অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

BHARAT SINGAPOE NEDERLANDS: ছিংগাপুৰ, নেদাৰলেণ্ডৰ সৈতে সেউজ জাহাজ পৰিবহণ কৰিড’ৰৰ শুভাৰম্ভ ভাৰতৰ

Spread the love

ছিংগাপুৰ, নেদাৰলেণ্ডৰ সৈতে সেউজ জাহাজ পৰিবহণ কৰিড’ৰৰ শুভাৰম্ভ ভাৰতৰ

বন্দৰৰ নিৰ্গমন নিয়ন্ত্ৰণৰ বাবে প্ৰথম ৰাষ্ট্ৰীয় তীৰ শক্তি মান মুকলি

“ভাৰতে নেট জিৰ’ ভিজনৰ অধীনত ২০৪৭ চনৰ ভিতৰত প্ৰতি টন কাৰ্গ’ত কাৰ্বন নিৰ্গমন ৭০% কৰ্তনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে”: সৰ্বানন্দ সোণোৱাল

ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ত সেউজ জাহাজ পৰিবহণ বৃদ্ধি, বন্দৰ আধুনিকীকৰণ আৰু প্ৰতিৰক্ষা জাহাজ নিৰ্মাণৰ অংশীদাৰিত্ব ত্বৰান্বিত

ভাৰতে ক্ৰুজ আন্তঃগাঁথনিৰ বাবে নতুন ইনচেণ্টিভ ঘোষণা কৰে

ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন মিছন আৰু ৬৯,৭২৫ কোটি টকাৰ জাহাজ নিৰ্মাণ পেকেজৰ দৰে ঐতিহাসিক পদক্ষেপে আমাৰ সেউজ বন্দৰৰ লক্ষ্যক বাস্তৱত পৰিণত কৰিছেঃ সোণোৱাল

ভাৰতে ন’ৰৱেৰ বাবে বিশ্বৰ প্ৰথমখন শূন্য নিৰ্গমনৰ স্বতন্ত্ৰ জাহাজ আৰু হাইড্ৰ’জেন চালিত কণ্টেইনাৰ জাহাজ নিৰ্মাণ কৰি আছেঃ সোণোৱাল

DD TIMES মুম্বাই, ২৮ অক্টোবৰ ২০২৫ঃ ইণ্ডিয়া মেৰিটাইম উইক ২০২৫ৰ দ্বিতীয় দিনটোত মুম্বাইৰ নেস্কো প্ৰদৰ্শনী কেন্দ্ৰ আৰু অন্যান্য স্থানসমূহত উচ্চ পৰ্যায়ৰ আলোচনা, বিভিন্ন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক আৰু বিভিন্ন অধিৱেশন অনুষ্ঠিত হয়।

সৰ্বানন্দ সোণোৱালৰ দায়িত্বত থকা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ দ্বিতীয় দিনটোত আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি দল, ৰাজ্য চৰকাৰসমূহৰ প্ৰতিনিধি আৰু সামুদ্ৰিক খণ্ড তথা উদ্যোগৰ নেতৃবৰ্গই বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাত মিলিত হয় আৰু ভাৰতৰ মেৰিটাইম অমৃতকাল দৃষ্টিভংগী ২০৪৭ক এক নতুন গতি প্ৰদানৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহত আলোকপাত কৰে।‌

দ্বিতীয় দিনটোত সেউজ সামুদ্ৰিক পৰিৱেশতন্ত্ৰ, অন্তৰ্দেশীয় জলপথৰ ত্বৰান্বিতকৰণ, সামুদ্ৰিক সুৰক্ষা, ক্ৰুজ পৰ্যটন আৰু বিশ্বৰ যোগান শৃংখলাৰ সশক্তিকৰণৰ সন্দৰ্ভত বিভিন্ন অধিৱেশন অনুষ্ঠিত হৈছিল। ন’ৰৱে আৰু চুইডেনৰ সৈতে ভাৰতৰ অধিৱেশনসমূহে সেউজ জাহাজ পৰিবহণ, জাহাজ নিৰ্মাণ আৰু প্ৰযুক্তিগত দ্বিপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰে।

বিভিন্ন অধিৱেশনত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ আৰু সহযোগী মন্ত্ৰালয়সমূহৰ জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰে।

ন’ৰৱে, চুইডেন আৰু ম্যানমাৰৰ নেতৃবৰ্গই ভাৰতৰ সৈতে বহনক্ষম জাহাজ পৰিবহণ, স্থিতিস্থাপক লজিষ্টিক আৰু অধিক নিৰাপদমূলক সমুদ্ৰপথৰ ৰোডমেপ প্ৰস্তুত কৰাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।

ভাৰতে ক্ৰুজ আন্তঃগাঁথনিৰ বাবে নতুন ইনচেণ্টিভ ঘোষণা কৰিছে, যাৰ অধীনত বিদ্যুৎ শুল্ক ৰেহাই, সুতৰ বিভিন্ন সুবিধা আদি বিভিন্ন ধৰণৰ সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে যাতে সামুদ্ৰিক তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ খণ্ডৰ উন্নয়নৰ প্ৰতি বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰিব পৰা যায়।

আনহাতে চুইডেনে বৈদ্যুতিক জাহাজ, এআই-ভিত্তিক স্বয়ংক্ৰিয়কৰণ আৰু স্মাৰ্ট বন্দৰ ব্যৱস্থাপনাত অংশীদাৰিত্বৰ পথ প্ৰশস্ত কৰে, যি সেউজ আৰু ডিজিটেল সামুদ্ৰিক ৰূপান্তৰৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে চিহ্নিত হৈছে।

