অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

MODERN BUSKETBALL: কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলত প্ৰথম অ’পেন নৰ্থ-ইষ্ট ৫x৫ স্কুল এণ্ড ক্লাব বাস্কেটবল প্ৰতিযোগিতা ২০২৫

Spread the love

কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলত সফলতাৰে সম্পন্ন প্ৰথম অ’পেন নৰ্থ-ইষ্ট ৫x৫ স্কুল এণ্ড ক্লাব বাস্কেটবল প্ৰতিযোগিতা ২০২৫

DD TIMES গুৱাহাটী, ২৭ অক্টোবৰ, ২০২৫ঃ গুৱাহাটীৰ কাহিলীপাৰাস্থিত শিক্ষা প্ৰতিষ্ঠান মডাৰ্ণ ইংলিছ স্কুলত আয়োজিত প্ৰথমখন অ’পেন নৰ্থ-ইষ্ট ৫x৫ স্কুল এণ্ড ক্লাব বাস্কেটবল প্ৰতিযোগিতা ২০২৫ৰ দেওবাৰে সফলতাৰে সামৰণি পৰে। ২৪ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ মডাৰ্ণ স্কুল অৱ লেংগুৱেজ, স্প’ৰ্টছ এণ্ড পাৰফৰ্মিং আৰ্টছৰ উদ্যোগত অনুষ্ঠিত হোৱা তিনিদিনীয়া প্ৰতিযোগিতাখনত উত্তৰ-পূব ভাৰতৰ বিভিন্ন প্ৰান্তৰ শ্ৰেষ্ঠ বাস্কেটবল প্ৰতিভাসকলে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, এই প্ৰতিযোগিতাখন মূল চাৰিটা শাখাত অনুষ্ঠিত হয়- আন্তঃবিদ্যালয় ১৯ বছৰ অনুৰ্দ্ধ ল’ৰা, আন্তঃবিদ্যালয় ১৯ বছৰ অনুৰ্দ্ধ ছোৱালী, ক্লাব অ’পেন (পুৰুষ), আৰু ক্লাব অ’পেন (মহিলা)। আটাইকেইখন খেল আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত ৫x৫ বাস্কেটবল ফৰ্মেটত অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনিত ধেমাজি, যোৰহাট, ডিমা হাচাও, শ্বিলং, গুৱাহাটী আৰু তিনিচুকীয়াৰ দলকে ধৰি মুঠ ২৫টা দলে অংশগ্ৰহণ কৰে।


প্ৰতিযোগিতাৰ বিজয়ীসকল তলত দিয়া ধৰণৰ-
• আন্তঃবিদ্যালয় ১৯ বছৰ অনুৰ্দ্ধ ল’ৰাৰ চেম্পিয়নঃ ছেইণ্ট ফ্ৰান্সিছ ডি চেলছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, ধেমাজি
• আন্তঃবিদ্যালয় ১৯ বছৰ অনুৰ্দ্ধ ছোৱালীৰ চেম্পিয়নঃ ছেইণ্ট মেৰী’ছ হায়াৰ ছেকেণ্ডাৰী স্কুল, শ্বিলং
• ক্লাব অ’পেন (পুৰুষ) চেম্পিয়নঃ হেঙেৰাবাৰী বাস্কেটবল ক্লাব, গুৱাহাটী
• ক্লাব অ’পেন (মহিলা) চেম্পিয়নঃ ডি’ৰেভেজাৰ্ছ ক্লাব, গুৱাহাটী

মডাৰ্ণ ইংলিছ স্কুলৰ সাংগঠনিক সম্পাদক অভিজিৎ গগৈয়ে কয়, “উত্তৰ-পূবৰ বিভিন্ন বিদ্যালয় আৰু ক্লাবৰ পৰা পোৱা সঁহাৰি অতি উৎসাহজনক আছিল। আমাৰ লক্ষ্য আছিল স্কুল আৰু ক্লাব পৰ্যায়ৰ বাস্কেটবলৰ মাজত এখন সেতু নিৰ্মাণ কৰা আৰু যুৱ খেলুৱৈসকলক খেলৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলা। এই সহযোগিতাৰ বাবে আমি সকলো দল, ৰেফাৰী আৰু অসম বাস্কেটবল এছ’চিয়েশ্যনক ধন্যবাদ জনাইছো।”

লক্ষ্যণীয়ভাৱে, অসমৰ স্কুল আৰু ক্লাব পৰ্যায়ত পেছাদাৰী বাস্কেটবলৰ প্ৰসাৰৰ দিশত এক ঐতিহাসিক পদক্ষেপ হিচাপে বিবেচিত হৈছে প্ৰথম অ’পেন নৰ্থ-ইষ্ট ৫x৫ বাস্কেটবল প্ৰতিযোগিতা ২০২৫।

শিক্ষাৰ লগতে ক্ৰীড়া আৰু পৰিবেশন কলাকো সমানে গুৰুত্ব প্ৰদান কৰি এই পদক্ষেপে মডাৰ্ণ ইংলিছ স্কুলৰ দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰিছে।


Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!