অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

TRAGEDY IN BARHAMPUR NAGAON: লেট্ৰিনৰ টেংকীৰ ভিতৰৰ তক্তা খুলিবলৈ গৈ মিস্ত্ৰীৰ মৃ*ত্যু

Spread the love

বঢ়মপুৰৰ বৰটোপত অকল্পনীয় অঘটনঃ লেট্ৰিনৰ টেংকীৰ ভিতৰৰ তক্তা খুলিবলৈ গৈ মিস্ত্ৰীৰ মৃত্যুঃ মিস্ত্ৰীক উদ্ধাৰ কৰিবলৈ গৈ গৃহস্থৰ মৃ*ত্যু

DD TIMES বঢ়মপুৰ, ৩০ অক্টোবৰঃ নগাঁও জিলাৰ ইটাচালি নগৰ আৰক্ষী চকীৰ অন্তৰ্গত বঢ়মপুৰ বৰটোপত আজি পুৱা ভাগত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা।

অসম আৰক্ষীৰ সহঃপৰিদৰ্শক মন্টু বৰদলৈৰ নিৰ্মীয়মান ঢালাই ঘৰটোৰ লেট্ৰিনৰ টেংকিৰ ভিতৰৰ তক্তা খুলিবলৈ গৈ পুৰণিগুদাম চলচলিৰ চায়েদ ৰাজাক মহম্মদ ওৰফে ভাইটি নামৰ ৰাজ মিস্ত্ৰীজন (৩৫) টেংকিৰ ভিতৰলৈ উঠা-নমা কৰা জখলাটো ভাঙি তলত পৰি যায়।

উশাহ-নিশাহ ল’বলৈ অতি কষ্টকৰ টেংকিটোৰ তলত পৰি যোৱাৰ পিছত ভাইটি নামৰ মিস্ত্ৰীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ইফালে মিস্ত্ৰীজন পৰি যোৱাৰ পিছত ঘৰৰ গৃহস্থ মন্টু বৰদলৈ টেংকিৰ ভিতৰলৈ মিস্ত্ৰীজনক উদ্ধাৰ কৰিবলৈ যায় যদিও তেওঁৰো টেংকীৰ ভিতৰতে মৃত্যু হয়।

ইফালে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভাইটি মিস্ত্ৰীয়েও উশাহ ল’ব নোৱাৰি টেংকীৰ ভিতৰতে মৃত্যু হয়।

উল্লেখযোগ্য যে, আৰক্ষী বাহিনীৰ সহকাৰী পৰিদৰ্শক মন্টুয়ে নিজৰ সপোনৰ ঘৰখন নিৰ্মাণ কৰিবলৈ মিস্ত্ৰীৰ লগত নিজেও হাতে-কামে লাগি আছিল।

কিন্তু মন্টু বৰদলৈৰ সপোনৰ ঘৰখনত থকাৰ সপোন নিয়তিয়ে কাঢ়ি লৈ গ’ল।

ইফালে ৰাজমিস্ত্ৰী কৰি পৰিয়াল পোহপাল দিয়া ভাইটি মিস্ত্ৰীৰো জীৱন কাঢ়ি লৈ গ’ল অভিশপ্ত টেংকীটোৱে।

এই ঘটনাৰ পিছত দুয়োটা পৰিয়ালতে লাগিছে হাহাকাৰ। শোকৰ ছাঁ পৰিছে বঢ়মপুৰৰ লগতে চলচলিতো।পত্নীসহ এটা সন্তানৰে সুখৰ সংসাৰখন অকালতে মৰহি গ’ল মন্টু বৰদলৈৰ পৰিয়ালৰ।

অভিশপ্ত টেংকীত পৰি মিস্ত্ৰী আৰু গৃহস্থৰ মৃত্যু হোৱাৰ পিছত ঘটনাস্থলীত আৰক্ষী, এছ ডি আৰ এফ বাহিনী আৰু স্থানীয় লোক উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!