ভাৰতে ছিংগাপুৰ, নেদাৰলেণ্ডৰ সৈতে সেউজ জাহাজ পৰিবহণ কৰিড’ৰৰ শুভাৰম্ভ কৰে; বন্দৰৰ নিৰ্গমন নিয়ন্ত্ৰণৰ বাবে প্ৰথম ৰাষ্ট্ৰীয় তীৰ শক্তি মান মুকলি কৰা হয়। তদুপৰি ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ত সেউজ জাহাজ পৰিবহণ বৃদ্ধি, বন্দৰ আধুনিকীকৰণ আৰু প্ৰতিৰক্ষা জাহাজ নিৰ্মাণৰ অংশীদাৰিত্বও ত্বৰান্বিত কৰা হয়।

আজিৰ দিনটোত কেইবা হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

ন’ৰৱে আৰু চুইডেনৰ সৈতে হোৱা অধিৱেশনসমূহে উত্তৰ ইউৰোপৰ সৈতে ভাৰতৰ বৰ্ধিত সামুদ্ৰিক সম্পৰ্কক আলোকপাত কৰে, য’ত জাহাজৰ মালিক, প্ৰযুক্তি কোম্পানী আৰু উদ্ভাৱনী সংস্থাসমূহেও অংশগ্ৰহণ কৰে।

‘ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫’ৰ আজি দ্বিতীয় দিনটোৰ আৰম্ভণিতে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ওড়িশাৰ উপ-মুখ্যমন্ত্ৰী প্ৰভাতী পৰিদা আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰৰ সৈতে সামুদ্ৰিক ঐতিহ্য দিনৰ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়, “সহস্ৰাব্দ ধৰি বিস্তৃত ভাৰতৰ সামুদ্ৰিক দক্ষতা অতুলনীয়। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমি সক্ৰিয়তাৰে দেশৰ এই গৌৰৱময় ঐতিহ্যক পুনৰুজ্জীৱিত কৰিছোঁ। গুজৰাটৰ লোথালত নিৰ্মীয়মান ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স এই দৃষ্টিভংগীৰে ফলপ্ৰসূ ৰূপায়ণৰ এক দৃষ্টান্ত।”

উক্ত অনুষ্ঠানতে ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সৰ ল’গ’, গৱেষণা প্ৰতিবেদন আৰু এই কীৰ্তিচিহ্নস্বৰূপ প্ৰকল্পটোৰ সন্দৰ্ভত প্ৰস্তুত কৰা কফি টেবুল গ্ৰন্থ এখনো উন্মোচন কৰা হয়।

মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ অংশ হিচাপে সেউজ সামুদ্ৰিক দিৱসত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ন’ৰৱেৰ মীন আৰু মহাসাগৰীয় নীতি মন্ত্ৰী মাৰিয়ান ছিভাৰ্টছেন নেইছৰ সৈতে এক গুৰুত্বপূৰ্ণ সভাত মিলিত হয় আৰু দুয়োখন দেশৰ মাজত পাৰস্পৰিক সামুদ্ৰিক সমৃদ্ধিৰ বিভিন্ন দিশৰ অন্বেষণ কৰি আৰু দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়, “মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতে দ্ৰুতগতিত সামুদ্ৰিক অমৃতকাল দৃষ্টিভংগী ২০৪৭ অভিমুখে আগুৱাই গৈছে। ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন মিছন আৰু ৬৯,৭২৫ কোটি টকাৰ জাহাজ নিৰ্মাণ পেকেজৰ দৰে ঐতিহাসিক পদক্ষেপে আমাৰ সেউজ বন্দৰৰ লক্ষ্যক বাস্তৱত পৰিণত কৰিছে।

ভাৰতৰ বাবে এক বহনক্ষম নীল অৰ্থনীতি গঢ়ি তোলাৰ মূল চাবিকাঠী হৈছে বিশ্বব্যাপী অংশীদাৰিত্ব। সেয়ে আমি বিশ্বৰ বিভিন্ন সামুদ্ৰিক ৰাষ্ট্ৰৰ সৈতে পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰিছোঁ। ভাৰত-ন’ৰৱেৰ সামুদ্ৰিক সম্পৰ্কই বহনক্ষম ভৱিষ্যতৰ পথ নিৰ্ধাৰণ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৃষ্টিভংগীৰে উদ্বুদ্ধ হৈ সেউজ জাহাজ চলোৱাৰ ক্ষেত্ৰত আমাৰ পাৰস্পৰিক সহযোগিতাই ফল দিছে।

ভাৰতে ন’ৰৱেৰ বাবে বিশ্বৰ প্ৰথমখন শূন্য নিৰ্গমনৰ স্বতন্ত্ৰ জাহাজ আৰু হাইড্ৰ’জেন চালিত কণ্টেইনাৰ জাহাজ নিৰ্মাণ কৰি আছে। আনহাতে ন’ৰৱেৰ সহযোগত আমি ভাৰতৰ প্ৰথমখন মেৰু গৱেষণা জাহাজো নিৰ্মাণ কৰি আছোঁ। আমি একেলগে সেউজ, ডিজিটেল আৰু সমৃদ্ধিশালী সামুদ্ৰিক ভৱিষ্যতৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।”

“ভাৰতে নেট জিৰ’ ভিজনৰ অধীনত ২০৪৭ চনৰ ভিতৰত প্ৰতি টন কাৰ্গ’ত কাৰ্বন নিৰ্গমন ৭০% কৰ্তনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে”, সৰ্বানন্দ সোণোৱালে আজি লগতে কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!