অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ROI ROI BINALE: ‘ৰৈ ৰৈ বিনালে’ক জিএছটিৰ আওতাৰ পৰা আঁতৰাই ৰাখিবলৈ আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ

Spread the love

‘ৰৈ ৰৈ বিনালে’ক জিএছটিৰ আওতাৰ পৰা আঁতৰাই ৰাখিবলৈ আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ
হঠাৎ মুখ্যমন্ত্ৰীয়ে ৮৩ৰ তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰিব বিচাৰিছে কিয় বুলি প্ৰশ্ন ৰিপুন বৰাৰ

DD TIMES গুৱাহাটী, ২৭ অক্টোবৰঃ নিৰ্বাচন আয়োগে অসমত ভোটাৰ তালিকা সংশোধনৰ নামত ব্যাপক হাৰত ভোট কৰ্তন কৰি ৰাজনৈতিকভাৱে কোনোবা দলক সহায় কৰিব বিচাৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ইয়াৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টি কৰিব।

ইতিমধ্যে বিষয়টো পৰ্যালোচনা কৰিবলৈ দলে ব্যাপক হাৰত সাংগঠনিক স্থিতি শক্তিশালী কৰিছে। এই অনুযায়ী ২৯ হাজাৰ বুথ লেভেল এজেণ্ট (বিএলএ)ক প্ৰশিক্ষণ প্ৰদান কৰি এছআইআৰ হ’লে কিধৰণে কাম কৰিব লাগিব সেই বিষয়ে সবিশেষ বুজাই দিয়া হৈছে।

অসমত এছআইআৰৰ কাম নহয় বুলি আজি নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ পিছতো অসম প্ৰদেশ কংগ্ৰেছ কমিটি সচেষ্ট আৰু সক্ৰিয় হৈ থাকিব।

প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই আজি সাংবাদিকৰে হোৱা মুখামুখিত আজি এইদৰে কয়।

ৰাজ্যসভাৰ প্ৰাক্তন সাংসদজনে লগতে কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ১৯৮৩ চনৰ নেলী কাণ্ডৰ প্ৰতিবেদন দাখিল কৰিব বিচৰাতো অত্যন্ত ৰহস্যজনক।

এই প্ৰতিবেদনখনত কি আছে আমি গম পোৱা নাই যদিও বিজেপি চৰকাৰে ২০১৬ চনৰ পৰা ২০২১ চনলৈকে সৰ্বানন্দ সোণোৱালৰ দিনত আৰু বৰ্তমান ২০২১ৰ পৰা ২০২৫ চনলৈকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত এই প্ৰতিবেদনখন ইমানদিনে ৰাজহুৱা নকৰি বৰ্তমান কি কাৰণত বিষয়টো উত্থাপন কৰিবলগীয়া হ’ল বুলি বৰাই প্ৰশ্ন উত্থাপন কৰে।

সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যত তিৱাৰী আয়োগৰ প্ৰতিবেদনখন বিধানসভাত দাখিল কৰা হ’ব নেকি বুলি প্ৰশ্ন কৰি বৰাই কয় যে এই প্ৰতিবেদনখন এজন আমোলাৰ দ্বাৰা গঠিত আয়োগে প্ৰস্তুত কৰিছিল আৰু সেইখন ন্যায়িক অথবা অৰ্ধন্যায়িক আয়োগ নহয়।

আমোলাক লৈ গঠন হোৱা প্ৰতিবেদনখনক লৈ দ্বিমত থকাৰ বাবেই হয়তো দীৰ্ঘদিন ধৰি বিষয়টো ৰাজহুৱা হ’বলৈ দিয়া নাছিল।

কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু-মুছলমানৰ ৰাজনীতি কৰি সমাজত ঐক্য-সংহতিৰ বিভাজন আনিবলৈ বিচৰাৰ অংশ হিচাপে এই প্ৰতিবেদনখন বিধানসভাত দাখিল কৰিব বিচাৰিছে।

বৰাই কয়, এইখন শংকৰ-আজানৰ দেশ আৰু অসমৰ মানুহে হিন্দু-মুছলমানৰ ৰাজনীতি কেতিয়াও গুৰুত্ব নিদিয়ে।

বৰাই প্ৰসংগক্ৰমে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেহতীয়া ছবি ৰৈ ৰৈ বিনালে কংগ্ৰেছ কৰ্মীসকলক চাবলৈ অনুৰোধ কৰাৰ বিষয়টোও উত্থাপন কৰে।

এই ছবিখনক জিএছটিৰ আওতাৰ পৰা আঁতৰাই ৰাখিবলৈকো মুখ্যমন্ত্ৰীলৈকে সাংসদ গৌৰৱ গগৈয়ে পত্ৰ লিখা বিষয়টোও বৰাই উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!