SOCIAL WORKER: বিশিষ্ট সমাজসেৱক, অসম আন্দোলনৰ কৰ্মী ৰহিম উদিন আহমেদৰ বিয়োগ
বিশিষ্ট সমাজসেৱক, অসম আন্দোলনৰ কৰ্মী ৰহিম উদিন আহমেদৰ বিয়োগ

DD TIMES বঢ়মপুৰ, ২৯ অক্টোবৰঃ দক্ষিণ নগাঁৱৰ মৰিকলং মুছলমানগাঁও নিবাসী বিশিষ্ট সমাজসেৱক, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ কৰ্মী, সদৌ অসম ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতিৰ একালৰ সক্ৰিয় সদস্য ৰহিম উদ্দিন আহমেদ (৬৯)ৰ যোৱা ২৭ অক্টোবৰৰ নিশা হৃদৰোগজনিত কাৰণত অকাল মৃত্যুক আকোঁৱালি লয়।
তেওঁ স্থানীয় অঞ্চলটোৰ জ্যোতি সংঘ, অসমী পুথিভঁৰালকে ধৰি বহু সামাজিক, সাংস্কৃতিক, ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত মৃত্যু পৰ্যন্ত জড়িত হৈ যথেষ্ট অৱদান আগবঢ়াই গৈছে।
তেওঁৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পত্নী, পো-বোৱাৰী, জীয়ৰী, নাতিকে ধৰি বহু আত্মীয়-স্বজনক এৰি থৈ যায়।
উল্লেখ্য যে প্ৰায় তিনি বছৰ পূৰ্বে তেওঁৰ একমাত্ৰ চিকিৎসক পুত্ৰই পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লোৱাত পৰিয়ালটোৱে চৰম দুঃচিন্তাৰ মাজেৰে দিন কটাইছিল।

