অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

MISING SAHITYA SABHA 2025: ঢকুৱাখনাত মিচিং সাহিত্য সভাৰ ৪১-সংখ্যক ভাষা দিৱস উদযাপন

Spread the love

ঢকুৱাখনাত মিচিং সাহিত্য সভাৰ ভাষা দিৱস উদযাপন

DD TIMES ঢকুৱাখনা, ৩০ অক্টোবৰঃ সমগ্ৰ মিচিং অধ্যুষিত অঞ্চলত মিচিং ভাষা দিৱসটি বৃহস্পতিবাৰে পালন কৰাৰ সমান্তৰালভাৱে ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তত দিনজোৰা কাৰ্যসূচীৰে পালন কৰে ৪১ সংখ্যক মিচিং ভাষা দিৱস।

মিচিং জনগোষ্ঠীৰ একমাত্ৰ সাহিত্য সংগঠন মিচিং সাহিত্য সভা অৰ্থাৎ মিচিং আগম কৗবাং আৰু জনগোষ্ঠীটোৰ জাতীয় সংগঠনৰ প্ৰবল দাবীত ১৯৮৫ চনৰ ৩০ অক্টোবৰ দিনাই অসম চৰকাৰে মিচিং ভাষাক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল।

১৯৮৫ চনৰ পৰাই প্ৰতিবছৰে ৩০ অক্টোবৰ দিনটোত মিচিং ভাষা দিৱস হিচাপে পালন কৰি আহিছে।


কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত সামূহিক চাফাই কৰাৰ পিছতে পুৱা ৬-৩০ বজাত বৃক্ষ ৰোপণ কৰে উদযাপন সমিতিৰ সম্পাদক দ্বীপেন দলে, পুৱা ৭ বজাত পতাকা উত্তোলন কৰে সভাপতি ৰজনীকান্ত পেগু, পুৱা ৮ বজাত স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সভাপতি সুৰেশ দলে, পুৱা ৯ বজাত সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতাখনি উদ্বোধন কৰে টাকাম মিচিং পৰিন কৗবাঙৰ কেন্দ্ৰীয় সমিতিৰ দিপাঞ্জল দলে৷

দুপৰীয়া ১২ বজাত ভৱজিৎ দলে আৰু প্ৰনৱ দলেৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ দুঃপুমখনি উন্মোচন কৰে সহযোগী অধ্যাপিকা নৰ্থ বেংক মহাবিদ্যায়লৰ গায়ত্ৰী দলে ইয়াৰ পিছতে ৰজনীকান্ত পেগুৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাখন উদ্বোধন কৰে অবসৰপ্ৰাপ্ত অধ্যক্ষ খেৰকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হেমন্ত কুমাৰ পেগু, সভাখন আতঁধৰে ৰাজুকুমাৰ দলে, মুখ্য অতিথি হিচাপে মিচিং স্বায়ত্ব শাসিতপৰিষদৰ অধ্যক্ষ সুনীলকুমাৰ পেগু, বিৰেশ পেগু,প্ৰবীন কুমাৰ মিলি,দুলাল পেগু,নৰেশ পেগু,প্ৰনৱ দলেৰ লগতে কাৰ্যসূচীৰ মাজে মাজে কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন, কবিতা প্ৰতিযোগিতা কৰা হয় আৰু সভাত ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

বৰ্তমান মিচিং অধ্যুষিত অঞ্চলত মিচিং ভাষাৰ ২০০খন প্ৰাথমিক বিদ্যালয় আছে যদিও শিক্ষক নিযুক্তি প্ৰদান নাই কৰা৷

এইয়ে মিচিং ভাষাৰ ২০০খন প্ৰাথমিক বিদ্যালয়ত পৰ্যাপ্ত পৰিমাণে মিচিং ভাষাৰ শিক্ষক নিযুক্তি প্ৰদান কৰিবলৈ শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীক আহ্বান জনাইছে মিচিং আগম কৗবাং অৰ্থাৎ মিচিং সাহিত্য সভাই। দিনটোত নৃত্যগীতৰে জীপালহৈ পৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!