NIJUT MOINA SCHEME 2025: বঢ়মপুৰ সমষ্টিত নিযুত মইনা আঁচনিৰ চেক বিতৰণ
বঢ়মপুৰ সমষ্টিত নিযুত মইনা আঁচনিৰ চেক বিতৰণ

DD TIMES বঢ়মপুৰ, ২৯ অক্টোবৰঃ নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়কৰ তত্বাৱধানত আৰু ননৈ মহাবিদ্যালয়ৰ সহযোগত ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ২৭ অক্টোবৰত সমষ্টিটোৰ অন্তৰ্গত যমুনামুখ কলেজ, কামপুৰ কলেজ, ননৈ কলেজ, বিৰিঞ্চি কুমাৰ বৰুৱা কলেজ, ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কমলা নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বঢ়মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কঠিয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়, কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, চাপানলা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, যমুনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৰ্বমুঠ প্ৰায় দুহাজাৰ পাঁচশগৰাকী ছাত্ৰীক অসম চৰকাৰৰ নিযুত মইনা আঁচনি-২০২৫ৰ চেক বিতৰণ কাৰ্যসূচী সম্পন্ন হয়।

ননৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুট মণি শইকীয়াৰ তত্ত্বাৱধানত মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকাসকলে সুচাৰু ৰূপে পৰিচালনা কৰা অনুষ্ঠানটিৰ প্ৰাক্ মুহূৰ্তত অধ্যাপক ড° বসন্ত বৰাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘অসমীয়া ডেকাৰ উক্তি’ কবিতাৰ আবৃত্তি, ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ স্বেচ্ছাসেৱক তথা ছাত্ৰ অভিজিৎ বৰা আৰু ৰাজা হাজৰিকাই সৃষ্টিশীল নৃত্য, অধ্যাপিকা ড° কবিতা দেৱী কুশ্ৰে আৰু সাংস্কৃতিক কৰ্মী পংকজ ভট্টাচাৰ্যই দেশপ্ৰেমমূলক কবিতা আবৃত্তি আৰু ছাত্ৰ পৰাগ কলিতাই ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে।

পুৱা ১১ বজাত বিধায়ক জিতু গোস্বামীয়ে বন্তি প্ৰজ্বলনেৰে চেক বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পাছতেই অসম চৰকাৰে কেন্দ্ৰীয়ভাবে আয়োজন কৰা নিযুত মইনা আঁচনি-২০২৫ৰ মূল কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা মনোজ্ঞ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ ভিডিঅ’ কনফাৰেঞ্চৰ যোগেদি সকলোৱে প্ৰত্যক্ষ কৰে।

তাৰ পাছতেই তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ, ভাৰতীয় জনতা পাৰ্টিৰ কলিয়াবৰ জিলাৰ সভাপতি বাবুল বৰা, নগাঁও জিলা শিক্ষা বিভাগৰ সহকাৰী আয়ুক্ত
পংকজ নাগবংশী, কামপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অনন্যা লহকৰ, চামগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ড° ময়ূৰপংখী বৰা, নগাঁও আৰবান ওৱাটাৰ ৰিছৰ্ছৰ উপ-সঞ্চালক মহেন্দ্ৰ কোঁৱৰ, কামপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অসীম বৰা, ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সঞ্জীৱ কুমাৰ কলিতা প্ৰমুখ্যে বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষসকল, শিক্ষাগুৰুসকল আৰু ছাত্ৰীসকলৰ উপস্থিতিত বিশিষ্ট অতিথি ৰূপে আসন গ্ৰহণ কৰি বিধায়ক জিতু গোস্বামীয়ে নিযুত মইনা আঁচনিৰ গুৰুত্ব আৰু ইয়াৰ উপকাৰিতা সম্পৰ্কে বক্তব্য প্ৰদান কৰি ১২খন শিক্ষানুষ্ঠানৰ পাঁচগৰাকীকৈ ছাত্ৰী প্ৰতিনিধিক চেক বিতৰণ কৰে।
বক্তব্য প্ৰসংগত বিধায়ক গৰাকীয়ে সমষ্টিটোৰ অন্তৰ্গত ননৈ কলেজ, কামপুৰ কলেজ আৰু বিৰিঞ্চি কুমাৰ বৰুৱা কলেজত এটিকৈ ব্যায়ামাগাৰ স্থাপনৰ বাবে ১০ লাখকৈ টকা অনুদান হিচাপে আগবঢ়াব বুলি ঘোষণা কৰে আৰু পৰৱৰ্তী সময়ত সমষ্টিটোৰ প্ৰত্যেকখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ব্যায়ামাগাৰ স্থাপন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-কৰ্মচাৰীসকলৰ শাৰীৰিক স্বাস্থ্য বৰ্তাই ৰখাত পূৰ্ণ সহযোগ কৰিব বুলি আশ্বাস প্ৰদান কৰে।
ননৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুট মণি শইকীয়াই শলাগ জ্ঞাপন কৰা আৰু বৃহত্তৰ ননৈ অঞ্চলৰ গণ্য-মান্য ব্যক্তিৰ অংশগ্ৰহণে সৌষ্ঠৱ বৃদ্ধি কৰা সভাখনিৰ আঁত ধৰে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° বসন্ত বৰাই।

