অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

KHAGARIJAN COLLEGE: নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দিতাৰে সভাপতি আৰু সাধাৰণ সম্পাদক নিৰ্বাচিত

Spread the love

নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দিতাৰে সভাপতি আৰু সাধাৰণ সম্পাদক নিৰ্বাচিত

DD TIMES নগাঁও, ১ নৱেম্বৰঃ নগাঁও জিলাৰ আগশাৰীৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান খাগৰিজান মহাবিদ্যালয়ৰ আজি অনুষ্ঠিত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সভাপতি আৰু সাধাৰণ সম্পাদক বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়।

সেই অনুসৰি গুৰপ্ৰিয়া কৌৰ সভাপতি আৰু লক্ষ্য জ্যোতি বণিয়া সাধাৰণ সম্পাদক পদত বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়।

ইপিনে আন বিষয়বাবত প্ৰতিদ্বন্দিতাৰ জৰিয়তে প্ৰাৰ্থীসমূহ নিৰ্বাচিত হৈছে।

সেই অনুসৰি সহকাৰী সম্পাদক পদত জাহিৰ হুছেইন মজুমদাৰ, সাংস্কৃতিক আৰু সমাজসেৱা সম্পাদক পদত বিশাল শইকীয়া, সহকাৰী সাংস্কৃতিক আৰু সমাজসেৱা সম্পাদক পদত ৰাজীৱ দাস, আলোচনী আৰু সাহিত্য সম্পাদক পদত জুন্না ইয়াচমিন, ক্ৰীড়া সম্পাদক পদত ইফাজুল হক, সহকাৰী ক্ৰীড়া সম্পাদক পদত মেহদীআলম, ছাত্ৰী জিৰণি কোঠা সম্পাদিকা পদত তাজনিহাৰ খানম, ছাত্ৰ কল্যাণ নিধি সম্পাদক পদত স্পৃহা দাস শইকীয়া নিৰ্বাচিত হৈছে।

ইপিনে ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত আছাদুজ জামান চৌধুৰী বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। মহাবিদ্যালয় কৰ্তৃপক্ষই এই কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!