অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

POPULAR ARTISTS: জনপ্ৰিয় দিহানামৰ শিল্পী, নামতি লিজা শইকীয়া দাসৰ বিয়োগ

Spread the love

জনপ্ৰিয় দিহানামৰ শিল্পী, নামতি লিজা শইকীয়া দাসৰ বিয়োগ, নগাঁৱত শোকৰ ছাঁ

DD TIMES বঢ়মপুৰ, ২৯ অক্টোবৰঃ অসমৰ এগৰাকী জনপ্ৰিয় দিহানামৰ শিল্পী, ভক্তিমূলক নামৰ নামতি, ৰাসৰ নেপথ্য শিল্পী লিজা শইকীয়া দাসৰ মঙলবাৰে পুৱা মৃত্যু হয়।

নগাঁৱৰ ডিমৰুগুৰিৰ সতী জয়মতী পথ নিবাসী জনপ্ৰিয় শিল্পীগৰাকী নিউমোনিয়া ৰোগত আক্ৰান্ত হৈ নগাঁও চহৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় কপিলী নাৰ্চিং হোমত দুদিন ধৰি চিকিৎসাধীন হৈ আছিল। মঙলবাৰে পুৱা ভাগত শিল্পীগৰাকীয়ে মৃত্যুক আঁকোৱালি লয়।

এগৰাকী সুদক্ষ দিহানামৰ শিল্পী হিচাপে পৰিচিত লিজা শইকীয়া দাসে সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল।

নগাঁৱৰ ডিমৰুগুৰিৰ ‘শংকৰী সাংস্কৃতিক গোষ্ঠী’ দিহানাম দলৰ মুখ্য পৰিবেশিকা আছিল শিল্পী গৰাকী। লিজা শইকীয়া দাসৰ মাতৃগৃহ আছিল বেবেজীয়াৰ ১নং গেদাৰবৰীত।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৩২ বছৰ। আকস্মিকভাবে মৃত্যু হোৱা শিল্পীগৰাকীৰ মৃত্যুত বৃহত্তৰ ডিমৰুগুৰি অঞ্চলৰ লগতে নগাঁৱৰ সৰ্বত্ৰে শোকৰ ছাঁ পৰিছে।

‘শংকৰী সাংস্কৃতিক গোষ্ঠী’ দিহানামৰ দলৰ লগতে নগাঁৱৰ সকলো দিহানামৰ দলে শিল্পী গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত তেওঁ স্বামী আৰু এটা শিশু সন্তান সহ বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!