অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

FILM DIRECTOR: বিশিষ্ট নাট্যকাৰ, চলচিত্ৰ পৰিচালক সুৰেন্দ্ৰ কুমাৰ মেধিৰ বিয়োগ

Spread the love

বিশিষ্ট নাট্যকাৰ, চলচিত্ৰ পৰিচালক সুৰেন্দ্ৰ কুমাৰ মেধিৰ বিয়োগ

DD TIMES গুৱাহাটী, ২৮ অক্টোবৰঃ অসমৰ বিশিষ্ট নাট্যকাৰ, চলচিত্ৰ পৰিচালক, সাহিত্যিক, দেৱদামোদৰীয় সম্প্ৰদায় গৌৰৱ সন্মান প্ৰাপক সুৰেন্দ্ৰ কুমাৰ মেধি (৭৮)ৰ আজি(২৮ অক্টোৱৰ) পুৱা প্ৰায় ৮:০০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে।

তেখেত বহু দিন ধৰি বৃক্ক জনিত ৰোগত ভুগি থকাৰ লগতে যোৱা ২৬ অক্টোৱৰত বাসগৃহতে এটি দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈছিল।

অসম পুৰাতত্ত্ব সঞ্চালকালয়ত কৰ্মজীৱন সমাপন কৰা নাট্যকাৰজনে অৱসৰৰ পিছত কিছুদিনৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতো সেৱা আগবঢ়াইছিল।

মৃত্যুপৰ্যন্ত ১৮খন পূৰ্ণাংগ নাট, চাৰিখন কবিতাপুথি, সাতখন বুৰঞ্জী গ্ৰন্থ ৰচনা কৰি গৈছে সুৰেন্দ্ৰ কুমাৰ মেধিয়ে।

মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ গৱেষণা উপ-সংঘাধিকাৰ তথা গুৱাহাটীবাসী বজালী সমাজৰ কাৰ্যকৰী সভাপতি মেধিৰ নশ্বৰদেহ চিকিৎসালয়ৰ পৰা গুৱাহাটীৰ জাপৰিগোগস্থিত বাসগৃহলৈ লৈ অহাৰ পিছতে মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ মুখ্য সাংগঠনিক কাৰ্যাধিকৰ্তা হৰ্ষবৰ্দ্ধন কাশ্যপ, সংঘৰ কামৰূপ জিলা সমিতিৰ সংঘাধিকাৰ ৰাজেন মজুমদাৰ, সহঃসংঘাতিকৰ্তা মহেশ চন্দ্ৰ ডেকা, গুৱাহাটীবাসী বজালী সমাজৰ সম্পাদক কন্দৰ্প শৰ্মা, যুটীয়া সম্পাদক সুভাষ পাটগিৰী, স্থানীয় পাৰিষদ উৎপল মহন্তকে আদি কৰি বহু দ’ল-সংগঠন আৰু শতাধিক শুভাকাংশীয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

গৱেষক সাহিত্যিক গৰাকীৰ মৃত্যুত হয়গ্ৰীৱ-জগন্নাথ মন্দিৰ নিৰ্মাণ সমিতি, দেৱদামোদৰ সংঘৰ কামৰূপ মহানগৰ সমিতি আদি দ’ল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।

মৃত্যুৰ সময়ত তেখেতে পত্নী, এগৰাকী পুত্ৰ-বোৱাৰী, এগৰাকী জী-জোৱাই আৰু নাতি-নাতিনী ইহসংঘাৰত এৰি যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!