অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ASSAM CABINET MEETING: অসম কেবিনেট বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

Spread the love

অসম কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ
৪ লাখ চাহ জনজাতি লোকক মাটিৰ পট্টা প্ৰদানৰ সিদ্ধান্ত, শিক্ষকৰ বদলিৰ ক্ষেত্রত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ


DD TIMES গুৱাহাটী, ২৩ অক্টোবৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি দিছপুৰত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক।

কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

উক্ত সংবাদমেলত কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে বিৱৰি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

কেবিনেট বৈঠকত ৪ লাখ চাহ জনজাতি লোকক মাটিৰ পট্টা প্ৰদান, শিক্ষকৰ বদলিকে ধৰি কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি শিক্ষয়িত্রীসকলে ১০ বছৰৰ পৰিৱৰ্তে ৫ বছৰত বদলিৰ আবেদন কৰিব পাৰিব শিক্ষকসকলে ১০ বছৰৰ পৰিৱৰ্তে ৭ বছৰৰ পিছত বদলিৰ আবেদন কৰিব পাৰিব। আজি কেবিনেট বৈঠকৰ মূল সিধান্তসমূহ হৈছে এনেধৰণৰঃ-


২৫ নবেম্বৰৰ পৰা অনুষ্ঠিত হব বিধানসভাৰ অধিৱেশন। অধিৱেশনত উত্থাপন হ’বলগীয়া বিধেয়কক লৈ আলোচনা কৰা হয় কেবিনেট বৈঠকত।

শিক্ষকৰ বদলিৰ ক্ষেত্রত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। সেইমৰ্মে শিক্ষয়িত্রীসকলে ১০ বছৰৰ পৰিৱৰ্তে ৫ বছৰত বদলিৰ আবেদন কৰিব পাৰিব। শিক্ষকসকলে ১০ বছৰৰ পৰিৱৰ্তে ৭ বছৰৰ পিছত বদলিৰ আবেদন কৰিব পাৰিব।

জনজাতি, চাহ জনজাতি, মৰাণ আৰু মটকৰ ক্ষেত্রত বিশেষ সিদ্ধান্তঃ জনসংখ্যা নীতিৰ আওতাৰ পৰা এই সকল লোকক বাহিৰত ৰখা হ’ব।চাহ জনগোষ্ঠীৰ লোকক মাটিৰ পট্টা দিয়াক লৈ আলোচনা কৰা হয়।

২.৯০ লাখ বিঘা ভূমি চাহ জনজাতি লোকক বিতৰণ কৰিব পৰা যাব। ৪ লাখ পৰিয়ালে এই ভূমি পাবলৈ সক্ষম হ’ব বুলি কেবিনেটে সিদ্ধান্ত লয়। কেবিনেটে এই প্রস্তাৱক সমৰ্থন দিয়ে যে ২৫ অক্টোবৰত জিলা উপায়ুক্ত আৰু বিধায়কসকলৰ সৈতে বৈঠক হ’ব।

বৈঠকত সিদ্ধান্ত লোৱা হ’ব একোটা পৰিয়ালক কিমান ভূমি দিয়া হ’ব। ইয়াৰ বাবে ২-৩ নৱেম্বৰত চাহ জনগোষ্ঠীয় সংগঠনৰে আলোচনা হ’ব বুলিও আজিৰ কেবিনেটে সিদ্ধান্ত লয়।

কেবিনেটত সিদ্ধান্ত লোৱা অনুসৰি নেলী নৰসংহাৰৰ তিৱাৰী কমিছনৰ প্রতিবেদন বিধানসভাত দাখিল কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!