাদ ৷ নলবাৰীৰ গৰেমাৰা গাঁৱৰ পৰা বাঁহী বজাই জগত জয় কৰিবলৈ আগবঢ়া দীপক শৰ্মাৰ অকাল বিয়োগ অসমৰ জাতীয়-জীৱনৰ বাবে কোনোদিনে মেৰামতি কৰিব নোৱৰা বিশাল ক্ষতি ৷ এনে ক্ষণজন্মা শিল্পী সহজে জন্ম নহয় ৷

এই শোকক ভাষাৰে বুজাব নোৱাৰি ৷” ইয়াৰ পাছতে দুয়োগৰাকী শিল্পীৰ বিদেহ আত্মাৰ সদ্‌গতি কামনাৰে উপস্থিত ৰাইজে এক মিনিট মৌনতা অৱলম্বন কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা, অসম গ্ৰন্থমেলাৰ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিদ্যায়তনিক অনুষ্ঠান, লেখক-সাহিত্যিক-পঢ়ুৱৈ, শিক্ষক-শিক্ষাৰ্থীসকলোৱে দুয়োগৰাকী শিল্পীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷

ইপিনে অসম গ্ৰন্থমেলা, লখিমপুৰৰ তৃতীয় দিনৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে শংকৰদেৱ শিশু বিদ্যা নিকেতন, উত্তৰ লখিমপুৰ, ব্ৰহ্মপুত্ৰ ভেলী একাডেমি আৰু লখিমপুৰ বালিকা মহাবিদ্যালয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!