অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

SPORTS PERSON: ক্ৰীড়ামহিৰূহ পুলিন দাসৰ ১০৭ সংখ্যক জন্ম দিৱস আৰু সোঁৱৰণী স্মাৰক বক্তৃতানুষ্ঠান

Spread the love

পহিলা নৱেম্বৰত ক্ৰীড়ামহিৰূহ পুলিন দাসৰ ১০৭ সংখ্যক জন্ম দিৱস আৰু সোঁৱৰণী স্মাৰক বক্তৃতানুষ্ঠান

DD TIMES গুৱাহাটী, ২৯ অক্টোবৰঃ অসমৰ ক্ৰীড়া সাংবাদিকতাৰ বাটকটীয়া, ক্ৰীড়া সংগঠক, ক্ৰীড়া মহীৰূহ পূলিন দাসৰ ১০৭ সংখ্যক জন্মজয়ন্তী আৰু স্মাৰক বক্তৃতা অনুষ্ঠান গুৱাহাটীস্থিত ইণ্ডিয়া ক্লাব প্ৰাংগনত অহা ১ নৱেম্বৰত বিয়লি ৩.৩০ বজাত অনুষ্ঠিত হব।

পুলিন দাস স্মৃতি ৰক্ষা সমিতিয়ে আয়োজন কৰা এই অনুষ্ঠানত অসমৰ প্ৰখ্যাত প্ৰাক্তন আন্তৰাষ্ট্ৰীয় বেডমিন্টন খেলুৱৈ আৰু বৰ্তমান অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যবাহী সঞ্চালক মাধুৰ্য্য বৰুৱাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি ” অসমৰ বিশেষ উধৃতিৰে আমাৰ দেশৰ ক্ৰীড়া ব্যৱস্থাৰ বিকাশত কৰ্পোৰেট প্ৰতিষ্ঠান সমূহৰ ভূমিকা” শীৰ্ষক পুলীন দাস স্মাৰক বক্তৃতা প্ৰদান কৰিব। আনহাতে, বিশিষ্ট সমাজসেৱক আৰু পদ্মশ্ৰী বঁটা প্ৰাপক অজয় দত্তই অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব।

পুলিন দাস স্মৃতি ৰক্ষা সমিতিৰ হৈ সম্পাদক কল্যাণ কুমাৰ দাসে অনুষ্ঠানত ক্ৰীড়া আৰু সংকৃতিক অনুৰাগীৰ উপস্থিতি কামনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!