NFR BOXING COMPITITION 2025: উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সৰ্বভাৰতীয় আন্তঃৰে’লৱে বক্সিং চেম্পিয়নশ্বিপ
উত্তৰ-পূব সীমান্ত ৰে’লৱেই ২০২৫ চনত ৭৯তম পুৰুষ আৰু ১৮তম মহিলা সৰ্বভাৰতীয় আন্তঃৰে’লৱে বক্সিং চেম্পিয়নশ্বিপৰ আয়োজন

DD TIMES মালিগাঁও, ২৪ অক্টোবৰ, ২০২৫ঃ ৭৯তম পুৰুষ আৰু ১৮তম মহিলা সৰ্বভাৰতীয় আন্তঃৰে’লৱে বক্সিং চেম্পিয়নশ্বিপ ২৪ অক্টোবৰৰ পৰা ২৭ অক্টোবৰ, ২০২৫ লৈ মালিগাঁৱস্থিত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বক্সিং ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে।
এই বহু প্ৰতীক্ষিত ক্ৰীড়া কাৰ্যসূচীটো উত্তৰ-পূব সীমান্ত ৰে’লৱে ক্ৰীড়া সংস্থাৰ দ্বাৰা মালিগাঁৱস্থিত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ বক্সিং ষ্টেডিয়ামত আয়োজন কৰা হৈছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে এই ৰেলৱেৰ অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গ আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই চেম্পিয়নশ্বিপৰ উদ্বোধন কৰে।
এই ক্ৰীড়া কাৰ্যসূচীটোত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান বক্সাৰসকলে শীৰ্ষ স্থান লাভৰ লক্ষ্যৰ বাবে তীব্ৰ প্ৰতিযোগিতাৰে উত্তেজনাপূৰ্ণ খেল আৰু ক্ৰীড়া মনোভাৱেৰে উজ্জ্বল প্ৰদৰ্শন দেখা পাব বুলি আশা কৰা হৈছে।
এই চেম্পিয়নশ্বিপত মুঠ ১৪০ জন পুৰুষ আৰু মহিলা বক্সাৰৰ লগতে প্ৰায় ৫০ জন ব’ৰ্ডৰ কৰ্তৃপক্ষই অংশগ্ৰহণ কৰিব।
অংশগ্ৰহণকাৰীসকল ভাৰতীয় ৰে’লৱেৰ ১৪টা সংমণ্ডলৰ পৰা প্ৰতিনিধিত্ব কৰিব, যেনে- উত্তৰ-পূব সীমান্ত ৰে’লৱে (এনএফআৰ), চিত্তৰঞ্জন লোকোমোটিভ ৱৰ্কছ (চিএলডব্লিউ), উত্তৰ-পশ্চিম ৰে’লৱে (এনডব্লিউআৰ), দক্ষিণ-পূব ৰে’লৱে (এছইআৰ), দক্ষিণ-পূব মধ্য ৰে’লৱে (এছইচিআৰ), ইষ্ট কোষ্ট ৰে’লৱে (ইচিঅ’ আৰ), উত্তৰ-মধ্য ৰে’লৱে (এনচিআৰ), দক্ষিণ-মধ্য ৰে’লৱে (এছচিআৰ), উত্তৰ ৰে’লৱে (এনআৰ), উত্তৰ-পূব ৰে’লৱে (এনইআৰ), পূব ৰে’লৱে (ইআৰ), দক্ষিণ ৰে’লৱে (এছআৰ) আৰু মধ্য ৰে’লৱে (চিআৰ)।
এই অনুষ্ঠানটো ৰে’লৱেৰ পৰিয়ালৰ ভিতৰত থকা প্ৰতিভাবান বক্সাৰসকলক চিনাক্তকৰণ আৰু প্ৰশিক্ষণ দিয়াৰ এটা গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব, লগতে ভাৰতীয় ৰে’লৱেৰ কৰ্মীসকলৰ মাজত ক্ৰীড়া আৰু স্বাস্থ্য প্ৰচাৰৰ প্ৰতি থকা দায়বদ্ধতাক পুনৰ দৃঢ় কৰি তুলিব।
উত্তৰ-পূব সীমান্ত ৰেলৱেই এই প্ৰতিষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠানৰ আয়োজন কৰি গৌৰৱান্বিত আৰু ২০২৫ চনৰ চেম্পিয়নশ্বিপৰ বাবে মালিগাঁৱস্থিত উত্তৰ-পূব সীমান্ত ৰেলৱে ক্ৰীড়া সংস্থাৰ সকলো খেলুৱৈ, প্ৰশিক্ষক আৰু বিষয়াবৰ্গক উষ্ম আদৰণি জনাইছে।
উত্তৰ-পূব সীমান্ত ৰেলৱে ক্ৰীড়া সংস্থাৰ লক্ষ্য হৈছে এক উৎকৃষ্ট মানদণ্ড উন্নত কৰি সকলো অংশগ্ৰহণকাৰীৰ বাবে এক উত্তেজনাপূৰ্ণ আৰু প্ৰতিযোগিতামূলক ক্ৰীড়া পৰিৱেশ প্ৰদান কৰা।

