ASSAM BOOK FAIR, LAKHIMPUR: আজিৰ পৰা অসম গ্ৰন্থমেলা, লখিমপুৰ
আজিৰে পৰা আৰম্ভ অসম গ্ৰন্থমেলা, লখিমপুৰ
পাঠকৰ মনৰ চাহিদা পূৰাবলৈ গ্ৰন্থ সম্ভাৰ লৈ সাজু বিপণী

DD TIMES লখিমপুৰ, ১ নৱেম্বৰঃ ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা অসম গ্ৰন্থমেলা, বঙাইগাঁৱৰ সফল সামৰণিৰ পাছত এইবাৰ অসম গ্ৰন্থমেলা, লখিমপুৰ আজিৰ পৰা আৰম্ভ হ’ব ৷

লখিমপুৰ কমাৰ্চ কলেজৰ স্প’ৰ্টছ কম্প্লেক্সত ভাষা-সাহিত্য-সংস্কৃতিৰ এলানি আকৰ্ষণীয় কাৰ্যসূচীৰে আজিৰ পৰা দহদিনীয়াকৈ আৰম্ভ হ’ব অসম গ্ৰন্থমেলা ৷
এই বিষয়ে সদৰী কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এক সংবাদ বিজ্ঞপ্তিত কয় যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই লখিমপুৰত দহ দিনীয়াকৈ আয়োজন কৰা গ্ৰন্থমেলাখনৰ আজি বিয়লি ৩-৩০ বজাত অনুষ্ঠিত হ’ব উদ্বোধনী সভা ৷
গ্ৰন্থমেলাখন উদ্বোধন কৰিব শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷ ইয়াত বিশেষ অতিথিপৰূপে অংশগ্ৰহণ কৰিব পশ্চিম বংগৰ বিশিষ্ট সাহিত্যিক বিনোদ ঘোষালে ৷ সভাখনত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব লখিমপুৰ বিধান সভা সমষ্টিৰ বিধায়ক মানৱ ডেকা ৷
ইয়াত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব নাৰায়ণপুৰস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অৰূপজ্যোতি চৌধুৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড° বিভাস চৌধুৰী আৰু লখিমপুৰৰ জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি ৷
বিজ্ঞপ্তিটোত লগতে প্ৰকাশ যে ১ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ অনুষ্ঠিতব্য অসম গ্ৰন্থমেলা, লখিমপুৰৰ আটাইকেইটা দিনতে বিয়লি ২-৩০ বজাৰ পৰা ভাষা-সাহিত্য-সংস্কৃতি-ইতিহাস আদি ভিন্ন বিষয়ক সামৰি আলোচনা সত্ৰ আয়োজনৰ দিহা কৰা হৈছে ৷
ইয়াৰ ভিতৰত আছে ২ নৱেম্বৰত “পদ্মনাথ গোহাঞিবৰুৱা আৰু অসমৰ সমসাময়িক বৌদ্ধিক সমাজ”, ৩ নৱেম্বৰত “ অসমৰ নাট্য আন্দোলনঃ পৰম্পৰা আৰু বিৱৰ্তন” , ৫ নৱেম্বৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে “ড° ভূপেন হাজৰিকাৰ গীতত ঐতিহ্য চেতনা” আৰু ৬ নৱেম্বৰত অনুষ্ঠিতব্য “লখিমপুৰৰ সমাজ-সংস্কৃতি-সাহিত্যঃ অতীত আৰু বৰ্তমান” শীৰ্ষক আলোচনা সত্ৰ ৷ তদুপৰি ৪ নৱেম্বৰত যুৱ-লেখক সন্মিলন, ৭ নৱেম্বৰত লেখক-পাঠক সন্মিলন, ৮ নৱেম্বৰত কবি সন্মিলন আৰু ৯ নৱেম্বৰত আয়োজিত হ’ব শিশুসকলৰ অনুষ্ঠান ‘শিশুৰ দিন“ ৷
তদুপৰি প্ৰতি সন্ধিয়া ৫ বজাৰ পৰা গ্ৰন্থমেলাৰ বাকৰিত ৰূপায়ণ কৰা হ’ব বাৰেবৰণীয়া সাংস্কৃতিক কাৰ্যসূচী ৷ ১০ নৱেম্বৰৰ বিয়লি ৩-৩০ বজাত আয়োজিত হ’ব অসম গ্ৰন্থমেলা, লখিমপুৰৰ সামৰণী অনুষ্ঠান ৷
উল্লেখ্য যে অসম গ্ৰন্থমেলা, লখিমপুৰত ৰাজ্যখনৰ আগশাৰীৰ বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে ৷ ইতিমধ্যে বিপণীৰ কাম সম্পূৰ্ণ হৈ উঠিছে ৷
আজিৰ পৰা বিপণীসমূহত পাঠকৰ মনৰ চাহিদা পূৰণ কৰিবলৈ বাছকবনীয়া গ্ৰন্থ সম্ভাৰ উপলব্ধ হ’ব বুলি বিজ্ঞপ্তিটোত প্ৰকাশ ৷
গ্ৰন্থমেলাখনলৈ লেখক-পাঠক, শিক্ষক-শিক্ষাৰ্থীৰ লগতে সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ৷

