অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

MP SPORTS FESTIVAL 2025: ডিব্ৰুগড়ত ‘সাংসদ খেল মহোৎসৱ’ৰ শুভ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Spread the love

ডিব্ৰুগড়ত ‘সাংসদ খেল মহোৎসৱ’ৰ শুভ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

প্ৰতিগৰাকী নাগৰিকক ‘খেলোগে তো খিলোগে’ৰ আৰ্হি অনুকৰণ কৰাৰ আহ্বান

DD TIMES ডিব্ৰুগড়, ৩১ অক্টোবৰ, ২০২৫ঃ আজি ডিব্ৰুগড়ত অনুস্থিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ’সাংসদ খেল মহোৎসৱ’ৰ শুভাৰম্ভ কৰে৷


অনুষ্ঠানটিত সোণোৱালৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকন, বিধায়ক তেৰশ গোৱালা, চক্ৰধৰ গগৈ, সুৰেণ ফুকন, সঞ্জয় কিশান, ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ সভাপতি ক্ৰমে দুলাল বড়া, কুশকান্ত বড়া, অসম গণ পৰিষদৰ ডিব্ৰুগড় জিলাৰ সভাপতি আদিত্য গোস্বামী, অসম হাউছিং বৰ্ডৰ অধ্যক্ষ পুলক গোঁহাই, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ শৈকত পাত্ৰ, ডেপুটি মেয়ৰ উজ্বল ফুকন,ডিব্ৰুগড় জিলা ক্ৰীড়া সন্হাৰ সভাপতি নিৰঞ্জন শইকীয়া প্ৰমুখ্যে বিভিন্ন ক্ৰীড়াক্ষেত্ৰত অসমক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷

প্ৰতিগৰাকী অংশগ্ৰহণকাৰীকে ক্ৰীড়াক্ষেত্ৰ খনক এক সাধনাক্ষেত্ৰ হিচাপে গ্ৰহণ কৰি আন্তৰিকতাৰে অংশ লবলৈ কৰিবলৈ আহ্বান জনাই সোণোৱালে কয় যে ভাৰতবৰ্ষৰ ১৪০ কোটি জনতাই ক্ৰীড়াৰ যোগেৰে নিজৰ শৰীৰ আৰু মন একাকাৰ কৰি সুস্থ, সৱল, সতেজ আৰু সক্ৰিয় হৈ বিশ্বজয় কৰাৰ বাটত আগুৱাই যাব লাগিব৷

বিশ্বগুৰু হিচাপে নিজকে চিনাকি দিবলৈ নিজকে সুস্থ, সতেজ আৰু শক্তিশালী কৰি ৰখাৰ ওপৰত আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰীজনে কয়- “মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বলিষ্ঠ নেতৃত্বত আজি ভাৰতবৰ্ষই বিশ্বৰ বুকুত চতুৰ্থ বৃহৎ অৰ্থনীতি হিচাপে চিনাকি দিবলৈ সক্ষম হৈছে৷

২০২৯ চনলৈ আমি বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হ’ম আৰু ২০৪৭ চনলৈ ভাৰতবৰ্ষক বিশ্বৰ সবাতোকৈ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ য়ি সপোন প্ৰধানমন্ত্ৰীয়ে দেখিছে তাক সফল কৰিবলৈ আমি আটায়ে শাৰীৰিক তথা মানসিকভাৱে নিৰোগী আৰু সৱল হৈ থাকিব লাগিব৷”

“খেলোগে তো খিলোগে”- এই নীতিৰ আধাৰত প্ৰতিগৰাকী নাগৰিকক ক্ৰীড়াসুলভ মনোবৃত্তিৰে এটি মহৎ উদ্দেশ্য লৈ আগবাঢ়ি যাবলৈ আহ্বান কৰে সোণোৱালে৷

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ গীতৰ কলিৰ উদ্ধৃতি দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়– এই পৃথিৱী এক ক্ৰীড়াঙ্গণ, ক্ৰীড়াই হ’ল শান্তিৰ প্ৰাঙ্গণ৷

শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ক্ৰীড়াৰ প্ৰাসংগিকতাৰ কথাও দোহাৰে সোণোৱালে৷

সাংসদ খেল মহোৎসৱ অনুষ্ঠানটিৰ সফলতাৰ বাবে সভাত উপস্থিত প্ৰতিগৰাকী ব্যক্তিৰ সহায়, সহযোগিতা কামনা কৰি অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে সোণোৱালে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!