অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

INDIA INTERNATIONAL DANCE FESTIVAL 2025: দৰ্পণ ডান্স একাডেমীৰ উদ্যোগত কলাক্ষেত্ৰত ভাৰত আন্তৰ্জাতিক নৃত্য মহোৎসৱ

Spread the love

দৰ্পণ ডান্স একাডেমীৰ উদ্যোগত কলাক্ষেত্ৰত ভাৰত আন্তৰ্জাতিক নৃত্য মহোৎসৱ

DD TIMED গুৱাহাটী, ১ নৱেম্বৰঃ গুৱাহাটীৰ দৰ্পণ ডান্স একাডেমীৰ উদ্যোগত পাঞ্জাবাৰীস্থিত শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত ৩০ আৰু ৩১ অক্টোবৰত দুদিনীয়াকৈ প্ৰতিদিনে বিয়লি চাৰি বজাৰ পৰা নিশা আঠ বজালৈ দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল ভাৰত আন্তৰ্জাতিক নৃত্য মহোৎসৱ ২০২৫(আই আই ডি এফ)৷

দৰ্পণ ডান্স একাডেমীৰ সঞ্চালক তথা ওডিচি আৰু সত্ৰীয়া নৃত্যৰ স্বনামধন্য শিল্পী ড° অঞ্জনা ময়ী শইকীয়াৰ তত্ত্বাৱধানত গুৱাহাটীত আয়োজন কৰা এই বিশেষ নৃত্য মহোৎসৱত ভাৰতৰ ভিন্ন প্ৰান্তৰৰ বহু শিল্পীয়ে একক, দ্বৈত, ত্ৰয় আৰু দলীয়ভাৱে সত্ৰীয়া, ওডিচি, ভাৰত নাট্যম, কথক, মণিপুৰী, কুচিপুড়ি আদি নৃত্য পৰিৱেশন কৰে৷

মহোৎসৱৰ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে বায়নাচাৰ্য ঘনকান্ত বৰা বৰবায়ন, উত্তৰ-পূৱ মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক ড° প্ৰসন্ন গগৈ, বিশিষ্ট মূকাভিনয় শিল্পী মইনুল হক,সত্ৰীয়া কেন্দ্ৰৰ সঞ্চালক ড° প্ৰতিভা শৰ্মা, সত্ৰীয়া নৃত্যৰ গুৰু ৰঞ্জুমণি শইকীয়া আৰু ৰিঞ্জুমণি শইকীয়া,কথক নৃত্যৰ গুৰু মৰমী মেধি,শিল্পী জয়প্ৰকাশ মেধি, সত্ৰীয়া নৃত্য শিল্পী ক্ৰমে অনিতা শৰ্মা, মিৰনন্দা বৰঠাকুৰ, অনন্যা তালুকদাৰ,কথক নৃত্যশিল্পী বিজয় শ্ৰীবাস্তৱ, ভাৰত নাট্যম নৃত্যশিল্পী অনু বসুমতাৰী, উপাসনা মহন্ত, নিবেদিতা তৰফদাৰ আদিকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকি মহোৎসৱৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷

মহোৎসৱৰ প্ৰথমদিনা বন্তি প্ৰজ্বলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ সমান্তৰালভাৱে প্ৰয়াত গণশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি, মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰে উদ্যোক্তাসকলে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!