AHOM ASSOCIATION: চৰকাৰ-প্ৰশাসনৰ অৱহেলাত নিঃশেষ হোৱাৰ পথত ঐতিহাসিক হাবুং ৰাজ্যৰ পুৰাতাত্বিক সমলৰ স্থান
চৰকাৰ-প্ৰশাসনৰ অৱহেলাত নি:শেষ হোৱাৰ পথত ঐতিহাসিক হাবুং ৰাজ্যৰ পুৰাতাত্বিক সমলৰ স্থান
সংৰক্ষণৰ বাবে স্মাৰকপত্ৰ উদ্বিগ্ন আহোম সভাৰ
তথাপিও গুৰুত্ব নাই ঢকুৱাখনা সমজিলা প্ৰশাসনৰ
DD TIMES ঢকুৱাখনা, ২৫ অক্টোবৰঃ বুৰঞ্জীৰ তথ্যমতে ১০১২ খ্ৰীষ্টাব্দৰ আগৰে পৰাই ঐতিহাসিক হাবুঙত পাল ৰাজবংশৰ ৰাজত্ব আছিল।

তাৰ পিছৰ সময়ত কছাৰী, চুতীয়া, ভূঞা, কোঁচ আৰু আহোম ইত্যাদি জাতিয়ে ৰাজত্ব কৰিছিল বৰ্তমানৰ ঢকুৱাখনা সমজিলাৰ বিস্তৃত এলেকাত। উল্লেখ্য যে বৰ্তমানৰ ধেমাজি জিলাৰ পশ্চিম অংশ আৰু লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাক সামৰিয়ে অতীজৰ হাবুং ৰাজ্য আছিল ঐশ্বৰ্যৰ ভঁড়াল।
হাবুঙৰ হাজাৰ বছৰীয়া ঐতিহ্যৰ কিছু চিহ্নৰূপে এতিয়াও ঢকুৱাখনা মহকুমাৰ বিভিন্ন ঠাইত অনেক- গড়, যুদ্ধৰ কোঠ, পুৰণি পুখুৰী, মৈদাম, ভেটি, ৰজাদিনীয়া বহু পুৰণি সত্ৰ দ’ল,দেৱালয়ৰ ভগ্নাৱশেষ অৱহেলিত হৈ পৰি আছে চৰকাৰৰ, প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে।

বিগত সময় ছোৱাত ঢকুৱাখনাৰ এনে ঠাইবোৰত খেতিৰ বাবে মাটি চহাওতে আৰু ওখ ভেটি, পুখুৰী আদিৰ মাটি কাটি ট্ৰেক্টৰেৰে নিওতে বহু পুৰাতাত্বিক সমল
উদ্ধাৰ হৈছে।
শেহতীয়াকৈ ঐতিহাসিক হাবুঙৰ সাৰ্হি(হাৰ্হি)মুখৰ চাপৰিত ১৫৬৩ চনত হোৱা কোঁচ আৰু আহোমৰ মাজত চলা যুদ্ধত আহোম সেনাপতিয়ে ব্যৱহাৰ কৰা বুলি অনুমান কৰা এখন ‘নাকৈ দা’ উদ্ধাৰ হৈছে পশ্চিম ঢকুৱাখনা অঞ্চলত।
তদুপৰি পশ্চিম ঢকুৱাখনা অঞ্চলতে বহুকেইটা পুৰণি মৈদামৰো অৱস্থিতি পোৱা গৈছে। কিন্তু গুৰুত্বপূৰ্ণ কথা যে ঢকুৱাখনাৰ বহুতো ঠাইত হাবুঙৰ ঐতিহ্য চিহ্নিত কৰা পুৰাতাত্বিক সমল থকা পুখুৰী, ভেটি, গড়, মৈদাম আদি বেদখলৰ ফলত ধ্বংসৰ গৰাহত পৰিছে। এই কথাত উদ্বিগ্নতা প্ৰকাশ কৰিছে সদৌ অসম আহোম সভাৰ লখিমপুৰ জিলা সমিতিয়ে।
জিলা সমিতিৰ সাধাৰণ সম্পাদক সুৰজ বৰুৱাই যোৱা ২১ অক্টোবৰতে সমগ্ৰ বিষয়টো ঢকুৱাখনা সমজিলা প্ৰশাসনক অৱগত কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল ঢকুৱাখনাৰ বিভিন্ন ঠাইত থকা পুৰাতাত্বিক সমলৰ ঠাইবোৰ সংৰক্ষণ কৰিবলৈ।
কিন্তু আজিপৰ্যন্ত ঢকুৱাখনা সমজিলা প্ৰশাসনে বিষয়টোৰ সন্দৰ্ভত প্ৰাথমিক তদন্তৰো ব্যৱস্থা নকৰিলে।

