ASSAM BOOK FAIR: অসম গ্ৰন্থমেলা, বঙাইগাঁৱত শিশুৰ দিন উদযাপন
অসম গ্ৰন্থমেলা , বঙাইগাঁৱত শিশুৰ দিন উদযাপন
শিশুসকল সৰগৰ ফুলঃ মৃদুল কুমাৰ দাস

DD TIMES বঙাইগাঁও, ২৬ অক্টোবৰঃ ভাষা-সাহিত্য, সংস্কৃতি-ইতিহাস আদি ভিন্ন বিষয়ৰ চৰ্চাৰে আকৰ্ষণীয় হৈ পৰা অসম গ্ৰন্থমেলা, বঙাইগাঁৱত আজি শিশুৰ দিন উদযাপন কৰা হয় ৷ পুৱা ৯-৩০ বজাত শিশুৰ দিনৰ কাৰ্যসূচী উদ্বোধন কৰে বিশিষ্ট শিশু সাহিত্যিক মৃদুল কুমাৰ দাস ৷

তেওঁ শিশুসকলক সৰগৰ ফুল বুলি অভিহিত কৰি প্ৰতিটো শিশুৱে জন্মলগ্নতে লৈ অহা প্ৰতিভাৰ বিকাশৰ বাবে সুস্থ বাতাৱৰণ গঢ়ি তোলাটো সকলোৰে নৈতিক দায়িত্ব বুলি কয় ৷

ইয়াৰ পাছতে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ইয়াৰ ঐতিহ্যমণ্ডিত গান্ধী ময়দানত আঠদিনীয়াকৈ আয়োজন কৰা গ্ৰন্থমেলাৰ আজি পঞ্চমদিনা শিশুসকলৰ মাজত চিত্ৰাংকণ আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷

চিত্ৰাংকণ প্ৰতিয়োগিতাৰ ‘ক‘ শাখাত তৃষা দে’ই প্ৰথম, পৰিমিতা চৌধুৰীয়ে দ্বিতীয় আৰু ৰিয়ান্স কৰ্মকাৰে তৃতীয় স্থাল লাভ কৰিছে ৷

ইয়াত উদগনি বঁটা লাভ কৰিছে বিবেক ৰয়, নিয়ন বেনাৰ্জী আৰু তন্ভি হকে ৷ ‘খ’ শাখাত স্নেহাশিস পুৰকায়স্থই প্ৰথম, অভিপাশা ৰয়ে দ্বিতীয় আৰু দেৱাংক ৰয়ে তৃতীয় স্থান লাভ কৰিছে ৷
ইয়াত উদগনি বঁটা লাভ কৰিছে দীক্ষা শৰ্মা, কৌশানী চৌধুৰী, আদিত্য কুমাৰ শৰ্মাই ৷ ‘গ’ শাখাত ৰিমি মণ্ডলে প্ৰথম, লাভলী ৰয়ে দ্বিতীয় আৰু শ্ৰেয়া নাথে তৃতীয় স্থান লাভ কৰিছে ৷ ইয়াত উদগনি বঁটা লাভ কৰিছে টানিষ্ক ৰয়, ড’লি মণ্ডল, হীনাশ্ৰী ৰয়ে ৷
কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ‘ক‘ শাখাত দেৱস্তুতি ৰূপম নাথে প্ৰথম, উৰ্ভিল সুশীল দাসে দ্বিতীয় আৰু জিজ্ঞাসা তালুকদাৰে তৃতীয় স্থান লাভ কৰিছে ৷
ইয়াত উদগনি বঁটা লাভ কৰিছে ঋষিতা চৌধুৰী, জোনাক দাস, প্ৰিয়াক্ষী দাসে ৷ ‘খ’ শাখাত জ্যোতিস্মিতা ৰায়ে প্ৰথম, লাভলী ৰয়ে দ্বিতীয় আৰু শুভাংগী সিন্হাই তৃতীয় স্থান লাভ কৰিছে ৷ ইয়াত উদগনি বঁটা লাভ কৰিছে টানিষ্ক ৰয় আৰু প্ৰতিষ্ঠা আৰ্যই ৷
বিয়লি ২ বজাৰ পৰা গ্ৰন্থমেলা প্ৰাংগণত সমুজ্জ্বল ভৰদ্বাজৰ পৰিচালনাৰে অনুষ্ঠিত হয় মুকলি কুইজ প্ৰতিযোগিতা ৷ ইপিনে সন্ধিয়াৰ সাংস্কৃতিক প্ৰতিযোগিতাত আজি অংশগ্ৰহণ কৰে বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, লিটিল ফ্লাৱাৰ স্কুল আৰু অভয়াপুৰি মহাবিদ্যালয়ে ৷

