অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

TEZPUR UNIVERSITY: তেজপুৰ বিশ্ববিদ্যালয়ত দৰ্পণ সত্যাগ্ৰহ

Spread the love

তেজপুৰ বিশ্ববিদ্যালয়ত দৰ্পণ সত্যাগ্ৰহ

DD TIMES তেজপুৰ, ২৯ অক্টোবৰঃ আইনা ত’ চাফ হ্যে, আপ চেহৰা চাফ কিজিয়ে অৰ্থাৎ আইনাতো পৰিস্কাৰ হৈ আছে,আপুনি চেহেৰা পৰিস্কাৰ কৰক৷

তেজপুৰ বিশ্ব বিদ্যালয়ত সোমবাৰে সন্ধ্যা এইদৰেই উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে ধৰ্ণা দি প্ৰতিবাদ সাব্যস্ত কৰিলে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজে৷

উল্লেখযোগ্য যে, যোৱা ২২ ছেপ্টেম্বৰৰ পৰা এই পৰ্যন্ত বিশ্ববিদ্যালয় চৌহদত ধাৰাবাহিকভাৱে অব্যাহত আছে আন্দোলনৰ কাৰ্যসূচী৷দৈনিক শ্ৰেণীসমূহ সম্পন্ন হোৱাৰ পিচত সন্ধিয়া ছাত্ৰ সমাজে ন্যায় বিচাৰি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাটো সম্প্ৰতি এক ৰুটিনত পৰিণত হৈছে৷উপাচাৰ্য শম্ভুনাথ সিঙৰ বিপৰীতে বিশ্ববিদ্যালয় চৌহদত ওলমিছে ছেম্ভুনাথ শীৰ্ষক পোষ্টাৰ৷

উল্লেখ্য, বিশ্ববিদ্যালয়খনত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰসমাজে ৰূপায়ণ কৰা দৰ্পণ সত্যাগ্ৰহ শীৰ্ষক কাৰ্যসূচী সন্দৰ্ভত কোৱা হৈছে যে, যেতিয়া দুৰ্নীতিয়ে নিজকে চাবলৈ অস্বীকাৰ কৰিছে তেনে সময়তে আমি সত্যৰ আইনাখন ডাঙি ধৰিছোঁ৷

উল্লেখ্য, বগা পোচাক পৰিধান কৰি এই প্ৰতিকী আন্দোলনত অংশগ্ৰহণ কৰি ছাত্ৰ সমাজে লগতে কয় যে নিৰ্ভেজাল, শান্তি আৰু ঐক্যতাৰ প্ৰতীক হিচাপে সকলোৱে বগা পোচাক পৰিধান কৰি ৰূপায়ণ কৰে এই দৰ্পণ সত্যাগ্ৰহ কাৰ্যসূচীৰ৷

হাতে হাতে আইনা লৈ প্ৰতিবাদকাৰীসকলে তেজপুৰ বিশ্ববিদ্যালয়ৰ আভ্যন্তৰত সংঘটিত হৈ থকা সকলো অনিয়ম প্ৰতিফলিত কৰা এই আন্দোলনৰ কাৰ্যসূচীত অংশ লৈ ছাত্ৰ সমাজে কয় যে, আইনাৰ প্ৰতিফলন চাবলৈ দুৰ্নীতি অনিয়মৰে জড়িত সকলে ভয় কৰে৷

গীত,যন্ত্ৰসংগীত, বক্তৃতা, কবিতা আৰু শায়েৰীৰে কৰা এই প্ৰতিবাদত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ লগতে প্ৰশাসনিকভাৱে সংঘটিত অনিয়মৰ বিৰুদ্ধে সকলো সোচ্চাৰ হৈ উঠে৷ উল্লেখযোগ্য যে,তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিং যোৱা ২৩ ছেপ্টেমবৰৰ পৰা বিশ্ববিদ্যালয়ত অনুপস্থিত৷আনহাতে তেওঁ বিশ্ববিদ্যালয়খনত উপাচাৰ্য হিচাপে যোগাদানৰ আঢ়ৈ বছৰতে ৩৮৮দিন বাহিৰত থকা উপাচাৰ্য সিঙৰ বৰ্তমানৰ অনুপস্থিতি তথা তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত হৈছে যদিও এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট কৰ্তৃত্বশীল কৰ্তৃপক্ষই৷

বিশ্ববিদ্যালয়খনত অব্যাহত পৰিস্থিতিৰ বিষয়ে আলোচনা কৰাৰ তথা পৰ্যবেক্ষণ কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা বিগত এমাহৰ অধিক কাল গ্ৰহণ নকৰাটোৱে ইয়াৰ আঁৰত উপাচাৰ্য সিঙে সততে তেওঁৰ ৰাজনৈতিক যোগসূত্ৰৰ বিষয়ে জাহিৰ কৰি অহা বিষয়টোৱেও ক্ৰিয়া কৰিছে নেকি বুলি এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷

উল্লেখযোগ্য যে, একমাত্ৰ ৰাজনৈতিক কাৰণতে শম্ভুনাথ সিঙক তেজপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য হিচাপে নিযুক্তি দিয়া বুলি চৰ্চিত হৈ অহাৰ লগতে তেওঁৰ কাৰ্যকালত সংঘটিত হোৱা বুলি অভিযোগ উঠা বহু দুৰ্নীতি অনিয়মৰ অভিযোগৰ বিৰুদ্ধে প্ৰকৃততে চিবিআই ৰ তদন্ত হ’ব লাগে বুলিও চৰ্চিত হৈছে৷

কিন্তু এই এমাহে এইদৰে আন্দোলন চলি থকা সত্বেও দেশৰ গুৰুত্বপূৰ্ণ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণ কেন্দ্ৰটোকলৈ সংশ্লিষ্ট কৰ্তৃপক্ষই বিশেষ গুৰুত্ব নিদিয়াকলৈ বিভিন্ন মহলে আশ্বৰ্য প্ৰকাশ কৰিছে৷

আনহাতে,যুগস্ৰষ্টা শিল্পী জুবিন গাৰ্গৰ প্ৰতি উপযুক্ত সন্মান প্ৰদৰ্শনৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ ক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয় প্ৰশাসনে প্ৰদৰ্শন কৰা উপেক্ষাৰ বিৰুদ্ধে প্ৰথমে ছাত্ৰসমাজ জাঙুৰ খাই উঠাৰ পিচত এই সন্দৰ্ভত শোণিতপুৰ প্ৰশাসনে কৰা তদন্তৰ প্ৰতিবেদন দাখিল কৰা হৈছে আৰু এই প্ৰতিবেদনত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ ক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয় প্ৰশাসনৰ খেলিমেলিৰ বিষয়েও উল্লেখ কৰা বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!