COCOON HOSPITAL & MEDANTA: গুৱাহাটীত ‘ককন হাস্পতাল’ৰ আধাৰশিলা স্থাপন
গুৱাহাটীত ‘ককন হাস্পতাল’ৰ আধাৰশিলা স্থাপনঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভূমি পূজন

DD TIMES গুৱাহাটী, ৩১ অক্টোবৰ, ২০২৫ঃ উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে আজি আৰ জে কৰ্প হেল্থকেয়াৰে গুৱাহাটীৰ সৰুসজাইত ‘ককন হাস্পতাল’ শৃংখলৰ এখন উন্নত মাতৃ আৰু শিশু স্বাস্থ্য সেৱা চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভূমি পূজন অনুষ্ঠানৰ জৰিয়তে অঞ্চলটোলৈ বিশ্বমানৰ আৰু সুলভ মূল্যৰ মাতৃ আৰু শিশু স্বাস্থ্যসেৱা প্ৰদান কৰিব পৰা এক আধুনিক স্বাস্থ্যসেৱা প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়।

৫০খন বিচনাযুক্ত এন এ বি এইচ স্বীকৃতিপ্ৰাপ্ত প্ৰস্তাৱিত এই ‘ককন হাস্পতাল’ হ’ব প্ৰসূতি, স্ত্ৰীৰোগ, আই ভি এফ, শিশু চিকিৎসা আৰু নৱজাতকৰ যত্নৰ অত্যাধুনিক স্বাস্থ্য সেৱা কেন্দ্ৰ। প্ৰায় ১ একৰ মাটিত বিস্তৃত এই চিকিৎসালয়খন উন্নত ক্লিনিকেল আন্তঃগাঁথনি, বিশেষজ্ঞ চিকিৎসকৰ চিকিৎসা সেৱা আৰু স্বাস্থ্য যত্নৰ প্ৰতি দায়বদ্ধ আৰু স্বাস্থ্য যত্ন ল’বলৈ আৰ্হি যুগুত কৰা হৈছে।
প্ৰস্তাৱিত চিকিৎসালয়ৰ এই পদক্ষেপ কাৰ্যক্ষম হলে এই চিকিৎসা সুবিধা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে আঞ্চলিক ৰেফাৰেল চেণ্টাৰ হিচাপে বিবেচিত হ’ব, যিয়ে মহিলা আৰু শিশুসকলক একেটা স্থানতে একত্ৰিত কৰি ব্যাপক স্বাস্থ্যসেৱা আগবঢ়াবলৈ সক্ষম হ’ব।
আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ স্বাস্থ্যসেৱাৰ পৰিৱেশত বিনিয়োগৰ বাবে আগবাঢ়ি অহা আৰ জে কৰ্প হেল্থকেয়াৰৰ পদক্ষেপক প্ৰশংসা কৰে।
তেওঁ ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰৰ এডভাণ্টেজ অসমৰ প্ৰস্তাৱিত লক্ষ্য সমূহৰ এটা অংশ পূৰণ হ’ব বুলি মন্তব্য প্ৰদান কৰে। অনুষ্ঠানত আন কেইবাটাও প্ৰতিষ্ঠান, উদ্যোগ মন্ত্ৰী বিমল বৰা, গুৱাহাটীৰ সাংসদ আৰু ৰাজ্য চৰকাৰৰ বিষয় ববীয়া সকল উপস্থিত থাকে।
ক্লিনিকেল সেৱাৰ বাহিৰেও এই পদক্ষেপৰ লক্ষ্য হৈছে ৭০০ৰো অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা আৰু ক্ৰয়, লজিষ্টিক আৰু সেৱা প্ৰদানৰ বাবে স্থানীয় উদ্যোগৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰি আৰু প্ৰতিৰোধমূলক স্বাস্থ্য শিবিৰ, টিকাকৰণ ড্ৰাইভ আৰু মহিলা আৰু শিশুৰ বাবে বিভিন্ন স্বাস্থ্য সেৱা জনিত কাৰ্যসূচীৰ জৰিয়তে অঞ্চলটোৰ জনসাধাৰণ আৰু সকলো সম্প্ৰদায়ৰ মংগলৰ দিশত আগুৱাই নিয়াৰ জৰিয়তে অসমত এক উল্লেখযোগ্য সামাজিক আৰু অৰ্থনৈতিক প্ৰভাৱ পেলোৱা।
ইয়াৰ উপৰি প্ৰস্তাৱিত প্ৰকল্পটোৱে সমগ্ৰ ৰাজ্যতে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ নিৰন্তৰ প্ৰচাৰ আৰু শৈক্ষিক পদক্ষেপৰ জৰিয়তে স্বাস্থ্য সাক্ষৰতা আৰু সজাগতা বৃদ্ধি কৰিব বিচাৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি আৰ জে কৰ্পৰ অধ্যক্ষ ৰবি কান্ত জয়পুৰীয়াই কয়, “গুৱাহাটীত ‘ককন হাস্পতাল’ ৰ স্থাপনে দেশৰ প্ৰতিটো কোণলৈ বিশ্বমানৰ স্বাস্থ্যসেৱা বিস্তাৰিত কৰাৰ বাবে গ্ৰহণ কৰা আমাৰ যাত্ৰাৰ আৰম্ভণি বুলি কব পাৰি।
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণলৈ উন্নত মাতৃ আৰু শিশু স্বাস্থ্যসেৱা সম্প্ৰসাৰণ কৰি আমি গৌৰৱান্বিত।
এই পদক্ষেপৰ জৰিয়তে আৰ জে কৰ্পে জাতি নিৰ্মাণৰ প্ৰতি থকা নিজৰ দায়বদ্ধতাক পুনৰ দোহাৰাৰ লগতে অঞ্চলটোৰ জনগোষ্ঠীসমূহক সবল আৰু উন্নতি সাধন কৰি তুলিব পৰাকৈ স্বাস্থ্যসেৱা পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰাৰ প্ৰয়াসত অগ্ৰসৰ হৈছে।”
অন্যহাতে ‘ককন হাস্পতাল’ৰ উপাধ্যক্ষ দেৱয়ানী জয়পুৰিয়াই কয় যে ‘গুৱাহাটীত ক’ক’ন হাস্পতালৰ আধাৰশিলা স্থাপন কৰা পদক্ষেপে আৰ জে কৰ্প হেল্থকেয়াৰৰ গুণগত স্বাস্থ্যসেৱাক সুলভ আৰু উভয় কৰি তোলাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।
প্ৰস্তাৱিত এই পদক্ষেপ কেৱল এখন চিকিৎসালয় হিচাপে নহয়, বৰঞ্চ এটা সম্প্ৰদায়ৰ প্ৰতিৰোধমূলক স্বাস্থ্য সেৱা, স্থানীয় নিয়োগ আৰু মহিলা আৰু শিশুৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত সজাগতা মূলক ব্যৱস্থা প্ৰসাৰণৰ এক প্ৰদক্ষেপ আৰু প্ৰতিশ্ৰুতি হিচাপে কল্পনা কৰা হৈছে।
আমি উদ্ভাৱন আৰু উৎকৃষ্টতা প্ৰদৰ্শনৰ জৰিয়তে সততাৰে অসমত স্বাস্থ্য সেৱা আগবঢ়াবলৈ গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ।”

