SRIMANTA SANKARDEV: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আইলক্ষ্মী আঞ্চলিক শাখাৰ যুৱ-শিশু আৰু আইমাতৃ সমাৰোহ
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আইলক্ষ্মী আঞ্চলিক শাখাৰ যুৱ-শিশু আৰু আইমাতৃ সমাৰোহৰ সামৰণি
এটা জাতি শক্তিশালী হ’বলৈ যুৱ প্ৰজন্ম শক্তিশালী হ’ব লাগিবঃ বিধায়ক শশীকান্ত দাস
DD TIMES নগাঁও, ২৬ অক্টোবৰঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ অন্তৰ্গত আইলক্ষ্মী আঞ্চলিক শাখাৰ যুৱ-শিশু আৰু আইমাতৃ সমাৰোহখনি আজি দিনজোৰা কাৰ্যসূচীৰে হাতীচোং কমাৰচুকৰ ৰাজহুৱা ভৱনত সফল সামৰণি পৰে।

পুৱা প্ৰাতঃপ্ৰসংগ,স্বচ্ছ অভিযান, ধৰ্ম ধ্বজা উত্তোলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।
পুৱা প্ৰাতঃ প্ৰসংগ কৰে জিলা শাখাৰ সদস্য ৰাণা প্ৰতাপ দাসে, চাফাই অভিযান শুভাৰম্ভ কৰে আইলক্ষ্মী আঞ্চলিক শাখাৰ প্ৰাক্তন সম্পাদক বাবুল চন্দ্ৰ মেধিয়ে, ধৰ্ম ধ্বজা উত্তোলন কৰে আইলক্ষ্মী আঞ্চলিক শাখাৰ সভাপতি ফনীন্দ্ৰ বৰাই আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে আদৰণি সমিতিৰ উপ সভাপতি নীলকান্ত বনিয়াই।

ইয়াৰ পাছতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কমাৰচুক প্ৰাথমিক শাখাৰ আইমাতৃ সকলে এটি দিহা নামেৰে আজি এই সমাৰোহৰ কাৰ্যসূচী শুভাৰম্ভ কৰে।
সমাৰোহখনি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মূলৰ সদস্য গোবিন চন্দ্ৰ দাসে।
যুৱ শিশু আৰু আইমাতৃ সমাৰোহৰ সভানেত্ৰী লিলি কোঁৱৰৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সমাৰোহখনিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহন কৰি ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে এখন সমাজ আৰু এটা জাতি শক্তিশালী হ’বলৈ যুৱ প্ৰজন্ম শক্তিশালী হ’ব লাগিব বুলি উল্লেখ কৰি কয় যে,আমি গুৰুজনাৰ আদৰ্শৰে আগবাঢ়ি যাব লাগিব।

সমাৰোহত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ সভাপতি চেনাৰাম ডেকা,শৰণ সদস্য উমা হাজৰিকা, প্ৰাক্তন মূলৰ সদস্য ৰুদ্ৰ শইকীয়া,হৰিদাস ৰাজকুমাৰ, নগাঁও জিলা শাখাৰ সহকাৰী সম্পাদক দিপাংকৰ বৰদলৈ, জিলা সদস্য অজিত ভূঞা, ঘন বৰুৱা, কৃষ্ণ বৰা, আইলক্ষ্মী আঞ্চলিক শাখাৰ যুৱ শিশু সমাৰোহৰ সম্পাদিকা অঞ্জু বনিয়া, গুৱাহাটী মহানগৰ জিলা শাখাৰ ৰূপনগৰ নামঘৰ বিষয়ববীয়া যোগেশ্বৰ দাস আদিক উপস্থিত থাকে।
ইয়াৰ পাছতে যুৱ শিশু আৰু আইমাতৃ সমাৰোহৰ মূল কাৰ্যসূচী সংস্কৃতি আৰু সাহিত্য শাখাৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়।
সমাৰোহত শঙ্কৰী বাদ্য,শঙ্কৰী নৃত্য,লোক সংগীত প্ৰতিযোগিতাত শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ অন্তৰ্গত আইলক্ষ্মী আঞ্চলিক শাখাৰ কমাৰচুক প্ৰাথমিক শাখা, মেধিচুক প্ৰাথমিক শাখা, সোণাৰীগাঁও প্ৰাথমিক শাখা, ৰজাগাঁও ১নং প্ৰাথমিক শাখা,ৰজাগাঁও ২নং প্ৰাথমিক শাখা আৰু মাধৱদেৱে প্ৰাথমিক শাখাৰ আতিথ্যত অনুষ্ঠিত হোৱা এই শিশু-যুৱ আৰু আইমাতৃ সমাৰোহখনি দুই সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে।
সমাৰোহখনি সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে সকলোকে আদৰণি সমিতিৰ সভাপতি ভাস্কৰজ্যোতি মেধি আৰু সম্পাদক অভিজিৎ দাসে কৃতজ্ঞতা জ্ঞাপন কৰিছে।

