অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

KALIABOR COLLEGE: কলিয়াবৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ থলুৱা উৎপাদনবজাৰত অচিৰেই উপলব্ধ হ’ব ‘হাৰ্বেল টাচ্’ আৰু ‘আছাম ক্ৰাঞ্চ’

Spread the love

কলিয়াবৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ থলুৱা উৎপাদন
বজাৰত অচিৰেই উপলব্ধ হ’ব ‘হাৰ্বেল টাচ্’ আৰু ‘আছাম ক্ৰাঞ্চ’


DD TIMES কলিয়াবৰ, ২৩ অক্টোবৰঃ কলিয়াবৰ মহাবিদ্যালয়ৰ কেইগৰাকীমান শিক্ষাৰ্থীৰ প্ৰশংসনীয় পদক্ষেপ। অধ্যয়নৰ মাজতে স্বাৱলম্বীতাৰ বাট মুকলি কৰিছে কলিয়াবৰ মহাবিদ্যালয়ৰ কেইগৰাকীমান শিক্ষাৰ্থীয়ে। কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্যমিতা বিকাশ কোষৰ অধীনত কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন সামগ্ৰী প্ৰস্তুত দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।

পাঠ্যপুথিৰ শিক্ষাৰ লগতে শিক্ষাৰ্থীসকলে যাতে ভৱিষ্যতে উৎপাদমুখী কাৰ্যৰ দ্বাৰা নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্যমিতা বিকাশ কোষে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

কলৰ চিপ্‌চ, জৈৱিক চাবোন, থলুৱা সামগ্ৰীৰে বিভিন্ন ধৰণৰ আচাৰ প্ৰস্তুত কৰি বিক্ৰীৰ ব্যৱস্থা কৰিছে শিক্ষাৰ্থীসকলে। বজাৰত উপলব্ধ আলুৰ চিপ্‌চৰ বিপৰীতে ঘৰতে কাচকলৰ চিপ্‌চ প্ৰস্তুত কৰি উন্নত মানৰ পেকেজিঙৰ জৰিয়তে বজাৰত বিক্ৰীৰ বাবে প্ৰস্তুতি চলাইছে মহাবিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ অভিজিৎ মণ্ডলে।

সমান্তৰালকৈ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ মুফাশ্বীৰ আলিয়ে ঘৰতে প্ৰস্তুত কৰিছে ভিন্ন ধৰণৰ জৈৱিক চাবোন। তদুপৰি, মহাবিদ্যালয়খনৰ স্নাতক মহলাৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী ৰিচামনি দাসে প্ৰস্তুত কৰিছে ভিন্ন ধৰণৰ আচাৰ।

কলিয়াবৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ঘৰতে প্ৰস্তুত কৰা সামগ্ৰীসমূহ শীঘ্ৰে উপলব্ধ হ’ব বজাৰত। জখলাবন্ধাকে ধৰি কলিয়াবৰৰ সকলো বাণিজ্যিক স্থানত থলুৱাভাৱে প্ৰস্তুত কৰা সামগ্ৰী সমূহ বিক্ৰীৰ পৰিকল্পনা কৰিছে শিক্ষাৰ্থীসকলে।

শিক্ষাৰ্থীসকলে প্ৰস্তুত কৰা সামগ্ৰীসমূহ অতি কম মূল্যত বজাৰত ক্ৰয় কৰিব পাৰিব আপুনি। অধ্যয়নৰ মাজতে আজৰি সময়ত ম’বাইল চাই সময় নষ্ট নকৰি নিজকে স্বাৱলম্বী কৰি তুলিবৰ বাবে শিক্ষাৰ্থীকেইগৰাকীয়ে গ্ৰহণ কৰা এনে পদক্ষেপক শলাগ লৈছে সকলোৱে।

কেৱল চৰকাৰী চাকৰি এটাৰ পিছতে দৌৰি ফুৰা নিবনুৱা যুৱক-যুৱতীসকলে কলিয়াবৰ মহাবিদ্যালয়ৰ এইকেইগৰাকী শিক্ষাৰ্থীৰ কৰ্মক অনুসৰণ কৰিলে নিশ্চয় উপকৃত হ’ব।

অধ্যয়ন আৰু স্বাৱলম্বন হৈছে শিক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ মাজত থকা গভীৰ সম্পৰ্ক, য’ত অধ্যয়নৰ মাধ্যমেৰে দক্ষতা আৰু জ্ঞান অৰ্জন কৰি নিজৰ ভৰিত থিয় হোৱা অৰ্থাৎ স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত শিক্ষকসকলৰো যথেষ্ট কৰণীয় আছে।

শিক্ষা আৰু উপাৰ্জন দুয়ো দুয়োৰে পৰিপূৰক; শিক্ষাৰ জৰিয়তে ব্যক্তিৰ জ্ঞান, দক্ষতা আৰু ক্ষমতা বাঢ়ে, যিয়ে তেওঁক শ্ৰম বজাৰত লাভজনক উপাৰ্জন কৰিবলৈ সক্ষম কৰে।

ইয়াৰ লগতে, উপাৰ্জনেও ব্যক্তিক উন্নত শিক্ষা গ্ৰহণৰ সুযোগ দিয়ে, যাৰ ফলত তেওঁৰ সামাজিক-আৰ্থিক অৱস্থাৰ উন্নতি হয়। সেই দিশেৰেই আগ বাঢ়িছে কলিয়াবৰ মহাবিদ্যালয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!