অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

TAMULPUR ASSU: বিভিন্ন দল-সংগঠনৰ সহযোগত তামুলপুৰৰ ৰাজপথত তামুলপুৰ আছুৰ ন্যায় সমদল

Spread the love

বিভিন্ন দল-সংগঠনৰ সহযোগত তামুলপুৰৰ ৰাজপথত তামুলপুৰ আছুৰ ন্যায় সমদলঃঃ জুবিন গাৰ্গৰ পৰিয়ালে যেতিয়ালৈকে ন্যায় নাপায় অসমৰ ৰাইজ ক্ষান্ত নহয়, ছাত্ৰ সন্থা ক্ষান্ত নহয়ঃ ডুলুজিৎ দাস


DD TIMES তামুলপুৰ, ২৩ অক্টোবৰঃ অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত আজি তামুলপুৰ জিলা ছাত্ৰ সন্থাই বিভিন্ন দল সংগঠনৰ সহযোগত তামুলপুৰৰ ৰাজপথত এটি দীঘলীয়া ন্যায় সমদল উলিয়ায়৷

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তামুলপুৰৰ ৰাজপথত উলিওৱা এই সমদলটো জুবিন গাৰ্গে কৈশোৰত শিক্ষা গ্ৰহণ কৰা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰম্ভ হৈ প্ৰায় দুই কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ পিছত জুবিনৰ শৈশৱৰ বাস গৃহৰ চৌহদত অন্ত পৰে৷

সমদলকাৰী সকলে সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, তামুলপুৰ জিলা ছাত্ৰ সন্থা জিন্দাবাদ, জুবিন গাৰ্গক ন্যায় দিয়ক, জুবিন গাৰ্গৰ হত্যাকাৰীক ফাচি দিয়ক, we want justice আদি বিভিন্ন শ্লোগান দি তামুলপুৰৰ আকাশ বতাহ কঁপাই তোলে।

আজিৰ এই ন্যায় সমদলত আছুৰ লগতে অসম উন্নতি সভা, অসম সেনা, তামুলপুৰৰ স্থানীয় এবছু, আৰছু, আক্ৰাছু, শৰণীয়া কছাৰী ছাত্ৰ সন্থা, কলিতা আলপাইন জনগোষ্ঠী, মদাহী জনগোষ্ঠী ছাত্ৰ সন্থা, গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থা কুমাৰীকাটা আঞ্চলিক সমিতি, গৰিয়া মৰীয়া দেশী পৰিষদ,তামুলপুৰ আঞ্চলিক যুৱ মঞ্চ,তামুলপুৰ আঞ্চলিক হৰিমন্দিৰ সমিতি, অসম নাট্য সন্মিলন, মণিকুট মহিলা নামদল,নিৰ্মলা মহিলা সমাজ, তামুলপুৰ শাখা সাহিত্য সভাকে ধৰি বিভিন্ন দল সংগঠনে অংশগ্ৰহণ কৰে।

সমদলৰ অন্তত সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদক ডুলুজিৎ দাসে সংবাদ মাধ্যমক কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অসমৰ ৰাইজৰ বুকুত যিকুৰা জুই জ্বলি আছে,এই জুই কুৰা তেতিয়ালৈকে নুনুমায় যেতিয়ালৈকে জুবিনক হত্যা কৰা সেই সকল দোষীক শাস্তি দিয়া নহয় ৷

ছাত্ৰ সন্থাৰ স্পষ্ট কথা যিখন এছ আই টি(SIT) গঠন কৰা হৈছে সেইখন এছ আই টিয়ে পানী নসৰকা ছাৰ্চছিট দাখিল কৰিব লাগিব যাতে দোষীয়ে কোনো সুৰুঙা লৈ সাৰি যাব নোৱাৰে ৷

আৰু তদন্ত নিখুট হব লাগিব বুলিও ছাত্ৰ নেতাজনে চৰকাৰক সকীয়াই দিয়ে ৷ তেওঁ স্পষ্টভাৱে কয় জুবিন গাৰ্গে ন্যায় পাব লাগিব জুবিন গাৰ্গৰ পৰিয়ালে যেতিয়ালৈকে ন্যায় নাপায় অসমৰ ৰাইজ ক্ষান্ত নহয়, ছাত্ৰ সন্থা ক্ষান্ত নহয় ৷

তেওঁ পুণৰ চৰকাৰক সকীয়নি দি কয় জুবিন গাৰ্গৰ মৃত্যুৰ লগত হেতালি নেখেলিব জুবিন গাৰ্গৰ মৃত্যুক সহজ ভাৱে নলব ৷ জুবিন গাৰ্গৰ বিষয়টো কোনো কাৰণতে সহজভাৱে নলব ৷

জুবিনক লৈ যদি হেতালি খেলে জুবিন গাৰ্গৰ তদন্তত,জুবিন গাৰ্গৰ সত্বাক যদি কিবা কাৰণত আঘাট কৰে হিমন্ত বিশ্ব চৰকাৰে, বিজেপি চৰকাৰে তেন্তে কোনো কাৰণতে পৰৱৰ্তী সময়ত চৰকাৰক ৰেহাই দিয়া নহ’ব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!