অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

TIWA AUTONOMUS COUNCIL: তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য চিদাম দেউৰীক স্মৰণ

Spread the love

তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য চিদাম দেউৰীৰ সোঁৱ‌ৰণত স্মৃতিচাৰণ সভা

DD TIMES গুৱাহাটী, ২৯ অক্টোবৰঃ তিৱা স্বায়ত্ব পৰিষদৰ প্ৰেক্ষাগৃহত প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিশিষ্ট সাহিত্যক চিদাম দেউৰীৰ সোঁৱৰণত বুধবাৰে এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।

পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মচৰঙে আঁত ধৰা
স্মৃতিচাৰণ সভাখনিত উপস্থিত থাকে মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, অধ্যক্ষ মদন বৰদলৈ, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা, প্ৰতিষ্ঠাপক মুখ্য কাৰ্য্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাডু কাকতি, কাৰ্যবাহী সদস্য খগেন বৰদলৈ, সদৌ তিৱা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ৰিমল আমছি, অসম সৌৰভ বঁটা প্ৰাপক বিশিষ্ট তিৱা সাংস্কৃতিক সাধক নাদীৰাম দেউৰী,তিৱা জাতীয় সংগঠণৰ প্ৰাক্তন অগ্ৰণী নেতা ৰবাৰ্ট লুম্ফৈ, প্ৰাক্তন তিৱা ছাত্ৰ নেতা ভূপেন খলাৰ, চিমল দেউৰী, জনাৰ্দন পাটৰৰ লগতে তিৱা স্বায়ত্ব পৰিষদৰ বিষয়ববীয়া, পৰিষদৰ কৰ্মচাৰীসকল আৰু জাতীয় সংগঠনৰ বিষয়ববীয়াসকল।

উক্ত স্মৃতিচাৰণ সভাত প্ৰয়াত চিদাম দেউৰীৰ ফটোত বন্তি প্ৰজ্বলন আৰু পুষ্পঞ্জলি অৰ্পন কৰা হয়।

সভাত উপস্থিত থাকি তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য, মৰিগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা তিৱা জনগোষ্ঠীৰ অন্যতম অভিভাৱক স্বৰূপ সদ্য প্ৰয়াত চিদাম দেউৰী দেৱৰ তিৱা জাতিৰ প্ৰতি আগবঢ়োৱা অৱদানৰ কথা সুঁৱৰে।

তেওঁ প্রয়াত চিদাম দেউৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি তেখেতে তিৱা পৰিষদখন সুস্থিৰ আৰু সৱল ৰূপত প্ৰতিষ্ঠা কৰাৰ লগতে তিৱা ভাষা সংস্কৃতিৰ উত্তৰণৰ বাবে কৰা প্ৰচেষ্টাক শলাগ লৈ তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰে।

সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলেও প্ৰয়াত দেউৰীৰ কথা সুঁৱৰি শ্ৰদ্ধা নিবেদন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!